অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

ৰ্তমান আধুনিক জীৱন প্ৰণালীত প্ৰতিটো খোজতে আমি নিত্য নতুন সামগ্ৰী ব্যৱহাৰ কৰোঁ৷ বিভিন্ন ধাতুৰ সামগ্ৰীৰ চাহিদা বজাৰত সহজলভ্য হৈ পৰিছে৷ এই ধাতুৰ সামগ্ৰীবোৰ প্ৰস্তুত বা নিৰ্মাণৰ বাবে লো বা তীখাৰ প্ৰয়োজন হয়৷ এই ধাতুক ব্যৱহাৰ্য কৰি তুলিবলৈ হ’লে একোজন দক্ষ কাৰিকৰৰো প্ৰয়োজন৷ নিৰ্মাণখণ্ডত ভিন্ন বিভাগত দক্ষতাসম্পন্ন কাৰিকৰ এজনে সামগ্ৰী এবিধক পূৰ্ণ ৰূপ দিব পাৰে৷ উদ্যোগিক খণ্ডত অতি চাহিদা থকা এক বিষয় হৈছে ‘ৱেল্ডাৰ’৷ অৰ্থাৎ এজন ৱেল্ডাৰ হৈছে এজন দক্ষ কাৰিকৰ, যিয়ে বিশেষ যন্ত্ৰপাতি ব্যৱহাৰ কৰি তীব্ৰ তাপ, চাপ বা দুয়োটাৰে সহায়ত ধাতু বা থাৰ্মোপ্লাষ্টিকৰ অংশসমূহ একেলগ কৰি স্থায়ী সংযোগ সৃষ্টি কৰে। উৎপাদন, নিৰ্মাণ আৰু মেৰামতি উদ্যোগত অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰাৰ লগতে ষ্টীল, এলুমিনিয়াম আৰু পিতল আদি সামগ্ৰীৰ সৈতে ৱেল্ডাৰে কাম কৰে। “ৱেল্ডাৰ” শব্দটো সাধাৰণতে কাম কৰা অপাৰেটৰ বা কাৰিকৰক বুজোৱা হয়৷ আনহাতে ব্যৱহৃত মেচিনটোক “Welding Power Supply” বুলি কোৱা হয়। সংযোগ কৰিবলগীয়া সামগ্ৰীসমূহ ধাতু (যেনে ষ্টীল, এলুমিনিয়াম, পিতল, ষ্টেইনলেছ ষ্টীল আদি) অথবা বিভিন্ন ধৰণৰ প্লাষ্টিক আৰু পলিমাৰ হ’ব পাৰে।


সাধাৰণতে এজন ৱেল্ডাৰৰ ভাল হাতৰ নিপুণতা, সূক্ষ্ম বিষয়ত মনোযোগ আৰু সংযোগ কৰা সামগ্ৰীসমূহৰ বিষয়ে প্ৰযুক্তিগত জ্ঞান থকাটো অতিকে প্ৰয়োজনীয়। লগতে কৰ্মক্ষেত্ৰখনৰ সুৰক্ষা বিধি আৰু উত্তম কাৰ্যপদ্ধতি সম্পৰ্কেও সুস্পষ্ট জ্ঞান থাকিব লাগিব। আই.টি.আই পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বৃত্তিমূলক ট্রেডত ‘ৱেল্ডাৰ’ক এজন প্ৰমাণিত দক্ষ কাৰিকৰ হিচাপে গণ্য কৰা হয়। বহুতে Industrial Training Institute (ITI)-ৰ জৰিয়তে প্ৰশিক্ষণ গ্ৰহণ কৰি এই পেছাত প্ৰৱেশ কৰি কেৰিয়াৰ বা নিয়োজনৰ পথ মুকলি কৰে৷

➲ বেল্ডাৰ এজনৰ বাবে প্ৰয়োজনীয় দক্ষতা থকাতো স্বাভাৱিক৷ মূলতঃ সূক্ষ্ম বিষয়ত মনোযোগ, ভাল হাত-চকুৰ সমন্বয় ক্ষমতা, সুৰক্ষা নিয়ম আৰু প্ৰটোকল সম্পৰ্কে সম্পূৰ্ণ জ্ঞান, যন্ত্ৰপাতিৰ ব্যৱহাৰ্য সম্পৰ্কে জ্ঞানৰ প্ৰয়োজন৷ কামৰ ধৰণ হিচাপে উদ্যোগিক মানদণ্ড অনুসৰি ৱেল্ডাৰসকলে বিভিন্ন স্থানত কাম সমাপন কৰে, যেনে—
Flat Position (1G/1F), Horizontal Position (2G/2F), Vertical Position (3G/3F), Overhead Position (4G/4F)
এই অৱস্থানসমূহ অনুসৰি বিভিন্ন ধৰণৰ ৱেল্ডিং কৌশল প্ৰয়োগ কৰা হয়।

এতিয়া আহোঁ আপুনি যদি নিজকে এই বিষয়ত আত্মনিয়োগ কৰিব খোজে, তেন্তে ব্যৱহাৰিক দিশত আপোনাৰ এই সম্পৰ্কীয় জ্ঞান অতি প্ৰয়োজন৷ লগতে বিভিন্ন খণ্ডত কাম কৰিবলৈ হ’লে আপোনাক চাৰ্টিফিকেটৰো প্ৰয়োজন হ’ব৷ শৈক্ষিক দিশত এই আই.টি.আই পাঠ্যক্ৰমটো চৰকাৰী আৰু ব্যক্তিগত প্ৰতিষ্ঠানতো শিকাৰ বা প্ৰশিক্ষণৰ সুবিধা আছে৷ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত Assam Industrial Training Institute (AITI)-ত ৱেল্ডাৰ পাঠ্যক্ৰম হৈছে এক দক্ষতাভিত্তিক ITI ট্রেড, যি শিক্ষাৰ্থীসকলক নিৰ্মাণ, মেনুফেকচাৰিং, ফেব্ৰিকেচন, জাহাজ নিৰ্মাণখণ্ড আৰু বিভিন্ন উদ্যোগ খণ্ডত ব্যৱহৃত আধুনিক ৱেল্ডিং কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰে। ৱেল্ডিং হৈছে এক গুৰুত্বপূৰ্ণ শিল্প দক্ষতা, যাৰ চাহিদা সদায় আছে।

➲ গুৱাহাটীৰ অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ITI ৱেল্ডাৰ কোৰ্ছটো NCVT / SCVT-ৰ সৈতে সংযুক্ত আৰু পোনপটীয়াকৈ চাকৰি, শক্তিশালী ব্যৱহাৰিক দক্ষতা আৰু স্ব-নিয়োগৰ সুযোগ বিচৰা শিক্ষাৰ্থীৰ বাবে লাভজনক পাঠ্যক্ৰম।

➲ কোৰ্ছৰ সংক্ষিপ্ত বিৱৰণ উল্লেখ কৰা হৈছে
কোৰ্ছৰ নাম: ৱেল্ডাৰ
সময়সীমা: ১ বছৰ
যোগ্যতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ
সংযুক্তি: NCVT / SCVT
প্ৰমাণপত্ৰ: চৰকাৰ স্বীকৃত ITI ৱেল্ডাৰ
কোৰ্ছৰ ধৰণ: বৃত্তিমূলক / দক্ষতা উন্নয়ন

উপৰোক্ত ৱেল্ডাৰ কোৰ্ছ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে মেটেল ফেব্ৰিকেচন, ষ্ট্ৰাকচাৰেল ৱেল্ডিং, পাইপলাইন, যন্ত্ৰপাতি আৰু বিভিন্ন উদ্যোগিক প্ৰকল্পত কাম কৰিব পৰাকৈ দক্ষ কৰি তোলা হয়।

➲ পাঠ্যক্ৰমৰ যোগ্যতাৰ মানদণ্ড হিচাপে
শিক্ষাগত যোগ্যতা: স্বীকৃত ব’ৰ্ডৰ পৰা অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব
ন্যূনতম বয়স: ১৪ বছৰ
ভৰ্তি প্ৰক্ৰিয়া: অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত অনলাইন কাউন্সেলিং আৰু মেধাভিত্তিক নিৰ্বাচন
সংৰক্ষণ সুবিধা: SC/ST/OBC/EWS/BPL শিক্ষাৰ্থীৰ বাবে বৃত্তি আৰু ফী ৰেহাই উপলব্ধ
কোৰ্ছটো ১ বছৰৰ বাবে ২টা ছেমিষ্টাৰত বিভক্ত।

➲ প্ৰশিক্ষণৰ ধৰণ এনেধৰণ হ’ব
৩০% তত্ত্বীয় শিক্ষা
৬০% ব্যৱহাৰিক / ৱৰ্কশ্বপ প্ৰশিক্ষণ
১০% নিয়োগযোগ্যতা দক্ষতা
পাঠ্যসূচী আৰু শিক্ষাৰ বিষয়বস্তু
ৱৰ্কশ্বপ সুৰক্ষা আৰু সুৰক্ষা সামগ্ৰী
ৱেল্ডিং যন্ত্ৰপাতি আৰু মেচিন
গেছ ৱেল্ডিং (অক্সি-এচিটিলিন)
আৰ্ক ৱেল্ডিং (SMAW)
MIG আৰু TIG ৱেল্ডিংৰ মৌলিক জ্ঞান
ধাতু কাটিং আৰু গ্ৰাইণ্ডিং
ৱেল্ডিং জয়েণ্ট আৰু পজিচন
ৱেল্ডিং ড্ৰয়িং
ত্ৰুটি চিনাক্তকৰণ আৰু সংশোধন
গুণগত মান নিয়ন্ত্ৰণ আৰু পৰিদৰ্শনৰ ভিত্তি

➲ AITI গুৱাহাটীৰ সুবিধাসমূহ
সম্পূৰ্ণ সজ্জিত ৱেল্ডিং ৱৰ্কশ্বপ
আৰ্ক, গেছ, MIG আৰু TIG ৱেল্ডিং মেচিন

➲ সুৰক্ষা সামগ্ৰী আৰু উদ্যোগিক যন্ত্ৰপাতি
অভিজ্ঞ ৱেল্ডিং প্ৰশিক্ষক
স্মাৰ্ট ক্লাছৰুম
উদ্যোগ উপযোগী ব্যৱহাৰিক প্ৰশিক্ষণ
প্ৰমাণপত্ৰ

➲ ৱেল্ডাৰ কোৰ্ছ সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে লাভ কৰিব
NCVT প্ৰমাণপত্ৰ (সমগ্ৰ ভাৰতত বৈধ)
SCVT প্ৰমাণপত্ৰ (অসমৰ ভিতৰত বৈধ)

➲ ৱেল্ডাৰ কোৰ্ছৰ পিছত কেৰিয়াৰৰ সুযোগ পাব পাৰিব
ফেব্ৰিকেচন ৱৰ্কশ্বপ
নিৰ্মাণ কোম্পানী
মেনুফেকচাৰিং উদ্যোগ
শিপইয়াৰ্ড আৰু ৰেলৱে
তেল-গেছ আৰু পাইপলাইন প্ৰকল্প

➲ চাকৰিসমূহ কেনে ধৰণৰ হ’ব
ৱেল্ডাৰ
ফেব্ৰিকেচন টেকনিচিয়ান
ষ্ট্ৰাকচাৰেল ৱেল্ডাৰ
পাইপ ৱেল্ডাৰ
মেইনটেনেন্স ৱেল্ডাৰ
ৱৰ্কশ্বপ টেকনিচিয়ান

➲ দৰমহা বা উপাৰ্জনৰ সুযোগ এনেধৰণৰ হয়
এপ্ৰেণ্টিছশ্বিপ ষ্টাইপেণ্ড: মাহে ₹৭,০০০ – ₹৯,০০০
আৰম্ভণিৰ দৰমহা: মাহে ₹১০,০০০ – ₹১৫,০০০
অভিজ্ঞ ৱেল্ডাৰ: মাহে ₹২০,০০০ – ₹৩০,০০০
দক্ষ আৰু বিদেশত কৰ্মৰত ৱেল্ডাৰ: মাহে ₹৪০,০০০+

➲ অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বামুণীমৈদামত ৱেল্ডাৰ কোৰ্ছ নিৰ্বাচন কৰি লাভ কৰিব
চৰকাৰ স্বীকৃত NCVT / SCVT প্ৰমাণপত্ৰ
গুৱাহাটীৰ অন্যতম ITI ৱেল্ডাৰ কোৰ্ছ
সুলভ চৰকাৰী ITI Fee
শক্তিশালী ব্যৱহাৰিক আৰু ৱৰ্কশ্বপভিত্তিক প্ৰশিক্ষণ
অভিজ্ঞসম্পন্ন প্ৰশিক্ষক
প্লেচমেণ্ট আৰু এপ্ৰেণ্টিছশ্বিপ সহায়ৰ হাত আগবঢ়োৱা হয়৷

52 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly