● ‘ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং’ পঢ়ি কেৰিয়াৰৰ সুযোগ লাভ কৰক
➨ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত অধ্যয়ন কৰিহে চাকৰিমুখী কেৰিয়াৰ গঢ়িব পাৰি তেনে নহয়৷ কিয়নো অধিক ছাত্ৰ-ছাত্ৰীক বিশেষকৈ এই ৩টা শাখাত উচ্চ শিক্ষা লাভ কৰা দেখিবলৈ পোৱা যায়৷ আই.টি.আই, পলিটেকনিক আৰু বি.টেক ইত্যাদি কাৰিকৰী শিক্ষামূলক পাঠ্যক্ৰমত নামভৰ্তি কৰিও অধিক কেৰিয়াৰৰ বাবে পূৰ্ণ সুযোগ পাব পাৰি৷ বৰ্তমান কেৰিয়াৰ বুলিলে আমি সচৰাচৰ চৰকাৰীভাৱে সংস্থাপন হোৱাৰ কথাটোহে মনলৈ পোনপটীয়াকৈ আহে৷ অভিভাৱকেও নিজৰ সন্তানক ব্যক্তিগত খণ্ড বা নিজে আত্মনিয়োজন হোৱাতকৈ চৰকাৰী চাকৰি লাভ কৰাটোতহে অধিক গুৰুত্ব দিয়া দেখা যায়৷ কিন্তু সেই অনুপাতে যিমানসংখ্যক চৰকাৰী নিয়োগৰ সুবিধা আছে তাতকৈ যদি বৃত্তিমূলক পাঠ্যক্ৰমত নামভৰ্তি কৰে তেন্তে অধিক পৰিমাণে কেৰিয়াৰৰ সুযোগ লাভ কৰিব পাৰিব৷ তদুপৰি বৃত্তিমূলক পাঠ্যক্ৰমে তাত্বিক আৰু ব্যৱহাৰিক দুয়োটা দিশতে নিজকে আগুৱাই নিব পাৰে৷ সেয়েহে বিভিন্ন ধৰণৰ কেৰিয়াৰৰ সুযোগ পাব পৰা বৃত্তিমূলক পাঠ্যক্ৰমসমূহৰ ভিতৰত পলিটেকনিক পাঠ্যক্ৰমৰ অন্তৰ্গত এক পাঠ্যক্ৰম হৈছে ‘ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ডিপ্ল’মা পাঠ্যক্ৰম৷ এই পাঠ্যক্ৰমে চৰকাৰী আৰু ব্যক্তিগত উদ্যোগিক খণ্ডত পূৰ্ণ সুযোগৰ কেৰিয়াৰ গঢ় দিব পাৰে৷

ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং (EEE) পাঠ্যক্ৰমৰ দ্বাৰা বিদ্যুৎ, বিদ্যুৎ চুম্বকত্ব আৰু ইলেক্ট্ৰনিক ব্যৱস্থাৰ অধ্যয়ন, ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্সৰ নক্সা প্ৰস্তুত আৰু প্ৰায়োগিক দিশক সামৰি লৈ ছাত্ৰ-ছাত্ৰীক জ্ঞান প্ৰদান কৰে৷ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমে মূলতঃ বৃহৎ পৰিসৰৰ বিদ্যুৎ উৎপাদন আৰু বিতৰণ ব্যৱস্থাপনা ওপৰত গুৰুত্ব আৰোপ কৰে৷ আনহাতে ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমে ছেমিকণ্ডাক্টৰ আৰু মাইক্ৰ’প্ৰচেছৰৰ দৰে ক্ষুদ্ৰ, কম-শক্তি উপাদানসমূহৰ ওপৰত জ্ঞান প্ৰদান কৰে৷ যদি পোনপটীয়া পাৰ্থক্য হিচাপে চোৱা যায় তেতিয়া দেখা পোৱা যাব যে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমে বৃহৎ পৰিসৰৰ শক্তি ব্যৱস্থাৰ ওপৰত কেন্দ্ৰিভূত। লগতে উচ্চ-ভল্টেজ বা উচ্চ বিদ্যুত শক্তি উৎপাদন, সঞ্চালন আৰু বিতৰণ, ট্ৰান্সফৰ্মাৰ, পাৱাৰ গ্ৰিড আৰু ইলেক্ট্ৰিক মটৰৰ সৈতে জড়িত বিষয়সমূহ অধ্যয়ন কৰে৷ আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ এক উপ-শাখা বুলি ধৰা হয়৷ যিয়ে ক্ষুদ্ৰ বা কম-শক্তি পৰিসৰৰ ওপৰত কেন্দ্ৰিভূত। য’ত চাৰ্কিট ডিজাইন, ট্ৰানজিষ্টৰ, ইন্টিগ্ৰেটেড চাৰ্কিট (IC) আৰু ডিজিটেল ব্যৱস্থাৰ সৈতে জড়িত বিষয়সমূহ অন্তৰ্ভুক্ত কৰি জ্ঞান প্ৰদান কৰে।
ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং (EEE) পাঠ্যক্ৰমত কেনেদৰে শিক্ষা গ্ৰহণ কৰিব পাৰি জানোঁ আহক৷
ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত ডিপ্লোমা হৈছে এক অতি কৰ্মমুখী পলিটেকনিক ডিপ্লোমা পাঠ্যক্ৰম৷ এই পাঠ্যক্ৰমে ইলেক্ট্ৰনিক্স, বৈদ্যুতিক ব্যৱস্থা, অটোমেচন, যোগাযোগ প্ৰযুক্তি আৰু ঔদ্যোগিক ইঞ্জিনিয়াৰিং ক্ষেত্ৰত পূৰ্ণকালীন ভৱিষ্যৎ গঢ়িব বিচৰা শিক্ষাৰ্থীৰ বাবে বিশেষভাৱে উপযোগী শৈক্ষিক পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং দুয়োটাৰ অধ্যয়ন একেলগে অন্তৰ্ভুক্ত থাকে৷ দশমমান শ্ৰেণীৰ পিছৰ আটাইতকৈ সুযোগ লাভ কৰিব পৰা বহুমুখী ডিপ্লোমা পাঠ্যক্ৰমসমূহৰ ভিতৰত অন্যতম বুলি ক’ব পাৰি।
ইতিমধ্যে উল্লেখ কৰা হৈছে যে, পাঠ্যক্ৰমত বৈদ্যুতিক চাৰ্কিট, ইলেক্ট্ৰনিক ডিভাইচ, ৱায়াৰিং ব্যৱস্থা, ঔদ্যোগিক অটোমেচন, পাৱাৰ চিষ্টেম, যোগাযোগ সঁজুলি, নিয়ন্ত্ৰণ ব্যৱস্থা, ট্ৰান্সফৰ্মাৰ, মটৰ, ডিজিটেল ইলেক্ট্ৰনিক্স আৰু আধুনিক ঔদ্যোগিক প্ৰযুক্তিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি শিক্ষাদান কৰা হয়। শিক্ষাৰ্থীসকলে বিনাদ্বিধাই উদ্যোগ, বিদ্যুৎ কেন্দ্ৰ, ইলেক্ট্ৰনিক্স উৎপাদন কোম্পানী, টেলিকম খণ্ড, অটোমেচন উদ্যোগ আৰু চৰকাৰী উদ্যোগিক ক্ষেত্ৰত কাম কৰিবলৈ প্ৰয়োজনীয় তাত্ত্বিক জ্ঞান আৰু ব্যৱহাৰিক প্ৰশিক্ষণ সম্পূৰ্ণৰূপে লাভ কৰে। সম্প্ৰতি দ্ৰুত প্ৰযুক্তিগত উন্নয়ন, স্মাৰ্ট চিষ্টেম, অটোমেচন, নবীকৰণযোগ্য শক্তি আৰু ইলেক্ট্ৰনিক্স-ভিত্তিক উদ্যোগসমূহ দ্ৰুতগতিত বৃদ্ধি পোৱাত অতি দক্ষ ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰিকেল ডিপ্ল’মা থকা লোকৰ বাবে চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে৷ সেইবাবে যিসকলে দশমমান শ্ৰেণীৰ পিছত পলিটেকনিক পাঠ্যক্ৰমৰ অন্তৰ্গত ইঞ্জিনিয়াৰিং ডিপ্লোমা আৰু কৰ্মমুখী প্ৰযুক্তিগত বৃত্তিমূলক শিক্ষাৰ সন্ধান কৰিছে তেনে শিক্ষাৰ্থীৰ বাবে এই পাঠ্যক্ৰম অতি গুৰুত্বপূৰ্ণ৷
এই পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক উদ্যোগ, ঘৰ, কাৰখানা, যন্ত্ৰ আৰু যোগাযোগ ব্যৱস্থাত ব্যৱহৃত বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক ব্যৱস্থা কেনেকৈ কাম কৰে সেই বিষয়ে বুজিবলৈ সহায় কৰে। ইয়াত ৱৰ্কশ্বপ, লেব, প্ৰজেক্ট আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰিক প্ৰশিক্ষণ সম্পৰ্কীয় জ্ঞান প্ৰদান কৰে।
● পাঠ্যক্ৰমৰ সময়সীমা- ৩ বছৰ (৬টা ছেমিষ্টাৰ)
● শৈক্ষিক যোগ্যতা- দশম উত্তীৰ্ণ
● নামভৰ্তি পদ্ধতি- মেধাভিত্তিক/প্ৰত্যক্ষ নামভৰ্তি
● পাঠ্যক্ৰমৰ ধৰণ- নিয়মীয়াভাৱে
● পাঠ্যক্ৰমত শিকোৱা হ’ব- ইঞ্জিনিয়াৰিং আৰু প্ৰযুক্তি
● কৰ্মক্ষেত্ৰ হিচাপে- চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ড
● আনুমানিক দৰমহা গড়ে- ₹২ লাখৰ পৰা ₹৬ লাখ বছৰি
● পাঠ্যক্ৰমৰ উচ্চ শিক্ষা- বি.টেক/AMIE/চাৰ্টিফিকেট পাঠ্যক্ৰম
● শিক্ষাৰ্থীজনে যদি বিজ্ঞান আৰু গণিত বিষয় থাকে তেন্তে অগ্ৰাধিকাৰ পাবলৈ সুবিধা হয়
● ন্যূনতম নম্বৰ প্ৰতিষ্ঠানভেদে বেলেগ হ’ব পাৰে
● বহু প্ৰতিষ্ঠানত প্ৰত্যক্ষ নামভৰ্তিৰ সুবিধা আছে
● ITI শিক্ষাৰ্থীসকলে কিছুমান মহাবিদ্যালয়ত লেটাৰেল এণ্ট্ৰি লাভ কৰিব পাৰে
➨ ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং (EEE) পাঠ্যক্ৰমত মুখ্য বিষয়সমূহ কি কি?
● ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ মৌলিক জ্ঞান
● ইলেক্ট্ৰনিক্স সম্পৰ্কীয় মৌলিক জ্ঞান
● ইঞ্জিনিয়াৰিং গণিত
● ইঞ্জিনিয়াৰিং পদাৰ্থবিজ্ঞান
● ডিজিটেল ইলেক্ট্ৰনিক্স
● এনালগ ইলেক্ট্ৰনিক্স
● বৈদ্যুতিক যন্ত্ৰ
● পাৱাৰ চিষ্টেম
● ঔদ্যোগিক ইলেক্ট্ৰনিক্স
● নিয়ন্ত্ৰণ ব্যৱস্থা
● যোগাযোগ ব্যৱস্থা
● বৈদ্যুতিক ৱায়াৰিং
● মাইক্ৰ’প্ৰচেছৰ আৰু মাইক্ৰ’কণ্ট্ৰ’লাৰ
● ইলেক্ট্ৰনিক যন্ত্ৰপাতি
● PLC আৰু অটোমেচন
● বৈদ্যুতিক ৰক্ষণাবেক্ষণ
● নবীকৰণযোগ্য শক্তি ব্যৱস্থা
● কম্পিউটাৰ প্ৰয়োগ
● চাৰ্কিটৰ তাত্বিক জ্ঞান
➨ শিক্ষাৰ্থীসকলে কি কি শিকিব?
● বৈদ্যুতিক চাৰ্কিট
● ইলেক্ট্ৰনিক উপাদান
● ৱায়াৰিং ব্যৱস্থা
● বৈদ্যুতিক যন্ত্ৰ
● ডিজিটেল ইলেক্ট্ৰনিক্স
● ট্ৰান্সফৰ্মাৰ আৰু জেনেৰেটৰ
● ঔদ্যোগিক অটোমেচন
● শক্তি বহনক্ষমতা
● বৈদ্যুতিক ৰক্ষণাবেক্ষণ
● নিয়ন্ত্ৰণ ব্যৱস্থা
● নবীকৰণযোগ্য শক্তি ব্যৱস্থা
● যোগাযোগ ব্যৱস্থা
ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং বিষয়ৰ মুখ্য উপ-শাখাসমূহ কি কি?
● পাৱাৰ চিষ্টেম আৰু নবীকৰণযোগ্য শক্তি (Power Systems & Renewable Energy):
সূৰ্য, বতাহ আৰু পাৱাৰ গ্ৰিডৰ দৰে উৎসৰ পৰা শক্তি আহৰণ, পৰিচালনা আৰু বিতৰণৰ সৈতে জড়িত।
● VLSI আৰু এম্বেডেড চিষ্টেম (VLSI & Embedded Systems):
কম্পিউটাৰ আৰু স্মাৰ্ট ডিভাইচৰ বাবে সৰু আৰু বিশেষভাৱে নিৰ্মিত মাইক্ৰ’চিপ আৰু চিষ্টেম-অন-চিপ ডিজাইন কৰা।
● টেলিকমিউনিকেশ্যন আৰু IoT (Telecommunications & IoT):
ডিজিটেল তথ্য সম্প্ৰসাৰণ, উপগ্ৰহৰ সৈতে যোগাযোগ নেটৱৰ্কৰ সংযোগ ব্যৱস্থাপনা কৰা।
● ৰ’বটিক্স আৰু অটোমেচন (Robotics & Automation):
স্বয়ংক্ৰিয় যন্ত্ৰ, ৰ’বট আৰু বুদ্ধিমান নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিকাশ আৰু ব্যৱহাৰৰ সৈতে জড়িত।
➨ ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমে দিব পৰা কৰ্মক্ষেত্ৰসমূহ কি কি?
ইলেক্ট্ৰনিক্স আৰু বৈদ্যুতিক ব্যৱস্থা প্ৰায় সকলো উদ্যোগতে ব্যৱহৃত হোৱাৰ বাবে এই ক্ষেত্ৰৰ কৰ্মক্ষেত্ৰত সুযোগ ক্ৰমাৎ বৃদ্ধি পাইছে৷
ডিপ্ল’মা লাভৰ পিছত প্ৰশিক্ষিত শিক্ষাৰ্থীজনে এনেবোৰ ক্ষেত্ৰত কাম কৰিব পাৰে৷
● বৈদ্যুতিক উদ্যোগ ● ইলেক্ট্ৰনিক্স উৎপাদন কোম্পানী
● অটোমেচন উদ্যোগ ● বিদ্যুৎ কেন্দ্ৰ
● টেলিকম খণ্ড ● নিৰ্মাণ কোম্পানী
● নবীকৰণযোগ্য শক্তি কোম্পানী
● ৰক্ষণাবেক্ষণ উদ্যোগ ● ৰে’লৱে খণ্ড
● চৰকাৰী প্ৰযুক্তিগত বিভাগ
পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে বিভিন্ন প্ৰযুক্তিগত চাকৰিৰ বাবে আবেদন কৰিব পাৰে। তেনে কিছু জনপ্ৰিয় চাকৰিৰ পদসমূহ এনেধৰণৰ হয়৷
● ইলেক্ট্ৰিকেল টেকনিচিয়ান ● ইলেক্ট্ৰনিক্স টেকনিচিয়ান
● জুনিয়ৰ ইঞ্জিনিয়াৰ ● মেইণ্টেনেন্স টেকনিচিয়ান
● ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰিচিয়ান ● চাৰ্ভিচ ইঞ্জিনিয়াৰ
● কণ্ট্ৰ’ল পেনেল টেকনিচিয়ান ● অটোমেচন টেকনিচিয়ান
● টেলিকম টেকনিচিয়ান ● ৱায়াৰিং টেকনিচিয়ান
● ইলেক্ট্ৰিকেল চুপাৰভাইজাৰ ● ফিল্ড টেকনিচিয়ান
● পাৱাৰ প্লাণ্ট টেকনিচিয়ান
শিক্ষাৰ্থীয়ে চৰকাৰী চাকৰি বা কেৰিয়াৰ পথ লাভ কৰিব পাৰে৷ চৰকাৰী সংস্থাসমূহে নিয়মিতভাৱে ডিপ্ল’মা থকা শিক্ষাৰ্থীসকলক নিযুক্তি প্ৰদানৰ বাবে পথৰ সন্ধান দিয়ে।
চৰকাৰী কৰ্মক্ষেত্ৰসমূহ এনেধৰণৰ হয়-
● ভাৰতীয় ৰে’লৱে ● ৰাজ্যিক বিদ্যুৎ ব’ৰ্ড
● BSNL ● DRDO
● ISRO ● NTPC
● ONGC ● BHEL
● Power Grid Corporation
● পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট
● ডিফেন্স খণ্ড
ব্যক্তিগত কোম্পানীসমূহেও কৰ্মক্ষেত্ৰত সুযোগ প্ৰদান কৰে।
উদ্যোগসমূহত বিশেষকৈ
● ইলেক্ট্ৰনিক্স উৎপাদন
● অটোমেচন উদ্যোগ
● টেলিকম কোম্পানী
● বৈদ্যুতিক সঁজুলি কোম্পানী
● নবীকৰণযোগ্য শক্তি কোম্পানী
● নিৰ্মাণ উদ্যোগ
● ঔদ্যোগিক ৰক্ষণাবেক্ষণ কোম্পানী
● গ্ৰাহক ইলেক্ট্ৰনিক্স কোম্পানী
ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ডিপ্ল’মা লাভ কৰাৰ পিছত যদি শিক্ষাৰ্থীজনে উচ্চ শিক্ষা গ্ৰহণৰ কৰাৰ কথা চিন্তা কৰে, তেন্তে ডিপ্ল’মা লাভৰ পিছত শিক্ষাৰ্থীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে৷
● বি.টেক ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং
● বি.টেক ইন ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং
● AMIE
● ইণ্ডাষ্ট্ৰিয়েল অটোমেচন পাঠ্যক্ৰম
● PLC & SCADA প্ৰশিক্ষণ
● এম্বেডেড চিষ্টেম পাঠ্যক্ৰম
● সৌৰ শক্তি চাৰ্টিফিকেচন
উচ্চ শিক্ষা গ্ৰহণৰ পিছত অভিজ্ঞ হৈ লাভ কৰিব পৰা আকৰ্ষণীয় দৰমহা এনেধৰণৰ হয়৷
অভিজ্ঞতা – দৰমহা
ফ্ৰেচাৰ ₹২ – ₹৩.৫ লাখ
অভিজ্ঞ ₹৪ – ₹৬ লাখ
বিশেষজ্ঞ ₹৭ লাখ+
উচ্চ শিক্ষাৰ মূল সুবিধাসমূহ হৈছে
● উচ্চ চাহিদাসম্পন্ন উদ্যোগত নিয়োগৰ সুযোগ
● শক্তিশালী ব্যৱহাৰিক দক্ষতা
● চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সুযোগ
● উচ্চ শিক্ষাৰ সুবিধা
● অটোমেচন, স্মাৰ্ট প্ৰযুক্তি আৰু নবীকৰণযোগ্য শক্তিৰ সৈতে জড়িত উজ্জ্বল ভৱিষ্যৎ
ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমে গঢ় দিব পৰা ভৱিষ্যৎ সম্ভাৱনাবোৰ বহুত৷ কাৰণ উদ্যোগসমূহে দ্ৰুতগতিত আধুনিক প্ৰযুক্তি গ্ৰহণ কৰি আছে বা ব্যৱহাৰৰ বাবে আগবাঢ়িছে৷ বিশেষকৈ লেখত ল’বলগীয়া দিশবোৰ হৈছে-
● ঔদ্যোগিক অটোমেচন
● স্মাৰ্ট ইলেক্ট্ৰনিক্স
● বৈদ্যুতিক বাহন
● নবীকৰণযোগ্য শক্তি ব্যৱস্থা
● ৰ’বটিক্স
● কৃত্ৰিম বুদ্ধিমত্তা
● স্মাৰ্ট গ্ৰিড
● IoT ডিভাইচ
● উন্নত যোগাযোগ ব্যৱস্থা
অৱশেষত এটা কথা স্পষ্ট যে, ইলেক্ট্ৰনিক্স আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমত ডিপ্ল’মা হৈছে এনে এক উৎকৃষ্ট প্ৰযুক্তিগত পাঠ্যক্ৰম, যিয়ে শিক্ষাৰ্থীক ইলেক্ট্ৰনিক্স, বৈদ্যুতিক ব্যৱস্থা, ঔদ্যোগিক অটোমেচন, যোগাযোগ প্ৰযুক্তি আৰু ইঞ্জিনিয়াৰিং উদ্যোগত সফল কৰ্মক্ষেত্ৰ গঢ়িবলৈ সহায় কৰে। এই পাঠ্যক্ৰমে ব্যৱহাৰিক দক্ষতা, ঔদ্যোগিক অভিজ্ঞতা, প্ৰযুক্তিগত জ্ঞান আৰু চৰকাৰী-বেচৰকাৰী দুয়ো খণ্ডতে উন্নত মানৰ কৰ্মক্ষেত্ৰত সুবিধা প্ৰদান কৰে। আগন্তুক সময়ত উন্নত প্ৰযুক্তিবিদ্যাই অটোমেচন, নবীকৰণযোগ্য শক্তি, ইলেক্ট্ৰনিক্স উৎপাদন আৰু স্মাৰ্ট প্ৰযুক্তিৰ বর্ধিত চাহিদাৰ সৈতে মোকাবিলা কৰি উক্ত পাঠ্যক্ৰমত ডিপ্ল’মা লাভে শিক্ষাৰ্থীৰ বাবে এক সঠিক জ্ঞান প্ৰদানৰ লগতে জীৱনৰ বাবে কেৰিয়াৰৰ দিশ নিৰ্ণয় কৰিব৷