সম্প্ৰতি ডিজিটেল আৰু টেকন’লজিকেল সময়ছোৱাত প্ৰতিদিনে সকলো মানুহে নিজৰ চাহিদা পূৰণৰ বাবে বজাৰত উপলভ্য হোৱা ভিন্ন ব্ৰেণ্ডৰ সামগ্ৰী ক্ৰয় কৰে৷ গৰমৰ কালছোৱাত বেছিকৈ ব্যৱহাৰ হোৱা বিশেষ ২টা সামগ্ৰী হৈছে ৰেফ্ৰিজাৰেটৰ আৰু এয়াৰ কণ্ডিচন বা চমুকৈ এচি’ৰ ব্যৱহাৰ অতি বেছি৷ সেই অনুপাতে বজাৰত ভিন্ন প্ৰকাৰৰ এই সামগ্ৰী দুবিধ উপলব্ধ হয়৷ গ্ৰাহক এজনে সামগ্ৰীবিধ ক্ৰয় কৰাৰ পৰা ঘৰত ব্যৱহাৰৰ উপযোগী কৰি তোলালৈকে একোজন অপাৰেটৰৰ প্ৰয়োজন হয়৷ প্ৰতিটো কোম্পানীৰ ইনষ্টলেচনৰ পদ্ধতিসমূহো সুকীয়া৷ সেয়ে এই ক্ষেত্ৰত একোজন দক্ষতাসম্পন্ন লোকৰ প্ৰয়োজন বহুত৷ বৰ্তমান প্ৰতিযোগিতামূলক কেৰিয়াৰ গঢ়াৰ সময়ছোৱাত কৰ্মৰ সন্ধানত বহুতেই কাম বিচাৰি বা কেৰিয়াৰৰ পথৰ সন্ধান কৰি থকা দেখা যায়৷ যিকোনো এটা কামৰ বাবে নিজকে দক্ষ কৰি তুলিবলৈ হ’লে একাগ্ৰতাৰে উক্ত বিষয়ৰ সম্পৰ্কে সঠিক জ্ঞানৰো প্ৰয়োজন হয়৷ হাতে কামে কেৰিয়াৰ গঢ়াৰ বাবে ল’ব পৰা এটি নিৰ্বাচিত পাঠ্যক্ৰম হৈছে ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং (RAC) টেকনিচিয়ান৷ এই আই.টি.আই পাঠ্যক্ৰমৰ ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং (RAC) টেকনিচিয়ান পৰা জ্ঞান আহৰণ কৰি মূলত ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং-ত এজন বিশেষজ্ঞ হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰি৷ যিয়ে ঘৰুৱাভাৱে আৰু বাণিজ্যিক উভয়তে ইনষ্টলেচন, চাৰ্ভিছ আৰু মেৰামতিৰ কাম কৰে। লগতে যান্ত্ৰিক বিজুতি বা তাৰ ত্ৰুটি নিৰ্ণয় কৰি সমাধান কৰা, গেছ লিকেজ চিনাক্ত কৰা আৰু ৰেফ্ৰিজাৰেণ্ট গেছ চাৰ্ভিছিং আদি কাম কৰে। সেয়ে ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং (RAC) টেকনিচিয়ান হৈছে এক অত্যন্ত চাহিদাসম্পন্ন বৃত্তিমূলক পেচা বুলিব পাৰি৷
ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং (RAC) টেকনিচিয়ানৰ মুখ্য কামসমূহ এনেধৰণৰ হয়
১৷ স্থাপন (Installation):
স্প্লিট/উইণ্ড’ AC, চেণ্ট্ৰেল কুলিং ব্যৱস্থা, ডিপ ফ্ৰিজাৰ আৰু উদ্যোগিক ৰেফ্ৰিজাৰেচন ইউনিট স্থাপন কৰা।
২৷ ৰক্ষণাবেক্ষণ (Maintenance):
ফিল্টাৰ পৰিষ্কাৰ কৰা, বৈদ্যুতিক সংযোগ পৰীক্ষা কৰা আৰু ব্যৱস্থাৰ কাৰ্যক্ষমতা পৰীক্ষা চলোৱা।
৩৷ সমস্যা সমাধান (Troubleshooting):
কম্প্ৰেছৰৰ ত্ৰুটি চিনাক্ত কৰা, ৰেফ্ৰিজাৰেণ্ট লিকেজ মেৰামতি কৰা আৰু Printed Circuit Board (PCB) ঠিক কৰা।
৪৷ গেছ চাৰ্জিং (Gas Charging):
নিৰাপদভাৱে সামগ্ৰীবিধৰ ভিতৰৰ গেছ খালী কৰি সঠিক ৰেফ্ৰিজাৰেণ্ট পুনৰ ভৰোৱা।
ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং (RAC) টেকনিচিয়ান এজনৰ কেৰিয়াৰ আৰু প্ৰশিক্ষণৰ পথ এনেধৰণৰ হয়
১৷ শিক্ষাগত যোগ্যতা:
সাধাৰণতে ন্যূনতম ১০ম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগে। অধিকাংশ টেকনিচিয়ানে Industrial Training Institute (ITI) চাৰ্টিফিকেট বা ৩-৬ মাহীয়া ডিপ্লোমা প্ৰগ্ৰাম সম্পূৰ্ণ কৰে।
গুৱাহাটীস্থিত বামুণীমৈদামত অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান AITI-ত A/C আৰু Refrigerator Course হৈছে এক চাকৰি-মুখী বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচী, যিয়ে শিক্ষাৰ্থীসকলক ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং উদ্যোগত কেৰিয়াৰ গঢ়িবলৈ প্ৰস্তুত কৰে। এই পাঠ্যক্ৰমত ঘৰ, অফিচ, উদ্যোগ আৰু বাণিজ্যিক স্থানত ব্যৱহৃত এয়াৰ কণ্ডিচনাৰ আৰু ৰেফ্ৰিজাৰেচন ব্যৱস্থাৰ স্থাপন, চাৰ্ভিচিং, ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ বাবে প্ৰয়োজনীয় ব্যৱহাৰিক দক্ষতাৰ ওপৰত গুৰুত্ব দিয়া হয়। আবাসিক, বাণিজ্যিক আৰু উদ্যোগিক ক্ষেত্ৰত কুলিং ব্যৱস্থাৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত প্ৰশিক্ষিত A/C আৰু Refrigerator টেকনিচিয়ানসকল সদায় অধিক চাহিদাসম্পন্ন। এই পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক হাতে-কলমে প্ৰশিক্ষণ আৰু চৰকাৰ স্বীকৃত প্ৰমাণপত্ৰ প্ৰদান কৰি এক স্থিৰ আৰু লাভজনক কেৰিয়াৰ গঢ়িবলৈ সহায় কৰে।
অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বামুণীমৈদামত A/C আৰু Refrigerator পাঠ্যক্ৰমৰ সংক্ষিপ্ত বিৱৰণ এনেধৰণৰ হয়৷
A/C আৰু Refrigerator পাঠ্যক্ৰমত প্ৰযুক্তিগত তত্ত্ব আৰু বিস্তৃত ব্যৱহাৰিক প্ৰশিক্ষণ একেলগে দিয়া হয় যাতে শিক্ষাৰ্থীসকল উদ্যোগৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হয়।
পাঠ্যক্ৰমৰ নাম : A/C & Refrigerator
পাঠ্যক্ৰমৰ সময়সীমা : ২ বছৰ
পাঠ্যক্ৰমৰ যোগ্যতা : ১০ম শ্ৰেণী উত্তীৰ্ণ
পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ : NCVT / SCVT
পাঠ্যক্ৰমৰ ধৰণ : বৃত্তিমূলক / দক্ষতা বিকাশ
পাঠ্যক্ৰমৰ যোগেদি আপুনি কি শিকিবলৈ পাব?
• ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিংৰ মৌলিক জ্ঞান
• এয়াৰ কণ্ডিচনাৰৰ বিভিন্ন ধৰণ (Split, Window, Cassette, Central AC)
• ঘৰুৱা আৰু বাণিজ্যিক ৰেফ্ৰিজাৰেচন ব্যৱস্থা
• ৰেফ্ৰিজাৰেচন আৰু ইয়াৰ উপাদানসমূহ
• AC ইউনিট স্থাপন আৰু চাৰ্ভিচিং
• গেছ চাৰ্জিং, লিকেজ পৰীক্ষা আৰু ভেকুৱামিং
• বৈদ্যুতিক ৱায়াৰিং, মটৰ, কম্প্ৰেছৰ আৰু কণ্ট্ৰ’ল ব্যৱস্থা
• ত্ৰুতি নিৰ্ণয়, মেৰামতি আৰু প্ৰতিৰোধমূলক ৰক্ষণাবেক্ষণ
• সুৰক্ষা পদ্ধতি আৰু উদ্যোগিক মানদণ্ড বিকাশ
A/C & Refrigerator পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে তলত দিয়া ক্ষেত্ৰসমূহত কাম কৰিব পাৰে—
• এয়াৰ কণ্ডিচনিং চাৰ্ভিচ কোম্পানী
• ৰেফ্ৰিজাৰেচন আৰু ক’ল্ড ষ্ট’ৰেজ ইউনিট
• হোটেল, হাস্পতাল, মল আৰু বাণিজ্যিক ভৱন
• উৎপাদন আৰু চাৰ্ভিচ উদ্যোগ
• নিৰ্মাণ আৰু আন্তঃগাঁথনি প্ৰকল্প
উক্ত পাঠ্যক্ৰমৰ সম্ভাব্য চাকৰিসমূহ হৈছে
* A/C Technician
* Refrigerator Mechanic
* HVAC Technician
* Maintenance Technician
* Service Engineer Assistant
শিক্ষাৰ্থীসকলে নিজৰ A/C আৰু Refrigerator মেৰামতি আৰু চাৰ্ভিচিং ব্যৱসায়ো নিজাকৈ আৰম্ভ কৰিব পাৰে। সেয়েহে এনে বৃত্তিমূলক কেৰিয়াৰ গঢ় দিব পৰা পাঠ্যক্ৰমে নিজকে আত্মসংস্থাপন লাভৰ পূৰ্ণ সুযোগ প্ৰদান কৰে৷
আই.টি.আই পাঠ্যক্ৰমৰ ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং (RAC) টেকনিচিয়ান বিষয়ৰ পৰা জ্ঞান আহৰণ কৰি মূলত ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং-ত এজন বিশেষজ্ঞ হিচাপে প্ৰতিষ্ঠিত হ’ব পাৰি৷ যিয়ে ঘৰুৱাভাৱে আৰু বাণিজ্যিক উভয়তে ইনষ্টলেচন, চাৰ্ভিছ আৰু মেৰামতিৰ কাম কৰে। লগতে যান্ত্ৰিক বিজুতি বা তাৰ ত্ৰুটি নিৰ্ণয় কৰি সমাধান কৰা, গেছ লিকেজ চিনাক্ত কৰা আৰু ৰেফ্ৰিজাৰেণ্ট গেছ চাৰ্ভিছিং আদি কাম কৰে। সেয়ে ৰেফ্ৰিজাৰেচন আৰু এয়াৰ কণ্ডিচনিং (RAC) টেকনিচিয়ান হৈছে এক অত্যন্ত চাহিদাসম্পন্ন বৃত্তিমূলক পেচা বুলিব পাৰি৷