অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

বর্তমান বিজ্ঞানৰ যুগ, প্রযুক্তি বিদ্যাৰ যুগ, কাৰিকৰী শিক্ষা গ্ৰহণৰ যুগ। যি শিক্ষাই ব্যক্তিক স্বনিৰ্ভৰশীল কৰিব পাৰে, যি শিক্ষাই জীৱনৰ ৰং সিচিব পাৰে, যি শিক্ষাই জীনৰ মানদণ্ড নিৰূপণ কৰিব পাৰে।
কাৰিকৰী শিক্ষা বিভিন্ন বিভাগত ল’ব পাৰি। বিভাগ (Trade) নির্বাচন ছাত্ৰৰ ইচ্ছা, আকাংক্ষা আৰু লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰে। সেইবোৰ ভিতৰত অন এক উল্লেখনীয় বিভাগ হ’ল- ‘‘ইলেক্ট্রিচিয়ান’’ (Electrician)। এই বিভাগত প্রশিক্ষণ ল’লে এজন ভাল মেকানিক হ’ব পাৰে। দক্ষতা আৰু কৌশলৰে বিভিন্ন ধৰণৰ কামত নিয়োজিত হ’ব পাৰে।
ইলেক্ট্রিচিয়ান বিভাগটো ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানত প্ৰৱৰ্তন কৰাৰ মূল লক্ষ্য হৈছে- নিবনুৱা সমস্যা দূৰ কৰা। এই বিভাগত দক্ষতাৰে প্ৰশিক্ষণ ল’লে এদিনো নিবনুৱা হৈ বহি থাকিব লগা অৱস্থা নহয়। কিয়নো টেষ্টাৰ (Tester) টো আৰু স্ক্রু ড্রাইভাৰ (Screw Driver)টো লৈ ওলাই গ’লে কাম পোৱা যায়। দোকান বা বজাৰত, মানুহৰ ঘৰত, বিভিন্ন ধৰণৰ বৈদ্যুতিক বিজুতি ঘটি থকা বাবে এজন দক্ষ ইলেক্ট্রিচিয়ান সকলোৱে বিচাৰি থাকে বা আশা কৰে। চৰকাৰী খণ্ডতো প্রায় প্রতি বিভাগত বা কার্যালয়ত এজন ইলেক্ট্রিচিয়ান প্রয়োজন হয়। চৰকাৰী অনুষ্ঠান, প্রতিষ্ঠান আদিত আংশিক বা স্থায়, কৰ্মচাৰী থাকে। আজিকালি ঔদ্যোগিক ক্ষেত্রত দেশ বহু আগবাঢ়ি আছে আৰু বিভিন্ন পৰ্যায়ৰ নতুন নতুন উদ্যোগ গঢ় লৈ উঠিছে। গতিকে এনে ক্ষেত্রত বা প্রতিটো উদ্যোগত ইলেক্ট্রিচিয়ানৰ চাকৰি থাকে।

8 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly