অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

 

নিচা, ইচ্ছা, আকাংক্ষা, সামর্থ্যতাই জীৱনৰ লক্ষ্য স্থিৰ কৰে। নেৰানেপেৰা চেষ্টাৰ ফলত লক্ষ্যত উপনীত ’ব পাৰি। উপার্জিত জ্ঞানে জীৱিকাৰ পথ হ’ব পাবে। ইও ঠিক যে জ্ঞান লাভ কৰা বাবে সংসাৰত বিভিন্ন বিষয় বা দিশ আছে। অর্থাৎ জীৱনত বহু বিষয়ৰ জ্ঞান লাভ কৰিব পাৰে। কিন্তু জীয়াই থকাৰ বাবে কর্মময় পথ এটা নির্বাচন কৰিব লাগে। সেয়া ৰুচি-অভিৰুচি বা সময়-সুযোগ, পৰিস্থিতিৰ ওপৰতো নিৰ্ভৰ কৰে। সামাজিক আৰু ৰাজনৈতিক কাৰণো হ’ব পাৰে। বর্তমান বিজ্ঞানৰ যুগ, প্রযুক্তি বিদ্যাৰ যুগ, কাৰিকৰী শিক্ষা গ্রহণৰ যুগ। যি শিক্ষাই ব্যক্তিক স্বনিৰ্ভৰশীল কৰিব পাৰে, যি শিক্ষাই জীৱনৰ ৰং সিঁচিব পাৰে, যি শিক্ষাই জীৱনৰ মানদণ্ড নিৰূপণ কৰিব পাৰে।

কাৰিকৰী শিক্ষা বিভিন্ন বিভাগত ল’ব পাৰি। বিভাগ (Trade) নির্বাচন ছাত্রৰ ইচ্ছা, আকাংক্ষা আৰু লক্ষ্যৰ ওপৰত নিৰ্ভৰ কৰে। সেইবোৰৰ ভিতৰত অন্য এক উল্লেখনীয় বিভাগ হ’ল- মটৰ মেকানিক ভেহিকল (Motor Mechanic Vehicle)। এই বিভাগত প্রশিক্ষণ ল’লে এজন ভাল মেকানিক হ’ব পাৰে, ভাল মটৰ চালক প্রশিক্ষণ দিওঁতা হ’ব পাৰে, মটৰ মেকানিক ভেহিকলৰ কর্মশালা (Work Shop) খুলিব পাৰে। তাৰোপৰি দক্ষতা আৰু কৌশলৰে মটৰ গাড়ীৰ ডিলাৰশ্বিপ (Dealership) ল’ব পাৰে। কাৰিকৰী শিক্ষা গ্রহণ কৰিলে এগৰাকী ভাল ফলক লেখক (Signboard Writter) শিল্পী হোৱা শিক্ষা পায়।

ইয়াৰ উপৰি চৰকাৰী বিভিন্ন বিভাগ, ব্যক্তিগত খণ্ডত, উদ্যোগ-কোম্পানী আদিত চাকৰিৰ সুবিধা আছে। কর্ম সংস্থান নিজৰ নির্বাচন। নিজৰ দক্ষতা বা জ্ঞান আৰু ইচ্ছা শক্তিৰ ওপৰত সংস্থাপন নিশ্চিত কৰিব পাৰি। অৱশ্যে বহু সময়ত বহু ব্যক্তিয়ে নিজৰ ইচ্ছাব বিৰুদ্ধে জীৱিকা নিৰ্বাহৰ পথত আত্মনিয়োগ কৰিব লাগে। কিন্তু কাৰিকৰী শিক্ষা থাকিলে আর্থিক অনাটনৰ লগত হাৰ মানিব নালাগে।

গতিকে এনে বিভাগত প্রশিক্ষণ গ্রহণ কৰি শিক্ষিত সমাজৰ বহুতো ব্যৱসায়-বাণিজ্য কৰি আৰু চাকৰিয়াল হৈ জীৱন নির্বাহ কৰা দেখা যায় আৰু ভবিষ্যতলৈ অনেক সুচল সম্ভাৱনাই গা কৰি উঠাৰ পথ প্রশস্ত হোৱা দেখা যায়।

মটৰ মেকানিক ভেহিকল বিভাগত প্রশিক্ষণ ল’লে বিদ্যুৎ বিভাগ আৰু ওৱেল্ডিং বিভাগৰ সম্যক জ্ঞানো আহৰণ কৰিব লাগে। এই বিভাগটোত আচলতে বেছিক (Basic) অট’মোবাইল ইঞ্জিনীয়াৰিঙত (Automobile Engineering) প্রশিক্ষণ দিয়া হয়। গতিকে বিভিন্ন যন্ত্র নির্মাণ (Mechanism) সন্দর্ভত জ্ঞান আয়ত্ব কৰা সম্ভৱ।

এই বিভাগত প্রশিক্ষণ ল’লে যোগাযোগৰ কৌশল (Communication Skill) ব্যৱসায়-বাণিজ্য বিষয়ক পাঠ্যক্রমো কিছু পৰিমাণে শিকিব পাৰি। মুঠতে মটৰ মেকানিক ভেহিকল বিভাগত প্রশিক্ষণ ল’লে আধুনিক সমাজৰ যান্ত্রিক দিশত উঠা-বহা কৰাৰ শিক্ষা গ্রহণ কৰিব পাৰি, ই নিশ্চিত।

14 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly