অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

বৃত্তিমূলক কেৰিয়াৰ পাঠ্যক্ৰম আই.টি.আই ‘টার্নাৰ’

➨ বৰ্তমান সময়ত হাতে-কামে প্ৰশিক্ষিত থকা লোকৰ বাবে কৰ্মৰ অভাৱ নাই। যিকোনো কামৰ বাবে নিজ দক্ষতাৰ প্ৰয়োজন। দক্ষতা বিকাশৰ বাবে আকৌ প্ৰয়োজন হয় সঠিক শিক্ষা আৰু প্ৰশিক্ষকৰ। কাৰিকৰী দক্ষতাৰে নিজকে উজ্জীৱিত কৰিবলৈ হ’লে সেই অনুসাৰে আগ্ৰহ অনুযায়ী সঠিক পাঠ্যক্ৰম নিৰ্বচিত কৰাটো অতিকে গুৰুত্বপূৰ্ণ। কাৰিকৰী কৰ্মক্ষেত্ৰখনত আগবঢ়িব খোজাসকলৰ বাবে তেনে এক পাঠ্যক্ৰম হ’ব পাৰে আই.টি.আই পাঠ্যক্ৰমৰ অন্তৰ্গত বৃত্তিমূলক “টার্নাৰ”।
আই.টি.আই “টার্নাৰ” হৈছে ২ বছৰৰ বৃত্তিমূলক যান্ত্ৰিক অভিযান্ত্ৰিকী (Mechanical) পাঠ্যক্রম। এই পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলক লেদ মেচিন, গ্ৰাইণ্ডাৰ আৰু শেপাৰ আদি ঔদ্যোগিক যন্ত্ৰ চলাবলৈ প্ৰশিক্ষণ প্ৰদান কৰা হয়। ইয়াত কেঁচা ধাতুক কাটি, আকৃতি দি আৰু মসৃণ কৰি নিখুঁত আৰু জটিল যন্ত্ৰাংশ তথা উপাদান তৈয়াৰ কৰিবলৈ শিকোৱা হয়। যিবোৰ সামগ্ৰী উৎপাদন, অটোমোবাইল আৰু এৰোস্পেচ উদ্যোগত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ ধাতুৰ অংশক আকৃতি দিয়া আৰু নিখুঁত উৎপাদনৰ বাবে CNC মেচিন প্ৰগ্ৰাম শিকোৱা হয়৷ টাৰ্নাৰ এজন দক্ষ প্ৰযুক্তিবিদ বুলিব পাৰি৷ পাঠ্যক্রম সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে NCVT ৰাষ্ট্ৰীয় বাণিজ্য প্ৰমাণপত্ৰ (NTC) লাভ কৰে, যাৰ ফলত অটোমোবাইল আৰু ডাঙৰ উদ্যোগতো চাহিদাসম্পন্ন চাকৰি বা নিয়োজনৰ সুযোগ লাভ কৰিবলৈ সমৰ্থ হয়৷

উক্ত পাঠ্যক্ৰম ভিন্ন উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে আগবঢ়াই৷ ছাত্ৰ এজনে নিজৰ সুবিধা অনুযায়ী বা পছন্দ অনুসৰি পাঠ্যক্ৰম নিৰ্বাচিত কৰি নামভৰ্তি কৰা উচিত৷ অসমৰ বা চুবুৰীয়া ৰাজ্যৰ ছাত্ৰসকলে যদি এই পাঠ্যক্ৰম ব্যক্তিগত শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব বিচাৰে তেন্তে গুৱাহাটীস্থিত বামুণীমৈদামৰ উদ্যোগিক পামত থকা অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তিৰ সুযোগ গ্ৰহণ কৰিব পাৰে৷

➨ অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, বামুণীমৈদামত পাঠ্যক্রমৰ সবিশেষ এনেধৰণৰ হয়-
টাৰ্নাৰ পাঠ্যক্রম মূলত যান্ত্ৰিক ITI ট্ৰেডৰ অন্তৰ্গত৷ য’ত লেদ মেচিন ব্যৱহাৰ কৰি নিখুঁত মেচিনিং (Precision Machining) শিকোৱা হয়। টাৰ্নাৰসকলে উৎপাদন উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ কাৰণ তেওঁলোকে মেচিন, সঁজুলি আৰু ঔদ্যোগিক যন্ত্ৰপাতিৰ বাবে প্ৰয়োজনীয় নিখুঁত বেলনাকৃতি (Cylindrical) যন্ত্ৰাংশ তৈয়াৰ কৰে।
অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, বামুণীমৈদামত ITI টাৰ্নাৰ পাঠ্যক্রম, NCVT / SCVT ৰ সৈতে সংযুক্ত৷ যান্ত্ৰিক উৎপাদন ক্ষেত্ৰ, নিখুঁত মেচিনিং আৰু উৎপাদন উদ্যোগত শক্তিশালী প্ৰযুক্তিগত কেৰিয়াৰ গঢ়িব বিচৰা শিক্ষাৰ্থীৰ বাবে এই পাঠ্যক্ৰম উপযোগী।

➨ পাঠ্যক্রমৰ বিষয়ে জানি লওঁক-
● আই.টি.আই ‘টার্নাৰ’ সময়সীমা : ২ বছৰ (৪টা, ৬ মাহীয়া ছেমিষ্টাৰত বিভক্ত)।
● মূল দক্ষতা : ব্লুপ্ৰিণ্ট, ধাতুৰ মাপ লোৱা আৰু নিৰ্দিষ্ট মানদণ্ড অনুসৰি আকৃতি দিয়া (মিলিমিটাৰৰ জোখ সহ)।
● আধুনিক প্ৰশিক্ষণ : পাঠ্যক্রমত Computer Numerical Control (CNC) লেদ মেচিন, ছিমুলেটৰ আৰু AutoCAD ৰ ব্যৱহাৰৰ হাতে-কলমে প্ৰশিক্ষণ অন্তৰ্ভুক্ত আছে।
● প্ৰমাণপত্ৰ : পাঠ্যক্রম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় স্বীকৃত National Trade Certificate (NTC) লাভ কৰে।

➨ অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, বামুণীমৈদামত উপলব্ধ পাঠ্যক্ৰমৰ বাবে যোগ্যতা এনেধৰণ-
● পাঠ্যক্রমৰ নাম : টাৰ্নাৰ (Turner)
● সময়সীমা : ২ বছৰ (৪টা ছেমিষ্টাৰ)
● স্বীকৃত শিক্ষা ব’ৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ
● ন্যূনতম বয়স : ১৪ বছৰ
● নামভৰ্তি প্ৰক্ৰিয়া : অসম ITI অনলাইন কাউন্সেলিং আৰু মেধাভিত্তিক নিৰ্বাচন
● সংৰক্ষণ সুবিধা : SC/ST/OBC/EWS/BPL শিক্ষাৰ্থীৰ বাবে ৰেহাই আৰু বৃত্তিৰ সুবিধা উপলব্ধ
NCVT / SCVT নিৰ্বাচন অনুসৰি চাৰ্টিফিকেট
● প্ৰমাণপত্ৰ : চৰকাৰ স্বীকৃত ITI টাৰ্নাৰ
● পাঠ্যক্রমৰ ধৰণ : বৃত্তিমূলক/দক্ষতা বিকাশ
৩০% তত্ত্বীয় শিক্ষা, ৬০% ব্যৱহাৰিক/ৱৰ্কশ্বপ প্ৰশিক্ষণ, ১০% Employability Skills প্ৰদান কৰা হয়৷
প্ৰমাণপত্ৰসমূহ চৰকাৰী চাকৰি, ব্যক্তিগত খণ্ডৰ নিয়োগ, Apprenticeship আৰু উচ্চ প্ৰযুক্তিগত শিক্ষাৰ বাবে গ্ৰহণযোগ্য। অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, বামুণীমৈদামত টাৰ্নাৰ পাঠ্যক্রমত লেদ মেচিন, মাপজোখৰ সঁজুলি আৰু ঔদ্যোগিক মেচিনিং পদ্ধতিৰ ওপৰত হাতে-কলমে প্ৰশিক্ষণ দিয়া হয়।

➨ পাঠ্যক্রম আৰু চিলেবাছৰ মুখ্য বিষয়সমূহ-
● ৱৰ্কশ্বপ সুৰক্ষা পদ্ধতি
● হাতৰ সঁজুলি আৰু মাপজোখ যন্ত্ৰ
● লেদ মেচিনৰ অংশ আৰু কাৰ্যপদ্ধতি
● Facing, Turning আৰু Taper Turning অপাৰেচন
● Thread Cutting আৰু Knurling
● লেদত Drilling, Boring আৰু Reaming
● Vernier Caliper, Micrometer আৰু Gauges ৰ ব্যৱহাৰ
● ইঞ্জিনিয়াৰিং ড্ৰইং আৰু Tolerance
● Heat Treatment-ৰ মৌলিক জ্ঞান
● Quality Control আৰু Inspection

➨ টাৰ্নাৰ পাঠ্যক্রমৰ পিছত কেৰিয়াৰৰ সুযোগ লাভ কৰিব পৰা স্থানবোৰ এনেধৰণৰ হয়-
● উৎপাদন আৰু Manufacturing উদ্যোগ
● Tool Room আৰু Precision Workshop
● Automobile আৰু Auto Component কোম্পানী
● Heavy Engineering Industry
● Railways আৰু PSU
● CNC Machining Unit

➨ চাকৰিৰ পদবোৰ হ’ব পাৰে-
● টাৰ্নাৰ (Turner)
● লেদ মেচিন অপাৰেটৰ
● উৎপাদন প্ৰযুক্তিবিদ
● Tool Room Assistant
● Maintenance Technician
● Workshop Technician

➨ কৰ্মক্ষেত্ৰত দৰমহা হিচাপে পাব পাৰি-
● Apprenticeship Stipend : ₹৭,০০০ – ₹১০,০০০ প্ৰতিমাহে
● প্ৰাৰম্ভিক দৰমহা : ₹১২,০০০ – ₹১৮,০০০ প্ৰতিমাহে
● অভিজ্ঞ টাৰ্নাৰ : ₹২৫,০০০ – ₹৩৫,০০০ প্ৰতিমাহে
● CNC / দক্ষ টাৰ্নাৰ : ₹৪০,০০০+ প্ৰতিমাহে

54 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly