অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

◉ নিবনুৱা বুলি নাভাবি পাঠ্যক্ৰম গ্ৰহণ কৰক, কেৰিয়াৰৰ বাবে শিকক ‘প্লাম্বাৰ’

◉ কামৰ সৰু বৰ নাই, শিকাৰো শেষ নাই৷ একেদৰে উচ্চ শিক্ষাৰে শিক্ষিত হ’লেহে কৰ্মক্ষেত্ৰত আগুৱাব পাৰি তেনে নহয়৷ আমাৰ সমাজৰ প্ৰচলিত কিছু ভুল ধাৰণাৰ বাবে বহু যুৱক-যুৱতীয়ে কৰ্মক্ষেত্ৰত পিছুৱাই যাবলগীয়া হয়৷ যাৰ ফলস্বৰূপে কৰ্মহীন বা নিবনুৱাৰ সংখ্যাও বাঢ়িবলৈ ধৰিছে৷ কাম বিচাৰি তেনেদৰে বহুতে হাবাথুৰি খাইছে৷ বহুতে নিজৰ ঠাইত কাম কৰিবলৈ লাজ কৰাৰ বাবে বহিৰাজ্যত গৈ কামৰ সন্ধান কৰিছে৷ কিন্তু আমি জনা উচিত যে এনে কিছুমান কাম আছে, যিবোৰ কৰিবলৈ বহু উচ্চ শিক্ষাৰ চাৰ্টিফিকেটৰো প্ৰয়োজন নাই আৰু লগতে কৰ্মদক্ষতাসম্পন্ন হোৱাজনৰ বাবে কামৰো অভাৱ নাই৷ অনায়াসে উপাৰ্জন কৰিব পাৰি৷ অতি বেছি উচ্চশিক্ষাৰে শিক্ষিত নোহোৱাকৈ কেৰিয়াৰ গঢ় দিব পৰা কিছুমান কাৰিকৰী দক্ষতা বিকাশৰ পাঠ্যক্ৰম আছে৷ তাৰ বাবে শিকোতাগৰাকীৰ মনৰ পৰা আগ্ৰহ লাগিব৷ তেনে এক পাঠ্যক্ৰম হৈছে ‘প্লাম্বাৰ’৷ যাৰ প্ৰয়োজন প্ৰতিজন লোকৰ ঘৰতে আছেই৷ কিয় এই পাঠ্যক্ৰমৰ প্ৰয়োজনীতা আছে জানোঁ আহক৷

অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, বামুণীমৈদাম, গুৱাহাটীত উপলব্ধ থকা আই.টি.আই কোৰ্ছৰ দক্ষতাভিত্তিক ITI ট্ৰেড ‘প্লাম্বাৰ’ য’ত শিক্ষাৰ্থীসকলক আবাসগৃহ, বাণিজ্যিক আৰু ঔদ্যোগিক ভৱনত ব্যৱহৃত প্লাম্বিং ইনষ্টলেশ্যন, মেৰামতি আদি কামৰ প্ৰশিক্ষণ দিয়া হয়। প্লাম্বিং এটা অত্যাৱশ্যকীয় ট্ৰেড৷ নিৰ্মাণ, পুনসংস্থাপন, বাসগৃহ আৰু বাণিজ্যিক বা ব্যক্তিগত খণ্ডত প্লাম্বাৰৰ চাহিদা আছে। উদাহৰণ হিচাপে ঘৰুৱাভাৱে আমাৰ সকলোৰে ঘৰত পানী লিকেজ হোৱা, পানী যোগানৰ পাইপৰ মাজত আৱৰ্জনা জমা হৈ পানী বন্ধ হৈ যোৱা ইত্যাদি ইত্যাদি ভিন্ন সমস্যাৰ বাবে প্লাম্বাৰৰ প্ৰয়োজনীয়তা সকলোৱে অনুভৱ কৰে৷

কাৰিকৰী দক্ষতাৰ ITI প্লাম্বাৰ পাঠ্যক্ৰমটো NCVT/SCVT-ৰ অধীনত চৰকাৰীভাৱে স্বীকৃত আৰু সেইসকল শিক্ষাৰ্থীৰ বাবে উপযুক্ত, যিসকলে পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত পোনপটীয়াকৈ চাকৰিৰ সুযোগ বা কৰ্মক্ষেত্ৰ লাভৰ লগতে ব্যৱহাৰিক দক্ষতা অথবা স্বনিয়োজিত হোৱাৰ পূৰ্ণ সুযোগ লাভ কৰিব পাৰে।

◉ পাঠ্যক্ৰমৰ বিষয়েঃ
পাঠ্যক্ৰমৰ নাম: প্লাম্বাৰ
পাঠ্যক্ৰমৰ সময়সীমা: ১ বছৰ
পাঠ্যক্ৰমৰ যোগ্যতা: অষ্টম শ্ৰেণী উত্তীৰ্ণ
পাঠ্যক্ৰমৰ স্বীকৃতি: NCVT / SCVT
পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ: ITI প্লাম্বাৰ (চৰকাৰী স্বীকৃত)
পাঠ্যক্ৰমৰ ধৰণ: বৃত্তিমূলক / দক্ষতা বিকাশ
পাঠ্যক্ৰমত মূলতঃ প্লাম্বাৰ একোজনৰ বাস্তৱ ব্যৱহাৰিক যন্ত্ৰপাতি, পাইপ, ফিটিংছ আৰু প্লাম্বিং চিষ্টেমৰ সহায়ত হাতে-কলমে ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

◉ প্লাম্বাৰ ট্ৰেড মানে কি বা কেনেধৰণৰ কাম কৰিব লাগে?
এজন প্লাম্বাৰ হৈছে এজন দক্ষ কাৰিকৰ বুলি ধৰা হয়৷ অৰ্থাৎ প্লাম্বাৰ এজন এনে লোক যিয়ে পানী যোগান ব্যৱস্থা, ড্ৰেনেজ ব্যৱস্থা, চেনিটাৰী ফিটিংছ আৰু পাইপিং নেটৱৰ্ক স্থাপন, মেৰামতি আদিৰ কাম কৰে। উপৰোক্ত ১ বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে স্বাধীনভাৱে অথবা নিৰ্মাণ কোম্পানী আৰু প্লাম্বাৰ যোগান ধৰোঁতা প্ৰতিষ্ঠানৰ সৈতে কাম কৰিব পৰা কাৰিকৰী দক্ষতা লাভ কৰে।

◉ প্লাম্বাৰ ট্ৰেডৰ যোগ্যতাৰ মানদণ্ডঃ
* স্বীকৃত বোৰ্ডৰ পৰা অষ্টম শ্ৰেণী উত্তীৰ্ণ
* ন্যূনতম বয়স: ১৪ বছৰ
* ভৰ্তি প্ৰক্ৰিয়া: অসম ITI অনলাইন কাউন্সেলিং আৰু মেধাভিত্তিক নিৰ্বাচন
* SC/ST/OBC/EWS/BPL শিক্ষাৰ্থীৰ বাবে মূল্য ৰেহাই আৰু স্ক’লাৰশ্বিপ সুবিধা উপলব্ধ

◉ পাঠ্যক্ৰমৰ সময়সীমা আৰু প্ৰশিক্ষণঃ
পাঠ্যক্ৰমত ১ বছৰৰ বাবে ২টা ছেমিষ্টাৰত বিভক্ত।

◉ পাঠ্যক্ৰমত প্ৰশিক্ষণৰ ধৰণ হ’ব-
* ৩০% তত্ত্বীয় শিক্ষা
* ৬০% ব্যৱহাৰিক / ৱৰ্কশ্বপ প্ৰশিক্ষণ
* ১০% Employability Skills বা নিয়োগ সম্পৰ্কে কৌশলগত জ্ঞান

◉ পাঠ্যক্ৰমত পাঠ্যসূচী আৰু প্ৰশিক্ষণৰ মূল বিষয়সমূহ হৈছে,
* প্লাম্বিং কামত সুৰক্ষা বিধি
* প্লাম্বিং যন্ত্ৰপাতি আৰু ইয়াৰ ব্যৱহাৰ
* বিভিন্ন ধৰণৰ পাইপ (PVC, GI, CPVC, Copper)
* পাইপ কাটিং, বেণ্ডিং, থ্ৰেডিং আৰু জইণ্টিং
* পানী যোগান ব্যৱস্থা স্থাপন
* চেনিটাৰী ফিটিংছ স্থাপন (WC, Basin, Sink)
* ড্ৰেনেজ আৰু নিকাশী ব্যৱস্থা
* লিক চিনাক্তকৰণ আৰু মেৰামতি পদ্ধতি
* প্লাম্বিং ড্ৰয়িং
* বৰষুণৰ পানী সংৰক্ষণ ব্যৱস্থাৰ মৌলিক জ্ঞান

◉ পাঠ্যক্ৰমত অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, গুৱাহাটীত উপলব্ধ সুবিধাসমূহ হৈছে
* উন্নত প্লাম্বিং ৱৰ্কশ্বপ
* আধুনিক প্লাম্বিং যন্ত্ৰপাতি আৰু ফিটিংছ
* লাইভ মডেলত ব্যৱহাৰিক প্ৰশিক্ষণ
* অভিজ্ঞ প্ৰশিক্ষক
* উদ্যোগমুখী প্ৰশিক্ষণ

◉ পাঠ্যক্ৰমৰ শেষত লাভ কৰা প্ৰমাণপত্ৰ
* NCVT প্ৰমাণপত্ৰ (সমগ্ৰ ভাৰতত বৈধ)
* SCVT প্ৰমাণপত্ৰ (অসমৰ ভিতৰত বৈধ)
এই প্ৰমাণপত্ৰসমূহৰ সহায়ত চৰকাৰী চাকৰি, ব্যক্তিগত খণ্ড, Apprenticeship আৰু উচ্চ বৃত্তিমূলক প্ৰশিক্ষণৰ বাবেও আবেদন কৰিব পাৰিব।

◉ চাকৰিৰ সুযোগ বা নিয়োজনৰ পথসমূহ হৈছে
* নিৰ্মাণ কোম্পানী
* প্লাম্বিং আৰু ৰক্ষণাবেক্ষণ সেৱা প্ৰতিষ্ঠান
* হোটেল, হাস্পতাল, মল আৰু এপাৰ্টমেণ্ট
* ঔদ্যোগিক কাৰখানা আৰু প্লান্ট
* চৰকাৰী বিভাগ আৰু PSU

◉ চাকৰিৰ পদসমূহ উপলব্ধ হিচাপে
* প্লাম্বাৰ
* মেইনটেনেন্স প্লাম্বাৰ
* চেনিটাৰী টেকনিচিয়ান
* পাইপ ফিটাৰ
* প্লাম্বিং ছুপাৰভাইজাৰ
* ছাৰ্ভিচ টেকনিচিয়ান

◉ দৰমহা বা উপাৰ্জন হিচাপে এনেধৰণৰ হয়
* Apprenticeship Stipend: ₹৭,০০০ – ₹৯,০০০ (প্ৰতিমাহ)
* Entry-Level Salary: ₹১০,০০০ – ₹১৫,০০০ (প্ৰতিমাহ)
* অভিজ্ঞ প্লাম্বাৰ: ₹২০,০০০ – ₹৩০,০০০ (প্ৰতিমাহ)
* স্বনিয়োজিত প্লাম্বাৰ: ₹৩৫,০০০ – ₹৫০,০০০+ (প্ৰতিমাহ)

◉ অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, গুৱাহাটীত বাছনি কৰি প্ৰশিক্ষণ শেষ হোৱাৰ পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব
* চৰকাৰী স্বীকৃত NCVT / SCVT প্ৰমাণপত্ৰ
* গুৱাহাটীৰ ভিতৰত অন্যতম উত্তম ITI প্লাম্বাৰ পাঠ্যক্ৰম
* সুলভ চৰকাৰী ITI ফীছ
* উন্নত ব্যৱহাৰিক প্ৰশিক্ষণ
* অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষা
* Placement আৰু Apprenticeship সহায়ৰ হাত আগবঢ়োৱা হয়৷

54 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly