অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

◉ ‘‘Wireman’’ বা বৈদ্যুতিক তাঁৰ সংযোগকাৰী মানে কি? কেনেদৰে কাম সম্পাদন কৰে একোজন বৈদ্যুতিক তাঁৰ সংযোগকাৰীয়ে?

⇝ বিদ্যুৎ হৈছে আধুনিক সমাজৰ জীৱনধাৰাৰ এক অবিচ্ছেদ্য অংশ। ঘৰ, কাৰ্যালয়, উদ্যোগ আৰু আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি আমাৰ দৈনন্দিন জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰেই বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল। এই বিদ্যুতৰ সুৰক্ষিত আৰু সঠিক প্ৰবাহ নিশ্চিত কৰাৰ আঁৰত থাকে এজন দক্ষ Wireman — যিজনে বৈদ্যুতিক তাঁৰ সংযোগ, স্থাপন, মেৰামতি আৰু সুৰক্ষিতভাৱে কৰ্ম সমাপন কৰে। গাঁও, নগৰ-চহৰ বুলি কথা নাই। আমাৰ প্ৰতিজন লোকৰ বিদ্যুতচালিত ভিন্ন আহিলা ব্যৱহাৰ কৰোঁ। কিন্তু সেই আহিলাসমূহ ব্যৱহাৰৰ বাবে আমাক সঠিক বিদ্যুত প্ৰবাহৰ প্ৰয়োজন হয়। যাৰ বাবে একোজন দক্ষতাসম্পন্ন বৈদ্যুতিক তাঁৰ সংযোগকাৰীৰ অতিকে প্ৰয়োজন অন্যথা ব্যৱহৃত সা-সজুঁলিসমূহ নষ্ট হোৱাৰ আশংকা থাকে। Wireman বা বৈদ্যুতিক তাঁৰ সংযোগকাৰী বা যাক আমি “তাঁৰ সংযোগকাৰী মিস্ত্ৰী” অথবা “বৈদ্যুতিক তাঁৰ মিস্ত্ৰী” বুলি কওঁ। অৰ্থাৎ সাধাৰণতে সেই ব্যক্তিক বুজায় যিয়ে বিদ্যুৎ সংযোগ, বৈদ্যুতিক তাঁৰ স্থাপন বা মেৰামতি কাম কৰে।

এজন “Wireman” হৈছে এজন বৈদ্যুতিক স্থাপন বা সংযোগকাৰী বিশেষজ্ঞ৷ যিয়ে বাণিজ্যিক (commercial) অথবা আৱাসিক (residential) গৃহত বৈদ্যুতিক সংযোগ আৰু স্থাপন কামত বিশেষ দক্ষ। “Inside wiremen” সকলে মূলতঃ বাণিজ্যিক ভৱন বা উদ্যোগিক গাঁথনিত কাম কৰে, আনহাতে “residential wiremen” সকলে ঘৰুৱাভাৱে ঘৰ আৰু স্থানীয়ভৱে বাসগৃহত কাম কৰে। মূলতঃ একোজন বৈদ্যুতিক স্থাপন বা সংযোগকাৰীক কাম বাহিৰৰ বিদ্যুৎ উৎসৰ সৈতে সংযোগ কৰা আৰু নিশ্চিত কৰে যে বিদ্যুৎ সমগ্ৰ ঘৰটোত সঠিকভাৱে বিতৰণ হৈছেনে নাই। বৈদ্যুতিক পেনেল, চাৰ্কিট ব্ৰেকাৰ, মিটাৰ, এলাৰ্ম ব্যৱস্থা, কনডুইট (conduits), আৰু লাইট ফিক্সাৰ পৰীক্ষণ কৰাও এজন “Wireman”ৰ দায়িত্বৰ অন্তৰ্ভুক্ত। কামৰ ভিতৰত কেবোল স্থাপন, বৈদ্যুতিক ফিক্সাৰ সংযোগ, ত্ৰুটি বিচাৰি সমাধান কৰা (troubleshooting), আৰু নিম্ন-ভোল্টেজ (LT) তথা উচ্চ-ভোল্টেজ (HT) ব্যৱস্থাৰ সৈতে কাম কৰে। যদিও Wireman-ৰ কাম ভিন্ন হ’ব পাৰে, তাৰ ভিতৰত নিৰ্মাণ উদ্যোগ — নতুন বা পুনৰ নিৰ্মাণ কৰা ঘৰসমূহৰ পৰা আৰম্ভ কৰি নিম্ন-ভোল্টেজ যন্ত্ৰপাতি থকা কাৰখানালৈকে বৈদ্যুতিক স্থাপন বা সংযোগকাৰীজনে কাম কৰে।

➮ এজন “Wireman”ৰ দায়িত্ব মূলত এনেধৰণৰঃ
➛ স্থাপন (Installation): বৈদ্যুতিক তাঁৰ, ছুইচব’ৰ্ড, কনডুইট আৰু লাইট, ফেন আদি বিদ্যুতৰ সংযোগ স্থাপন কৰা।
➛ ৰক্ষণাবেক্ষণ আৰু মেৰামতি (Maintenance & Repair): বৈদ্যুতিক ত্ৰুটি বিচাৰি উলিওৱা, ঘৰুৱা বৈদ্যুতিক সঁজুলি মেৰামতি কৰা, নষ্ট বা বেয়া হোৱা তাঁৰ বা অংশ সলনি কৰা।
➛ নিৰাপত্তা মানি চলা (Safety Compliance): সকলো বৈদ্যুতিক স্থাপনৰ পূৰ্বে সুৰক্ষামূলক আৰু নিয়ম অনুসৰি সংযোগ আছে নে নাই নিশ্চিত কৰা, যাতে বিপদৰ সম্ভাৱনা নাথাকে৷
➛ কাৰিকৰী কাম (Technical Work): conduit bender, wire stripper, multimeter আদি বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰা।
➛ উন্নত কাম (Advanced Tasks): গৃহ এটাত সৌৰ শক্তি (solar) উপাদান, বৈদ্যুতিক যানবাহন (EV) চাৰ্জিং ব্যৱস্থা কৰা কাম আদি।

➮ কৰ্মক্ষেত্ৰৰ পৰিৱেশ আৰু প্ৰশিক্ষণ (Work Environment and Training):
➛ কৰ্মস্থান (Settings): ‘‘Wireman’ বা ‘বৈদ্যুতিক তাঁৰ সংযোগকাৰী’’ সকলে বিভিন্ন ঠাইত কাম কৰে৷ যেনে- ঘৰ, নিৰ্মাণস্থলী আৰু কল-কাৰখানা।
➛ প্ৰশিক্ষণ (Training): সাধাৰণতে Wireman সকলৰ বাবে কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰাটো জৰুৰী৷ যেনে ITI Wireman trade, য’ত বৈদ্যুতিক অভিযান্ত্ৰিকীৰ মৌলিক জ্ঞান শিকোৱা হয়।
➛ প্ৰমাণপত্ৰ/লাইচেঞ্চ (Certification): কিছুমান এলেকাত আইনগতভাৱে কাম কৰিবলৈ তেওঁলোকক লাইচেঞ্চ বা অনুমোদনপত্ৰৰ প্ৰয়োজন হ’ব পাৰে।

ইলেক্ট্ৰিচিয়ান (Electrician) আৰু Wireman শব্দ দুটা বহু সময়ত একে অৰ্থত ব্যৱহাৰ কৰা হয়। কিন্তু Wireman সাধাৰণতে এজন বিশেষজ্ঞ কাৰিকৰী কৰ্মী, যিজনে মূলতঃ বৈদ্যুতিক তাঁৰ আৰু কেবল স্থাপন, সংযোগৰ কাম কৰে।
আনহাতে, Electrician-ৰ কামৰ ক্ষেত্ৰ অধিক বিস্তৃত। তেওঁলোকে কেৱল তাঁৰ সংযোগেই নহয়, জটিল বৈদ্যুতিক ব্যৱস্থাৰ নক্সা (system designপ্ৰস্তুত, পৰিকল্পনা, স্থাপন, পৰীক্ষা আৰু উন্নত বৈদ্যুতিক সমস্যাৰ সমাধানৰ কামো কৰে। ক’ব পাৰি যে ‘‘Wireman’’ বা বৈদ্যুতিক তাঁৰ সংযোগকাৰী এজনৰ বজাৰত চাহিদা আছে বা ভাল উপাৰ্জন আছে৷ সেয়েহে এই চাহিদা আৰু গুৰুত্বতাত বুজি গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট (AITI)ত Wireman Course –ৰ পাঠ্যক্ৰমৰ বাবে বিশেষ সুবিধা প্ৰদান কৰা হৈছে৷

অসম বা উত্তৰ পূৰ্বাঞ্চলৰ লগতে গুৱাহাটী বা দাঁতিকাষৰীয়া ঠাইৰ পৰা এই Wireman Course শিকিব খোজাসকলক Industrial Training Institute (ITI) ব্যৱস্থাৰ অধীনৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰিকৰী প্ৰশিক্ষণ পাঠ্যক্ৰম প্ৰদান কৰা হয়৷ এই পাঠ্যক্ৰম অসম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট (AITI), গুৱাহাটীত প্ৰদান কৰা হয়। অন্ততঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে এই পাঠ্যক্ৰম বিশেষভাৱে প্ৰস্তুত কৰা হৈছে, যিসকলে বৈদ্যুতিক খণ্ডত এক স্থায়ী আৰু সুদৃঢ় কেৰিয়াৰ গঢ়িবলৈ ইচ্ছুক বা ভৱিষ্যতে সমৰ্থ হ’ব।

Wireman Course কেৱল তাঁৰ বা বিদ্যুত সংযোগ শিকোৱা পাঠ্যক্ৰম নহয়; ই বৈদ্যুতিক চাৰ্কিট, সুৰক্ষা বিধি মানি চলা, শক্তি-সঞ্চয়ী (energy-efficient) সমাধান প্ৰয়োগ কৰা আৰু বৈদ্যুতিক ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতা বজাই ৰখাৰ জ্ঞান প্ৰদান কৰা হয়। অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান গুৱাহাটীত এই পাঠ্যক্ৰমত তত্ত্বীয় শিক্ষা আৰু ব্যৱহাৰিক প্ৰশিক্ষণৰ সমন্বয়েৰে শিকোৱা হয়। যাতে শিক্ষাৰ্থীসকলে বাস্তৱ জীৱনৰ পৰিস্থিতিত হাতে-কলমে অভিজ্ঞতা লাভ কৰে, যাৰ ফলত পাঠ্যক্ৰম সমাপ্তিৰ পিছত তেওঁলোক আত্মবিশ্বাসী আৰু কৰ্মসংস্থাপনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠে।

এই পাঠ্যক্ৰমৰ মুঠ সময়সীমা ২ বছৰ। এই সময়ছোৱাত শিক্ষাৰ্থীসকলে NCVT (National Council for Vocational Training) অথবা SCVT (State Council for Vocational Training) ৰ মানদণ্ড অনুসৰি পূৰ্ণ প্ৰশিক্ষণ লাভ কৰে। প্ৰাপ্ত প্ৰমাণপত্ৰসমূহ ভাৰত আৰু বৰ্হিদেশীয় উভয়তে স্বীকৃত, যিয়ে শিক্ষাৰ্থীসকলক উন্নত কেৰিয়াৰৰ বাবে এক শক্তিশালী ভিত্তি প্ৰদান কৰিব পাৰে।

অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, AITI গুৱাহাটী অসমৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিষ্ঠান, য’ত আধুনিক কৰ্মশালা, অভিজ্ঞ প্ৰশিক্ষক আৰু উদ্যোগমুখী পাঠ্যক্ৰমৰ জৰিয়তে পাঠদান দিয়া হয়। কেৱল পাঠ্যজ্ঞানতেই গুৰুত্ব নিদি শৃংখলাবদ্ধ, কৰ্মনৈতিকতা আৰু ব্যক্তিত্ব বিকাশতো বিশেষ মনোযোগ দিয়া হয়৷ যাতে শিক্ষাৰ্থীসকল পেছাদাৰী পৰিৱেশত দক্ষতাৰে কাম কৰিব পাৰে।

যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ সুযোগ নাপালে বা অন্য অসুবিধাৰ বাবে সিক্ষা গ্ৰহণ নকৰিলে তেওঁলোকৰ বাবে Wireman Trade হৈছে এক সোণালী সুযোগ। কিয়নো এই পাঠ্যক্ৰমৰ জৰিয়তে তেওঁলোকে এক সন্মানজনক কাৰিকৰী দক্ষতা অর্জন কৰিব পাৰে, যিয়ে বিভিন্ন ক্ষেত্ৰত চাকৰিৰ সুযোগ সৃষ্টি কৰাৰ লগতে নিজা বৈদ্যুতিক সংযোগ বা মেৰামতি ব্যৱসায় আৰম্ভ কৰাৰ স্বাধীনতা লাভ কৰিব পাৰে৷

সংক্ষেপে ক’বলৈ গ’লে, Wireman Trade হৈছে সেইসকল শিক্ষাৰ্থীৰ বাবে এক উৎকৃষ্ট আৰম্ভণি, যিসকলে আত্মবিশ্বাস, দক্ষতা আৰু স্বীকৃত প্ৰমাণপত্ৰৰ সৈতে বৈদ্যুতিক সংযোগৰ ক্ষেত্ৰত সফলভাৱে প্ৰৱেশ কৰি আত্মসংস্থাপন লাভ কৰিব পাৰে৷

➮ থোৰতে অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, AITI গুৱাহাটী Wireman Course-ৰ বিষয়ে জানি লওঁকঃ
◦ Trade Name: Wireman
◦ Duration: ২ বছৰ (৪টা Semester)
◦ Eligibility: ন্যূনতম অষ্টম শ্ৰেণী উত্তীৰ্ণ
◦ Affiliation: NCVT / SCVT
◦ Level: Vocational Training Program (কাৰিকৰী প্ৰশিক্ষণ পাঠ্যক্ৰম)

এই পাঠ্যক্ৰম Semester পদ্ধতি অনুসৰি পৰিচালিত হয়, য’ত শিক্ষাৰ্থীসকলে ৪টা Semester-ত শিক্ষা লাভ কৰিব। প্ৰতিটো Semester-ত নিৰ্দিষ্ট তত্ত্বীয় জ্ঞান আৰু ব্যৱহাৰিক প্ৰশিক্ষণ অন্তৰ্ভুক্ত থাকে।

● প্ৰথম বৰ্ষ (First Year)ত প্ৰদান কৰা হয়ঃ
◦ বিদ্যুতৰ মৌলিক জ্ঞান
◦ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ
◦ সুৰক্ষা বিধি (Safety)
◦ ঘৰুৱা বৈদ্যুতিক সংযোগ (Domestic Wiring)
◦ সৰু বৈদ্যুতিক সঁজুলি মেৰামতি

● দ্বিতীয় বৰ্ষ (Second Year)ত প্ৰদান কৰা হয়ঃ
◦ উদ্যোগিক Wiring
◦ মটৰৰ মৌলিক জ্ঞান
◦ বৈদ্যুতিক ত্ৰুটি চিনাক্তকৰণ (Fault Finding)
◦ উন্নত বৈদ্যুতিক স্থাপন
◦ শক্তি-সঞ্চয়ী পদ্ধতি (Energy Saving Methods)
◦ বাস্তৱ প্ৰকল্পভিত্তিক কাম (Project Work)

শিক্ষাৰ্থীসকলৰ মূল্যায়ন Internal Assessment, Practical Exam, আৰু NCVT/SCVT দ্বাৰা অনুষ্ঠিত Final Trade Test ৰ মাধ্যমে কৰা হয়। সফল শিক্ষাৰ্থীসকলক National Trade Certificate (NTC) অথবা State Trade Certificate (STC) প্ৰদান কৰা হয়, যিয়ে তেওঁলোকক সমগ্ৰ ভাৰতত চাকৰিৰ বাবে যোগ্য কৰি তোলা হয়।

● পাঠ্যক্ৰম সূচী আৰু মডিউলসমূহ (Syllabus & Modules)
⇝ তত্ত্বীয় বিষয়সমূহ (Theoretical Subjects)

➥ বৈদ্যুতিক মৌলিক জ্ঞান (Electrical Basics & Fundamentals)
◦ বিদ্যুৎ প্ৰবাহ (Current), ভোল্টেজ (Voltage), ৰোধ (Resistance), আৰু শক্তি (Power) সম্পৰ্কে
◦ Ohm’s Law, Kirchoff’s Laws, আৰু Circuit Theory
◦ বিভিন্ন ধৰণৰ বৈদ্যুতিক সামগ্ৰী আৰু পৰিবাহী (Conductors)

➥ বৈদ্যুতিক সুৰক্ষা আৰু নিয়মাৱলী (Electrical Safety & Regulations)
◦ বৈদ্যুতিক সঁজুলি সুৰক্ষিতভাৱে ব্যৱহাৰ
◦ Wiring কৰাৰ সময়ত ল’বলগীয়া সাৱধানতা
◦ চৰকাৰী সুৰক্ষা মানদণ্ড আৰু ISI Code

➥ সঁজুলি আৰু মাপজোখৰ যন্ত্ৰ (Tools & Measuring Instruments)
◦ Pliers, Screwdrivers, Cutters, Tester আদিৰ ব্যৱহাৰ
◦ Multimeter, Megger, আৰু Clamp Meter
◦ Fault Finding ৰ বাবে উন্নত সঁজুলি ব্যৱহাৰ

➥ Wiring ব্যৱস্থা (Wiring Systems)
◦ Wiring ৰ বিভিন্ন ধৰণ – Casing & Capping, Conduit Wiring, আৰু Concealed Wiring
◦ ঘৰুৱা Wiring (Single-phase Supply)
◦ উদ্যোগিক Wiring (Three-phase Supply)

➥ Earthing আৰু সুৰক্ষা ব্যৱস্থা (Earthing & Protective Devices)
◦ Earthing ৰ বিভিন্ন ধৰণ – Plate Earthing, Pipe Earthing, Chemical Earthing
◦ সুৰক্ষা যন্ত্ৰ – MCB, RCCB, আৰু Fuse
◦ বজ্ৰপাত সুৰক্ষা ব্যৱস্থা (Lightning Protection Systems)

➥ বৈদ্যুতিক সঁজুলি আৰু উপকৰণ (Appliances & Electrical Equipment)
◦ Fan, Geyser, Mixer, Cooler, Pump আদিৰ জ্ঞান
◦ সঁজুলিৰ স্থাপন আৰু মেৰামতি
◦ শক্তি-সঞ্চয়ী (Energy-efficient) সঁজুলি নিৰ্বাচন

➥ মৌলিক বৈদ্যুতিক যন্ত্ৰ (Basic Electrical Machines)
◦ Motor, Transformer, আৰু Generator ৰ প্ৰাথমিক জ্ঞান
◦ Winding-ৰ ধাৰণা
◦ সৰু যন্ত্ৰৰ ৰক্ষণাবেক্ষণ (Maintenance)

⇝ ব্যৱহাৰিক প্ৰশিক্ষণ (Practical Training)
⇝ মৌলিক অভ্যাস (Basic Practice)
◦ হাতৰ সঁজুলি চিনাক্তকৰণ আৰু ব্যৱহাৰ
◦ Soldering, Jointing, আৰু Wiring অনুশীলন
◦ সৰল বৈদ্যুতিক Circuit তৈয়াৰ আৰু পৰীক্ষা

➥ ঘৰুৱা Wiring (Domestic Wiring)
◦ ঘৰৰ Wiring আৰু Switchboard সংযোগ
◦ Tube Light আৰু Fan স্থাপন
◦ কোঠা আৰু দোকানৰ বাবে Single-phase Wiring

➥ উদ্যোগিক Wiring (Industrial Wiring)
◦ Three-phase Wiring
◦ Motor Starter সংযোগ
◦ Distribution Board স্থাপন

➥ পৰীক্ষা আৰু ত্ৰুটি নিৰ্ণয় (Testing & Fault Diagnosis)
◦ Circuit-ত হোৱা ত্ৰুটি চিনাক্তকৰণ
◦ Current, Voltage, আৰু Insulation Resistance মাপিবলৈ যন্ত্ৰ ব্যৱহাৰ
◦ বৈদ্যুতিক সঁজুলিৰ Troubleshooting

● অন্তিম বৰ্ষৰ প্ৰকল্প কাৰ্য (Final Year Project Work)
◦ সম্পূৰ্ণ আৱাসিক Wiring Project
◦ সুৰক্ষা ব্যৱস্থা (Protective Systems) স্থাপন
◦ পৰীক্ষা আৰু প্ৰমাণীকৰণ (Testing and Certification)

● কেৰিয়াৰৰ সুযোগসমূহ (Career Opportunities) কেনেধৰণৰ হয়?
Wireman Trade সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলৰ বাবে বহু ধৰণৰ কেৰিয়াৰ পথ আছে৷ চৰকাৰী বা ব্যক্তিগতভাৱেও কেৰিয়াৰৰ পথৰ সন্ধান লাভ কৰিব পাৰিব৷
● চৰকাৰী চাকৰি (Government Jobs) হিচাপে
◦ বিদ্যুৎ বিভাগ (Power Departments)
◦ PWD (Public Works Department)
◦ ভাৰতীয় ৰে’লৱে (Indian Railways)
◦ বিদ্যুৎ ব’ৰ্ডসমূহ (Electricity Boards)
◦ পৌৰ নিগম (Municipal Corporations)

● ব্যক্তিগত খণ্ডৰ চাকৰি (Private Jobs) হিচাপে পাব পাৰি-
◦ বৈদ্যুতিক কন্ট্ৰেক্টৰ
◦ ৰিয়েল এষ্টেট কোম্পানী
◦ উৎপাদন উদ্যোগ (Manufacturing Industries)
◦ নিৰ্মাণ কোম্পানী (Construction Firms)
◦ মেইণ্টেনেন্স কোম্পানী
⇝ তদুপৰি প্ৰশিক্ষিত দক্ষ শিক্ষাৰ্থীগৰাকীয়ে স্ব-নিয়োজন (Self-Employment) পথো মুকলি কৰিব পাৰে৷ অৰ্থাৎ,
◦ নিজাকৈ বৈদ্যুতিক Wiring আৰু Repair ব্যৱসায় আৰম্ভ কৰা
◦ কন্ট্ৰেক্টৰ হিচাপে কাম কৰা
◦ Apprenticeship (প্ৰশিক্ষণ)
◦ ভাৰত চৰকাৰৰ অধীনত Apprenticeship Training ল’ব পাৰিব, যিয়ে প্ৰশিক্ষিতজনৰ কেৰিয়াৰ মানদণ্ড উন্নত কৰিব৷

● উচ্চ শিক্ষা (Higher Studies)ৰ বাবে গ্ৰহণ কৰিব পৰা পাঠ্যক্ৰম হিচাপে
◦ Electrician Trade
◦ Diploma in Electrical Engineering
◦ অন্যান্য কাৰিকৰী আপ-স্কিলিং পাঠ্যক্ৰম

● চাকৰিৰ পদসমূহ (Job Roles) পাব পাৰি
◦ Wireman
◦ Electrical Technician
◦ Maintenance Worker
◦ Lineman Assistant
◦ Electrical Contractor Helper
◦ Junior Technician
নিয়োগ আৰু ভৱিষ্যৎ সম্ভাৱনা (Placement & Future Scope) এনেধৰণৰ হয়৷

AITI গুৱাহাটীৰ উদ্যোগ, কন্ট্ৰেক্টৰ আৰু চৰকাৰী প্ৰকল্পৰ সৈতে শক্তিশালী সংযোগ আছে, যাৰ ফলত শিক্ষাৰ্থীসকলে নিয়োগৰ সুবিধা লাভ কৰে। Wireman ৰ চাহিদা সদায় উচ্চ, বিশেষকৈ বৃদ্ধি পোৱা নগৰীকৰণ, উদ্যোগিক এলেকা আৰু গ্ৰাম্য বিদ্যুৎকৰণ প্ৰকল্পসমূহত নিয়োগৰ সুবিধা পাব পাৰি৷ একোজন দক্ষতাসম্পন্ন ‘‘Wireman’ বা ‘বৈদ্যুতিক তাঁৰ সংযোগকাৰী’’ৰ প্ৰাৰম্ভিক দৰমহা ₹১০,০০০ৰ পৰা – ₹১৮,০০০ টকাৰো অধিক প্ৰতি মাহত উপাৰ্জন কৰিব পাৰে৷
স্বদেশৰ লগতে যদি চোৱা যায় বিদেশী ৰাষ্ট্ৰত নিয়োগৰ সুযোগ আছে৷ Singapore, Malaysia, Africa আদিত দেশবোৰত দক্ষ ‘‘Wireman’ বা ‘বৈদ্যুতিক তাঁৰ সংযোগকাৰী’’ৰ বিপুল চাহিদা আছে৷ যাৰ দৰমহা প্ৰতি মাহত ভাৰতীয় মূল্যত প্ৰায় ₹৩০,০০০ – ₹৬০,০০০ টকাৰো অধিক৷

যদিহে ‘‘Wireman’ বা ‘বৈদ্যুতিক তাঁৰ সংযোগকাৰী’’ এজনে নিজাকৈ Wiring, Repair আৰু Maintenance ব্যৱসায় আৰম্ভ কৰি পূৰ্ণ স্বাৱলম্বী হ’ব পাৰিব৷
সেয়ে অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে শিক্ষাৰ্থীসকলৰ শিক্ষণৰ সময়ত গুৰুত্ব দিয়ে৷
◦ আধুনিক বৈদ্যুতিক Workshop
◦ অভিজ্ঞ প্ৰশিক্ষক
◦ Industrial Visit আৰু বাস্তৱ অভিজ্ঞতা
◦ শৃঙ্খলাবদ্ধ আৰু দক্ষতা-ভিত্তিক পৰিৱেশ
◦ Hostel আৰু Library সুবিধা
◦ Personality Development আৰু Career Counseling
অসম ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে নিশ্চিত কৰে যে প্ৰতিজন শিক্ষাৰ্থীয়ে বাস্তৱ অভিজ্ঞতা আৰু আত্মবিশ্বাসৰ সৈতে এককভাৱে বা দলীয়ভাৱে কাম কৰিব পাৰে।

63 / 100 SEO Score

One Response

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly