(অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে আপোনাক দিব কাৰিকৰী শিক্ষা গ্ৰহণৰ সুযোগ)
‘‘কাৰিকৰী শিক্ষা যিকোনো এগৰাকী ব্যক্তিৰ আৰ্থ-সামাজিক বিকাশৰ মূল ভেটি বুলি ধৰিব পাৰি৷ হাতে কামে ব্যক্তিগৰাকীয়ে স্বনিৰ্ভৰশীল হৈ উপাৰ্জন কৰিব পাৰে সেয়াই হৈছে কাৰিকৰী শিক্ষাৰ মূল লক্ষ্য বা উদ্দেশ্য৷’’ দেশৰ লগতে আমাৰ উত্তৰ-পূৰ্বাঞ্চলত কাৰিকৰী শিক্ষা ব্যৱস্থাই বৰ্তমান বিশেষ স্থান দখল কৰিছে৷ প্ৰতি বছৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহুতো নিবনুৱা বা কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খাই ফুৰা লোকে নিজ কাৰিকৰী দক্ষতাৰে নিজকে দক্ষ কৰি কৰ্মক্ষেত্ৰখনত আগুৱাই গৈছে৷ এই ক্ষেত্ৰত বিশেষকৈ অসমত থকা চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কাৰীকৰী শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা প্ৰতিটো বৰ্ষতে বহুতো লোকে প্ৰশিক্ষিত হৈছে৷ ভিন্ন উদ্যোগত কৰ্মসংস্থাপন লাভৰ লগতে নিজেও উদ্যোগ গঢ়ি তুলিব পৰাকৈ যুৱক-যুৱতীসকলৰ সবলীকৰণ আৰু উদ্যোগিক বিকাশ হৈছে৷
অসমত কাৰিকৰী শিক্ষাৰ আৰম্ভণি প্ৰায় ২০ শতিকাৰ পৰাই বুলিব পাৰি৷ তথ্য অনুসৰি ১৯০৫ চনত অসম অভিযান্ত্ৰিক বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পৰৱৰ্তী সময়ত ১৯২৭ চনত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানলৈ বিকশিত হয়। প্ৰথম অৱস্থাত চিভিল ইঞ্জিনিয়াৰিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানটিয়ে কাৰিকৰী শিক্ষাৰ বাবে ভেটি গঢ় দিয়ে৷ একেদৰে ১৯৫৫ চনত গুৱাহাটীত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰতিষ্ঠা হয়৷ কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ে অসমত অভিযান্ত্ৰিক শিক্ষাৰ দ্ৰুত প্ৰসাৰ লাভ কৰে। যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু কোকৰাঝাৰৰ অভিযান্ত্ৰিক মহাবিদ্যালয় আদিকে ধৰি অন্যান্য অভিযান্ত্ৰিক মহাবিদ্যালয়সমূৰ প্ৰতিষ্ঠাই বহু দক্ষ যুৱক-যুৱতীক কাৰিকৰী শিক্ষাৰ দিশত বাটকটীয়া কৰি তোলে৷ সেই অনুপাতে চৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানকেইখনত আসনৰ সংখ্যাও বৃদ্ধি কৰিবলগা হয়৷ যদিও উত্তৰ পূৰ্বাঞ্চলত হাজাৰোধিক যুৱক-যুৱতীক নামভৰ্তিৰ সুযোগ কেৱল চৰকাৰী প্ৰতিষ্ঠানত সীমাবদ্ধ নহয়৷ তাৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰ থকা প্ৰতিখন জিলাতে ব্যক্তিগত বহুতো কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠানৰ জন্ম লাভ কৰে৷

ছাত্ৰ-ছাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি ডিপ্লমা পৰ্যায়ৰ কাৰিকৰী শিক্ষা প্ৰদানৰ বাবে অসমৰ বিভিন্ন জিলাত পলিটেকনিক প্ৰতিষ্ঠানৰ স্থাপন হয়। দেশীয় ভিন্ন উদ্যোগসমূহৰ বাবে দক্ষ কাৰিকৰী বিদ্যাৰে যুৱক-যুৱতীসকলক দক্ষ কৰি তোলাত কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দীৰ্ঘদিন ধৰি অসমৰ কাৰিকৰী শিক্ষাৰ পৰিৱেশত অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ বিস্তৃত শাখা যেনে অসামৰিক, যান্ত্ৰিক, বৈদ্যুতিক, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ বিজ্ঞান, ইত্যাদি বহুতো শাখা অন্তৰ্ভুক্ত আছে। আই.টি.আই পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ আগ্ৰহক আগুৱাই নিবলৈ সক্ষম হৈছে৷ সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ সহযোগত ৰাজ্যৰ লাখ লাখ শিক্ষিত নিবনুৱাক কাৰিকৰী শিক্ষাৰ মান বৃদ্ধিৰ লক্ষ্যৰে লোৱা পদক্ষেপসমূহত প্ৰতিখন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ ভূমিকাকো শলাগিব লগিব৷ এই ক্ষেত্ৰত অসমৰ কাৰিকৰী শিক্ষা ব্যৱস্থাই যুৱক-যুৱতীসকলক ভিন্ন দিশত সবলীকৰণত সহায় কৰিছে৷ বিশেষভাৱে কাৰিকৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতক হোৱাৰ একোজন শিক্ষাৰ্থীয়ে চৰকাৰী বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান বা উদ্যোগিক খণ্ডত নিয়োজনৰ বাবে অধিক চাহিদা আছে। বিভিন্ন উদ্যোগত কাম কৰিবলৈ তেওঁলোক প্ৰতিজনেই দক্ষতাসম্পন্ন৷ দক্ষতা বিকাশৰ দিশত অসমৰ কাৰিকৰী শিক্ষা ব্যৱস্থাই কেৱল তাত্ত্বিক জ্ঞানেই নহয়, ব্যৱহাৰিক দক্ষতাও প্ৰদান কৰি আহিছে। দক্ষতা বিকাশৰ ওপৰত শিক্ষাৰ্থীসকলে স্নাতক হোৱাৰ পিছত চাকৰিৰ বাবে সাজু হোৱাটো প্ৰতিজনে নিশ্চিত কৰে। তদুপৰি উদ্যোগীকৰণৰ দৰে ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্যোগীকৰণ সম্পৰ্কীয় জ্ঞানেৰে উদ্ভাসিত কৰি উৎসাহিত কৰে৷
কাৰিকৰী শিক্ষা ব্যৱস্থাই বহু পৰিমাণে অগ্ৰগতি লাভ কৰিছে যদিও সাধাৰণতে কিছু প্ৰত্যাহ্বানৰো সন্মুখীন হ’বলগীয়া হয়৷ এই ক্ষেত্ৰত বিশ্লেষণ কৰিলে দেখা যায় যে, বিকশিত প্ৰযুক্তিগত প্ৰয়োজনীয়তাৰ সৈতে খোজ মিলাবলৈ ছাত্ৰ-ছাত্ৰীৰ মাজত আন্তঃগাঁথনিত নিৰন্তৰ বিনিয়োগৰ প্ৰয়োজন। উচ্চমানৰ শিক্ষা বজাই ৰাখিবলৈ যোগ্য আৰু নিষ্ঠাবান প্ৰশিক্ষিত ব্যক্তিৰ প্ৰয়োজন যিয়ে ছাত্ৰ-ছাত্ৰীসকলক সঠিক মূল্যায়নৰ শিক্ষা প্ৰদান কৰিব পাৰে। বৰ্তমানক গুৰুত্ব দি সমসাময়িক উদ্যোগিক খণ্ডৰ ধাৰা অনুসৰি পাঠ্যক্ৰমৰ নিয়মীয়া আপডেট কৰা বা তেনে নতুন নতুন ব্যৱহাৰিক জ্ঞান প্ৰদান কৰাটো অতি গুৰুত্বপূৰ্ণ৷
ছাত্ৰ-ছাত্ৰীক গুণগত মানৰ কাৰিকৰী শিক্ষা প্ৰদান ব্যৱস্থাই বহুখিনি আগুৱাই গৈছে৷ আমাৰ ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ লগতে যুৱ সবলীকৰণ, দক্ষ কৰ্মশক্তি আৰু উদ্যোগীকৰণৰ দিশত প্ৰসাৰিত কৰিছে৷ কাৰিকৰী শিক্ষাৰ প্ৰতি প্ৰতিখন শৈক্ষিক প্ৰতিষ্ঠানৰ দায়বদ্ধতাই নৱপ্ৰজন্মৰ লগতে সামগ্ৰিকভাৱে আৰ্থ সামাজিক দিশত নিবনুৱা বুলি ভবা প্ৰতিজনকে উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰিব। সেয়েহে কাৰিকৰী শিক্ষাৰে প্ৰশিক্ষিত হৈ কৰ্মক্ষেত্রত আগুৱাই গলেহে দেশৰ লগতে ৰাজ্যৰ উন্নয়ন হ’ব৷ অন্যথা বহিৰাষ্ট্ৰৰ পৰা অহা কৰ্মশক্তিয়ে আমাৰ কৰ্মক্ষেত্ৰত ঠাইসমূহ দখল কৰিব৷