অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

➱ কম খৰছতে প্ৰশিক্ষিত হৈ গঢ়িব পৰা কেৰিয়াৰ ‘ষ্টেনোগ্ৰাফী’
➱ সম্প্ৰতি ডিজিটেল বা কাৰিকৰী যুগ৷ এই সময়ছোৱাত কম্পিউটাৰ-মোবাইল-ইণ্টাৰনেট সেৱাই আমাৰ কাম-কাজ বহু পৰিমাণে লাঘৱ কৰি তুলিছে৷ সেই অনুপাতে কৰ্মক্ষেত্ৰত ব্যৱহৃত পদ্ধতিবোৰো সলনি হৈছে৷ হাতে-কামে প্ৰশিক্ষণপ্ৰাপ্ত হ’লে বৰ্তমান কৰ্মৰ অভাৱ নাই৷ তেনে এক কৰ্মক্ষেত্ৰত চাহিদা থকা বিষয় হৈছে ‘ষ্টেনোগ্ৰাফী’৷ ‘ষ্টেনোগ্ৰাফী’ হৈছে সংক্ষিপ্ত লিখনশৈলীৰ (shorthand) কলা বা প্ৰক্ৰিয়া। এই পদ্ধতিৰ সহায়ত এজন ব্যক্তিয়ে কৈ যোৱা শব্দসমূহ বাস্তৱ সময়ত (real-time) লিপিবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতি হৈছে ‘ষ্টেনোগ্ৰাফী’, য’ত সংক্ষিপ্ত চিহ্ন বা বিশেষ কিব’ৰ্ড ব্যৱহাৰ কৰা হয়। যাৰ ফলত মানুহে স্বাভাৱিক কথোপকথনৰ দ্ৰুত গতি কোৱা অনুসৰি লিখি ৰাখিব পাৰি। “Stenography” এই শব্দটোৰ উৎপত্তি হৈছে গ্ৰীক ভাষাৰ। “Stenos”ৰ অৰ্থ হৈছে “সংকীর্ণ” বা “সৰু” আৰু Graphein”ৰ অৰ্থ হৈছে “লিখা” বা লিখনশৈলী৷ সেয়েহে, “Stenography” শব্দটোৰ মূল অৰ্থ হৈছে “সংকীর্ণ লিখন” (narrow writing) — অৰ্থাৎ বহুত কথোপকথন বা ভাষণক অতি কম ঠাইত সংক্ষিপ্তভাৱে লিখি ৰখা পদ্ধতিক বুজায়৷ অৰ্থাৎ Stenography হৈছে shorthand symbols ব্যৱহাৰ কৰি কৈ যোৱা শব্দসমূহ দ্ৰুতগতিত লিখি ৰখাৰ বাবে ব্যৱহৃত কলা। যিয়ে এই দিশত দক্ষ তেওঁ এজন stenographer৷ মনোযোগ সহকাৰে কোৱা কথা শুনি সঠিকভাৱে লিখি ৰাখি পিছত তাক typed document হিচাপে ৰূপান্তৰ কৰে। কাৰ্যালয় আৰু আদালতসমূহত stenographer-সকলে official letters, reports, judgments, meeting minutes, আৰু confidential documents প্ৰস্তুত কৰাৰ দায়িত্ব গুৰুত্বসহকাৰে পালন কৰে।

ষ্টেনোগ্ৰাফাৰসকলক—সাধাৰণতে কোৰ্ট ৰিপ’ৰ্টাৰ (court reporter) বুলিও কোৱা হয়— কিয়নো তেওঁলোকে সাধাৰণ কিব’ৰ্ডৰ দৰে আখৰ আখৰকৈ টাইপ নকৰে বা নিলিখে। তাৰ পৰিৱৰ্তে, তেওঁলোকে “ষ্টেনোটাইপ” (stenotype) নামৰ বিশেষ মেচিন ব্যৱহাৰ কৰে।

● ‘ষ্টেনোগ্ৰাফী’ পদ্ধতিটো মূলত দুটা প্ৰধান উপায়ৰ ওপৰত নিৰ্ভৰশীল
১৷ ধ্বনিগত ইনপুট (Phonetic input) ব্যৱহাৰ বা মেচিন পদ্ধতি (The Machine Method) :
টাইপিষ্টসকলে “ষ্টেনোটাইপ মেচিন” নামৰ এক বিশেষ যন্ত্ৰ ব্যৱহাৰ কৰে। সাধাৰণ কিব’ৰ্ডৰ দৰে এটা এটা আখৰ টিপাৰ পৰিৱৰ্তে, ব্যৱহাৰকাৰীয়ে একেলগে বহুতো কী টিপি (chording) ধ্বনিগত শব্দ গঠন কৰে। তাৰ পিছত বিশেষ ছফ্টৱেৰে সেই সংকেতসমূহক সাধাৰণ লিখনিত ৰূপান্তৰ কৰে। ষ্টেনোগ্ৰাফাৰ (stenographer) এজনে একেলগে বহুতো কী টিপি syllable, শব্দৰ ধ্বনি, আনকি সম্পূৰ্ণ শব্দ গঠন কৰে।

২৷ অতি দ্ৰুত গতি (High speeds Writing Skill) লিখনশৈলী বা হাতে লিখা পদ্ধতি (The Manual Method) :
হাতেদি বিশেষ ধৰণৰ চিহ্ন আৰু সংকেত ব্যৱহাৰ কৰি লিখা হয়, যাক সাধাৰণতে shorthand বুলি কোৱা হয়। এই পদ্ধতিটো মানুহৰ স্বাভাৱিক কথোপকথনৰ গতি অনুসৰি লিখিব পৰাকৈ ডিজাইন কৰা হৈছে। এই পদ্ধতিয়ে পেছাদাৰী ষ্টেনোগ্ৰাফাৰসকলক প্ৰতি মিনিটত ২২৫ টাতকৈও অধিক শব্দ লিখিবলৈ সমৰ্থ হয়।
৩৷ ‘ষ্টেনোগ্ৰাফী’ অনুবাদ (Translation) :
সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ পিছত Computer-Aided Transcription (CAT) ছফ্টৱেৰে এই steno strokes সমূহক সাধাৰণ ইংৰাজী লিখনীত ৰূপান্তৰ কৰে।

● ‘ষ্টেনোগ্ৰাফী’ সাধাৰণতে হোৱা ব্যৱহাৰসমূহ (Common Applications)
ষ্টেনোগ্ৰাফী সাধাৰণতে সেইবোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় য’ত কথিত শব্দসমূহ তৎক্ষণাত আৰু সম্পূৰ্ণ শুদ্ধতাৰে লিপিবদ্ধ কৰাটো অতি প্ৰয়োজনীয়।
১৷ আইনী কাৰ্যবিধি (Legal Proceedings) :
বিচাৰালয়ৰ শুনানি, সাক্ষ্যগ্ৰহণ (deposition) আৰু অন্যান্য আদালতৰ প্ৰক্ৰিয়াত কোৰ্ট ৰিপ’ৰ্টাৰসকলে আনুষ্ঠানিক নথি (official record) তৈয়াৰ কৰিবলৈ ‘ষ্টেনোগ্ৰাফী’ ব্যৱহাৰ কৰে।
২৷ লাইভ কেপচনিং (Live Captioning) :
ভিন্ন ঠাইত টেলিভিছন সম্প্ৰচাৰ আৰু লাইভ অনুষ্ঠানসমূহত মূকবধিৰ আৰু কম শুনা লোকসকলৰ বাবে বাস্তৱ সময়ত subtitle বা লিখিত কেপচন প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা হয়।
৩৷ চৰকাৰী কাম-কাজত (Government Work field) :
বিধানসভাৰ অধিৱেশন, সংসদীয় বৈঠক আৰু চৰকাৰী কমিটিৰ সভাসমূহ সঠিকভাৱে নথিভুক্ত কৰিবলৈ ষ্টেনোগ্ৰাফী ব্যৱহাৰ কৰা হয়।

পেছাগতভাৱে কম খৰছতে প্ৰশিক্ষিত হৈ গঢ়িব পৰা কেৰিয়াৰ হিচাপে আগ্ৰহীসকলে ‘ষ্টেনোগ্ৰাফী’ নিৰ্বাচন কৰিব পাৰে৷ কিয়নো ‘ষ্টেনোগ্ৰাফী’ৰ দ্বাৰা ‘ষ্টেনোগ্ৰাফাৰ’ এজনৰ চাহিদা বহুত৷ সেয়েহে ‘ষ্টেনোগ্ৰাফী’ক কাৰিকৰী পাঠ্যক্ৰম হিচাপে নিৰ্বাচন কৰি লৈ সুন্দৰ কেৰিয়াৰ গঢ় দিব পাৰি৷ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত প্ৰতিষ্ঠান Assam Industrial Training Institute (AITI)ত ষ্টেনোগ্ৰাফী পাঠ্যক্ৰম হৈছে মূলত চাকৰি-মুখী ITI প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তৰ্গত বিষয়৷ য’ত শিক্ষাৰ্থীসকলক shorthand writing, typing, আৰু পেছাদাৰী office documentation-ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। ষ্টেনোগ্ৰাফাৰসকলে চৰকাৰী কাৰ্যালয়, আদালত, কৰ্প’ৰেট সংস্থা, সংবাদ মাধ্যম আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহত ভাষণ, বৈঠক আৰু আনুষ্ঠানিক যোগাযোগ সঠিকভাৱে লিপিবদ্ধ কৰাৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে। দক্ষ office professional-ৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে stenography-ক বৰ্তমানেও এক সন্মানজনক আৰু স্থিৰ পেছা হিচাপে গণ্য কৰা হয়। NCVT আৰু SCVT-ৰ অধীনস্থ এই ১ বছৰীয়া ITI Stenography Course দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে উপযোগী হয়৷ যিসকলে administrative, clerical অথবা secretarial ক্ষেত্ৰত ভৱিষ্যতে কেৰিয়াৰ গঢ়িব বিচাৰে তেওঁলোকৰ বাবে সঠিক বাছনি হ’ব ‘ষ্টেনোগ্ৰাফী’ পাঠ্যক্ৰম৷

অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বামুণীমৈদামত ‘ষ্টেনোগ্ৰাফী’ পাঠ্যক্ৰমত speed, accuracy, discipline আৰু professionalism-ৰ ওপৰত বিশেষ গুৰুত্ব দিয় শিকোৱা হয়, যাতে শিক্ষাৰ্থীসকল competitive exam, office job আৰু বাস্তৱ কৰ্মক্ষেত্ৰৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিব পাৰে।
Stenography Course সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে shorthand writing, typing speed, grammar আৰু office procedures-ৰ ওপৰত দক্ষতা লাভ কৰে, যাৰ ফলত তেওঁলোক administrative আৰু clerical পদৰ বাবে সম্পূৰ্ণৰূপে উপযুক্ত হৈ উঠিব।

অসম উদ্যোগিক প্ৰশিভণ প্ৰতিষ্ঠান বামুণীমৈদামত ‘ষ্টেনোগ্ৰাফী’ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে জানি লওঁক —

Course Name : Stenography
Duration : ১ বছৰ (২টা Semester)
Eligibility : দশম শ্ৰেণী উত্তীৰ্ণ
Age : নামভৰ্তিৰ সময়ত ন্যূনতম বয়স ১৪ বছৰ হ’ব লাগিব।
Affiliation : NCVT / SCVT
Admission Process : counseling আৰু merit-based selection-ৰ জৰিয়তে নামভৰ্তি সম্পন্ন কৰা হয়।
Certification : Government Recognized ITI Stenography Certificate
Course Type : Vocational/Skill Development
SC/ST/OBC/EWS/BPL শিক্ষাৰ্থীসকলে চৰকাৰী নিয়ম অনুসৰি fee concession আৰু scholarship লাভ কৰিব পাৰে।

উক্ত Stenography Course-ত তাত্বিক, অনুশীলন আৰু employability skills একেলগে শিকোৱা হয়৷ যাতে শিক্ষাৰ্থীসকল আত্মবিশ্বাসেৰে চাকৰিৰ বাবে প্ৰস্তুত হৈ উঠিব পাৰে।

পাঠ্যক্ৰমত মূলত শিকোৱা হ’ব —
• Shorthand principles-ৰ পৰিচয়
• Alphabet আৰু symbols
• Word formation techniques
• Dictation practice
• Speed building exercises
• Accuracy improvement
• Transcription practice

➮ Typing & Computer Skills
• English typing
• Keyboard techniques
• Typing speed আৰু accuracy
• MS Word আৰু document formatting
• File management
• Office automation basics

➮ Office & Administrative Skills
• Office procedures
• Official correspondence
• Letter drafting আৰু report writing
• Filing আৰু record management
• Telephone etiquette
• Confidential document handling

➮Communication & Language Skills
• English grammar আৰু vocabulary
• Spoken English
• Professional communication
• Listening আৰু comprehension skills

➮ Employability Skills
• Workplace discipline
• Time management
• Resume writing
• Interview preparation
• Professional ethics

➮ চাকৰিৰ সুযোগসমূহ (Career Opportunities)
Stenography-এ বহু ক্ষেত্ৰত দীৰ্ঘম্যাদী চাকৰীৰ সুযোগ প্ৰদান কৰে।
➮ Employment Sectors-
• চৰকাৰী কাৰ্যালয়
• আদালত আৰু আইনী কাৰ্যালয়
• Public Sector Undertakings
• ব্যক্তিগত কোম্পানী আৰু কৰ্প’ৰেট কাৰ্যালয়
• শিক্ষানুষ্ঠান
• সংবাদ মাধ্যম আৰু publishing houses

➮ লাভ কৰিব পৰা চাকৰিসমূহ হ’ব পাৰে-
• Stenographer
• Junior Stenographer
• Typist
• Office Assistant
• Court Stenographer
• Personal Assistant
অভিজ্ঞতা আৰু অধিক typing/shorthand speed লাভ কৰাৰ পিছত পেছাগতভাৱে senior administrative পদলৈও আগবাঢ়িব পাৰে।

➮ দৰমহা বা উপাৰ্জন এনেধৰণ হয়-
• Apprenticeship Stipend : ₹৭,০০০ – ₹৯,০০০ প্ৰতিমাহে
• Entry-Level Salary : ₹১২,০০০ – ₹১৮,০০০ প্ৰতিমাহে
• Experienced Stenographers : ₹২৫,০০০ – ₹৩৫,০০০ প্ৰতিমাহে
• Government Jobs : Pay commission অনুসৰি
চৰকাৰী ক্ষেত্ৰত কৰ্মৰত stenographer-সকলে চাকৰিৰ সুৰক্ষা, পদোন্নতি আৰু pension আদি সুবিধাও লাভ কৰে।

60 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly