অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

ৰ্তমান সমস্যাজৰ্জৰ পৰিস্থিতিৰ সন্মুখীন হৈ মানুহৰ মাজত ভিন্ন প্রশ্নৰ সমাধান নৌ-হওঁতেই আৰু এটা প্ৰশ্ন আহি পৰিছে৷ প্ৰতি বছৰে লাখ লাখ শিক্ষিত যুৱক-যুৱতী স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিৰপৰা শিক্ষা সমাপ্ত কৰিছে। কিন্তু সেই অনুপাতে চাকৰিত নিযুক্তি পাইছে সামান্য এটা অংশইহে। ফলত নিবনুৱা সংখ্যা বৃদ্ধি হৈ আছে। এইদৰে নিবনুৱা সংখ্যা বাঢ়ি গৈ গৈ কেইবা কোটি হৈছেগৈ বুলি ভিন্ন তথ্যত প্ৰকাশ পাইছে।

উচ্চ শিক্ষিত যুৱক-যুৱতীসকলে কৃষক বা শ্রমিক আদি হ’ব নোৱাৰে। তেওঁলোকে শিক্ষা লাভ কৰিছে- সাহিত্য, বুৰঞ্জী, ভূগোল, অংক, অর্থনীতি, ৰাজনীতি, বিজ্ঞান বা বিজ্ঞানৰ কোনো একোটা শাখাত। এইবোৰৰ শিক্ষাই গুণগত মানৰ শিক্ষকহে গঢ়িব পাৰে, কিন্তু কাৰিকৰ গঢ়িব নোৱাৰে। এই ক্ষেত্ৰত মেধা আৰু প্রবৃত্তি অনুসৰি শিক্ষাৰ আৱশ্যকতা আহি পৰিছে৷ যাৰ বাবে কাৰিকৰী শিক্ষাৰ আৱশ্যকতা অতি প্ৰয়োজন হৈ পৰিছে৷ অৰ্থাৎ যি শিক্ষা গ্ৰহণ কৰি মানুহে কোনো চাকৰিৰ বাবে চৰকাৰৰ মুখলৈ বাট চাই নাথাকি নিজৰ ইচ্ছা অনুসাৰে বৃত্তি গ্ৰহণ কৰি জীৱিকা অৰ্জনত সহায়ক হ’ব পাৰে।

প্ৰাথমিক পৰ্যায়ৰপৰাই বৃত্তিমূলক শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ জন্মাবলৈ বুনিয়াদী শিক্ষাৰ ব্যৱস্থা দেশত প্ৰৱৰ্তনৰ প্ৰয়োজন। আজি সকলোৱে উপলব্ধি কৰিছে যে, চৰকাৰী চাকৰীৰ সপোন বাদ দি মানুহ বাস্তৱবাদী হোৱা উচিত। যাব বাবে অভিভাৱকে এতিয়া সন্তানৰ প্ৰতিভা আৰু দক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি সন্তানক বাস্তৱমুখী শিক্ষাৰে শিক্ষিত কৰাৰ কথা বিচাৰ-বিবেচনা কৰিছে।

কিয়নো কাৰিকৰী শিক্ষাৰ দ্বাৰা চাকৰি নকৰাকৈও এজন মানুহে নিজ বৃত্তিৰ সহায়ত জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হয়। স্বাধীনভাৱে কাম কৰি উপাৰ্জনক্ষম হ’ব পাৰে। কাৰিকৰী শিক্ষাই মানুহক বাস্তৱমুখী কৰি তোলে।

10 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly