অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

জিকালি প্ৰায়বোৰ মানুহৰ মুখত শুনা এটা সহজ শব্দ হৈছে ‘ইণ্টেৰিয়ৰ ডিজাইন’৷ এই শব্দৰ প্ৰতিশব্দ বিচাৰিলে পোৱা যায় যে আভ্যন্তৰীণ সজ্জা৷ বৰ্তমান সকলো লোকে পছন্দ অনুসৰি আধুনিক ৰূপত একোটা দৃষ্টিনন্দন পৰিৱেশ চাব বিচাৰে৷ আধুনিক ৰূপত গঢ় দিয়া নিজৰ কোঠাতো, ঘৰ বা আচবাব পত্ৰ ইত্যাদি পছন্দ অনুসৰি সজাব বিচাৰে৷ কিন্তু সেইখিনি কৰিবলৈ যাওঁতে এটা খৰছৰ কথা আহি পৰে৷ কিন্তু কম খৰছতে বা পছন্দ অনুসৰি সুন্দৰভাৱে সজাবলৈ একোজন আভ্যন্তৰীণ ডিজাইনাৰৰ অতিকে প্ৰয়োজন হয়৷ মূলত ইণ্টেৰিয়ৰ ডিজাইনৰ কাম হৈছে যিকোনো আবাসগৃহ, ভৱনৰ ভিতৰৰ স্থানসমূহক অধিক আকৰ্ষণীয়, সুৰক্ষিত, আৰামদায়ক আৰু দৃষ্টিনন্দন কৰি তোলাৰ উদ্দেশ্যে বা পৰিকল্পনা কৰা কাম৷ ডিজাইন আৰু বিজ্ঞানসন্মতভাৱে শিল্পৰ প্ৰয়োগ কৰে ইণ্টেৰিয়ৰ ডিজাইনে। ‘ইণ্টেৰিয়ৰ ডিজাইন’ৰ অন্তৰ্গত আসবাব-পত্ৰ, পছন্দৰ অনুসৰি ৰং আদিৰ মিশ্ৰণ, আলোকসজ্জা আৰু সাজ-সজ্জাৰ সামগ্ৰীসমূহ সঠিকভাৱে প্ৰতিষ্ঠা কৰা, যাতে যিকোনো মানুহৰ মনৰ প্ৰয়োজনখিনি সঠিকভাৱে পূৰণ কৰিব পাৰে৷

এজন ইণ্টেৰিয়ৰ ডিজাইনাৰে সৃষ্টিশীলতা আৰু কাৰিকৰী জ্ঞান একেলগে ব্যৱহাৰ কৰি ঘৰ, কাৰ্যালয়, হোটেল, দোকান আৰু অন্যান্য অভ্যন্তৰীণ পৰিৱেশৰ সৌন্দৰ্য, আৰামদায়ক আৰু ব্যৱহাৰযোগ্যতা বৃদ্ধি কৰি তোলে। কেৰিয়াৰ হিচাপে বৰ্তমান এজন ইণ্টেৰিয়ৰ ডিজাইনাৰৰ উপাৰ্জন আকৰ্ষণীয়৷ ডিজাইন অনুসৰি বা প্ৰয়োজনীয় সামগ্ৰী অনুসৰি উপাৰ্জন পৃথক পৃথক৷ কেৰিয়াৰ হিচাপে ‘ইণ্টেৰিয়ৰ ডিজাইন’ নিৰ্বাচিত কৰিবলৈ সাধাৰণভাৱে দৃষ্টিনন্দন বিষয়বস্তুৰ সম্পৰ্কীয় কিছু জ্ঞানৰ প্ৰয়োজন। পেচাগতভৱে যদি ইণ্টেৰিয়ৰ ডিজাইনৰ কাম কৰিব বিচাৰে তেন্তে বিশেষ কিছু অধ্যয়নৰ প্ৰয়োজন হ’ব। তাৰ পাবে বৰ্তমান ভিন্ন প্ৰতিষ্ঠানত এই বিষয়ে জ্ঞান লাভ কৰিব পাৰে।


গুৱাহাটীত ইণ্টেৰিয়ৰ ডিজাইনৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পৰা সুবিধা আছে। গুৱাহাটীৰ বামুণীমৈদামত থকা Assam Industrial Training Institute (AITI)-এ আগবঢ়োৱা Interior Design & Decoration Course হৈছে এক সৃষ্টিশীল আৰু কেৰিয়াৰমুখী ITI পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত পাঠ্যক্ৰম। কৰ্মসংস্থাপনৰ বাট মুকলি কৰিব পৰা এই পাঠদান সেইসকল শিক্ষাৰ্থীৰ বাবে বিশেষভাৱে উপযোগী যিসকলে ইণ্টেৰিয়ৰ ডিজাইন, স্পেচ প্লেনিং আৰু ডেকৰেটিভ ষ্টাইলিঙত পেছাদাৰীবাৱে ভৱিষ্যৎ গঢ়িব বিচাৰে। ইণ্টেৰিয়ৰ ডিজাইনাৰে মূলত বাসগৃহ, বাণিজ্যিক স্থান, ৰিটেইল ষ্ট’ৰ, আতিথ্য আৰু কাৰ্যালয়সমূহৰ ভিতৰৰ পৰিৱেশ সুন্দৰ আৰু ব্যৱহাৰোপযোগী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসম আৰু সমগ্ৰ ভাৰতত ৰিয়েল এষ্টেট, আবাসগৃহ প্ৰকল্প, বাণিজ্যিক কমপ্লেক্স, হোটেল, কেফে, শ্ব’ৰুম আৰু কাৰ্যালয়ৰ ইণ্টেৰিয়ৰ ক্ষেত্ৰত দ্ৰুত বিকাশ হোৱাৰ ফলত প্ৰশিক্ষিত ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু ডেকৰেটৰৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত NCVT আৰু SCVT-ৰ সৈতে সংযুক্ত ২ বছৰীয়া ITI Interior Design & Decoration Course-ত পঢ়িবলৈ দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ লগতে সৃষ্টিশীলতা, ডিজাইন আৰু স্থান পৰিকল্পনাত আগ্ৰহ থকা শিক্ষাৰ্থীৰ বাবে এক উত্তম বিকল্প বুলিব পাৰি।

ব্যৱহাৰিক ডিজাইন দক্ষতা, ড্ৰয়িং কৌশল আৰু উদ্যোগ- Interior Design & Decorationত ব্যৱহাৰ হোৱা ছফ্টৱেৰৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়, যাতে শিক্ষাৰ্থীসকল পেছাদাৰী ইণ্টেৰিয়ৰ ডিজাইন ক্ষেত্ৰত কাম কৰিবলৈ সম্পূৰ্ণভাৱে সাজু হৈ কেৰিয়াৰ গঢ়িব পাৰে।

অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত উপলব্ধ পাঠ্যক্ৰম এনেধৰণৰঃ
পাঠ্যক্ৰম: Interior Design & Decoration
সময়: ২ বছৰ (৪টা ছেমিষ্টাৰ)
যোগ্যতা: দশম শ্ৰেণী উত্তীৰ্ণ
NCVT / SCVT
প্ৰমাণপত্ৰ: ITI Interior Design & Decoration (চৰকাৰ স্বীকৃত)
পাঠ্যক্ৰমৰ ধৰণ: বৃত্তিমূলক / দক্ষতা বিকাশমূলক পাঠ্যক্ৰম

অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত কাৰিকৰী দক্ষতা আৰু বাস্তৱমুখী প্ৰয়োগৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানেৰে Interior Design & Decoration Course, ITI পাঠ্যক্ৰম অনুসৰি পৰিচালিত হয়।

শিক্ষাগত যোগ্যতা:
প্ৰাৰ্থীয়ে কোনো স্বীকৃত বোর্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।

বয়সৰ প্ৰয়োজনীয়তা:
ভৰ্তিৰ সময়ত ন্যূনতম বয়স ১৪ বছৰ হ’ব লাগিব।

ভৰ্তি প্ৰক্ৰিয়া:
ভৰ্তি Assam ITI counseling-ৰ কনচেলিং আৰু মেধা-ভিত্তিক বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে সম্পন্ন কৰা হয়।

সংৰক্ষণ আৰু সুবিধাসমূহ:
SC/ST/OBC/EWS/BPL শ্ৰেণীৰ শিক্ষাৰ্থীসকলে প্ৰযোজ্য নিয়ম অনুসৰি ৰেহাই আৰু চৰকাৰী স্ক’লাৰশ্বিপৰ সুবিধা লাভ কৰিব পাৰিব।

প্ৰশিক্ষণ পদ্ধতি:
৪০% তত্ত্বিক (Theory)
৫০% ব্যৱহাৰিক / ষ্টুডিঅ’ আৰু ডিজাইন কাম (Practical / Studio & Design Work)
১০% চাকৰি-যোগ্যতা আৰু ছফ্ট স্কিল (Employability & Soft Skills)
শিক্ষাৰ্থীসকলে ড্ৰয়িং অনুশীলন, ডিজাইন প্ৰজেক্ট আৰু মডেল তৈয়াৰ কৰাৰ জৰিয়তে নিয়মিত ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰিব।

# ইণ্টেৰিয়ৰ ডিজাইনৰ মৌলিক বিষয়সমূহ:
*ইণ্টেৰিয়ৰ ডিজাইনৰ ভিত্তি (Fundamentals of Interior Design)
• ইণ্টেৰিয়ৰ ডিজাইন ধাৰণাৰ পৰিচয়
• ডিজাইনৰ উপাদান আৰু নীতি

*ড্ৰয়িং আৰু ভিজুৱেলাইজেচন দক্ষতা (Drawing & Visualization Skills)*
• ফ্ৰীহেণ্ড স্কেচিং
• পাৰস্পেক্টিভ ড্ৰয়িং
• অৰ্থ’গ্ৰাফিক ড্ৰয়িং
• ফ্ল’ৰ প্লেন, এলিভেচন আৰু ছেকচন
• প্ৰেজেণ্টেচন কৌশল

*ৰং, সামগ্ৰী আৰু ফিনিছিং (Color, Materials & Finishes)*
• ৰঙৰ তত্ত্ব আৰু ৰঙৰ সংমিশ্ৰণ
• সামগ্ৰী আৰু ফিনিছিং নিৰ্বাচন
• ফ্ল’ৰিং, ৱাল ফিনিছ আৰু চিলিং ট্ৰিটমেণ্ট
• টেক্সচাৰ আৰু পেটাৰ্ণ

*ফাৰ্নিচাৰ আৰু লাইটিং ডিজাইন (Furniture & Lighting Design)
• ফাৰ্নিচাৰৰ ধৰণা
• মডিউলাৰ ফাৰ্নিচাৰ ধাৰণা
• লাইটিংৰ ধৰণা আৰু সংস্থাপন
• ডেকৰেটিভ আৰু ফাংচনেল লাইটিং

*ইণ্টেৰিয়ৰ ডেকৰেশন আৰু ষ্টাইলিং (Interior Decoration & Styling)
• কাৰ্টেইন, ব্লাইণ্ড আৰু ছফ্ট ফাৰ্নিছিং
• এক্সেছ’ৰিজ আৰু সজ্জাসামগ্ৰী
• স্পেচ ষ্টাইলিং কৌশল
• থিম-ভিত্তিক ইণ্টেৰিয়ৰ ডেকৰেশন

*কম্পিউটাৰ-সহায়ক ডিজাইন (CAD)
• AutoCAD-ৰ পৰিচয়
• CAD ব্যৱহাৰ কৰি 2D ইণ্টেৰিয়ৰ ড্ৰয়িং
• লে-আউট প্লেনিং আৰু স্কেলিং
• মৌলিক 3D ভিজুৱেলাইজেচন ধাৰণা

*এষ্টিমেচন আৰু প্ৰকল্পৰ ভিত্তি (Estimation & Project Basics)
• মেজাৰমেণ্ট আৰু পৰিমাণৰ মৌলিক জ্ঞান
• খৰচ অনুমানৰ ভিত্তি

*চাকৰি-যোগ্যতা দক্ষতা (Employability Skills)
• গ্ৰাহকৰ সৈতে যোগাযোগ স্থাপন
• প্ৰেজেণ্টেচন আৰু প্ৰপ’জেল দক্ষতা

#নিয়োগৰ ক্ষেত্ৰসমূহ (Employment Sectors)
• ইণ্টেৰিয়ৰ ডিজাইন ফাৰ্মসমূহ
• স্থাপত্য আৰু নিৰ্মাণ কোম্পানীসমূহ
• ৰিয়েল এষ্টেট ডেভেল’পাৰ
• ফাৰ্নিচাৰ আৰু ডেক’ৰ শ্ব’ৰুমসমূহ
• হোটেল, ৰিজ’ৰ্ট আৰু অতিথিগৃহৰ প্ৰকল্পসমূহ
• ৰিটেইল আৰু বাণিজ্যিক স্থানসমূহ

#চাকৰিৰ পদসমূহ (Job Roles) কেনেধৰণৰ হয়?
• জুনিয়ৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ
• ইণ্টেৰিয়ৰ ডেকৰেটৰ
• ডিজাইন সহায়ক (Design Assistant)
• চাইট ইণ্টেৰিয়ৰ ছুপাৰভাইজাৰ
• CAD ইণ্টেৰিয়ৰ ড্ৰাফ্টছমেন
• ফ্ৰীলান্স ইণ্টেৰিয়ৰ কনছালটেণ্ট

প্ৰশিক্ষিত শিক্ষাৰ্থীজনে কৰ্ম অভিজ্ঞতা আৰু শক্তিশালী প’ৰ্টফ’লিঅ’ গঢ়ি তোলাৰ পিছত স্বতন্ত্ৰভাৱে ডিজাইনাৰ হিচাপে কাম কৰিব পাৰে অথবা নিজৰ ডিজাইন ষ্টুডিঅ’ আৰম্ভ কৰি বহুল পৰিমাণৰ উপাৰ্জনো কৰিব পাৰে।

#দৰমহা হিচাপে কেনেধৰণৰ হয়?
• এপ্ৰেণ্টিছশিপ / ইণ্টাৰ্নশিপ ষ্টাইপেণ্ড: ₹7,000 – ₹10,000 প্ৰতি মাহ
• আৰম্ভণিৰ দৰমহা: ₹12,000 – ₹20,000 প্ৰতি মাহ
• অভিজ্ঞ ডিজাইনাৰ: ₹25,000 – ₹40,000 প্ৰতি মাহ
• ফ্ৰীলান্স / স্বনিয়োজিত ডিজাইনাৰ: ₹50,000+ প্ৰতি মাহ (প্ৰজেক্ট-ভিত্তিক)
এই ক্ষেত্ৰত নিজৰ অভিজ্ঞতা, সৃষ্টিশীলতা আৰু গ্ৰাহকৰ সৈতে যোগাযোগ বৃদ্ধিৰ ফলত আয়ৰ মাত্ৰা বৃদ্ধি পায়।

60 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly