◉ আত্মনিৰ্ভৰশীলতাৰ সুযোগ লাভ কৰিব পৰা কেৰিয়াৰ পাঠ্যক্ৰম ‘‘Solar Technician’’
◉ ‘‘Solar Technician বুলি ক’লে এজন দক্ষ পেছাদাৰী ব্যক্তিক বুজোৱা হয়৷ আবাসিক গৃহ, বাণিজ্যিক অথবা উদ্যোগিক ভৱনত সৌৰ পেনেল ব্যৱস্থা ইনষ্টল বা সুৰক্ষিতভাৱে স্থাপন কৰা আৰু মেৰামতি কৰাকে বুজায়৷ Solar Technician এজনে সৌৰ সৌৰশক্তিৰ পেনেলৰ পৰা ইনভাৰ্টাৰ আৰু বেটাৰী ষ্ট’ৰেজ সংযোজন, সঠিক স্থাপন আৰু কিবা আসোঁৱাহ থাকিলে তাক সমাধানৰ কাম কৰে অৰ্থাৎ যাতে সূৰ্যৰ পোহৰৰ পৰা বিদ্যুতলৈ সঠিকভাৱে ৰূপান্তৰিত হ’ব পাৰে। লগতে বিজ্ঞানসন্মতভাৱে সৌৰ ব্যৱস্থাসমূহ সুৰক্ষিতভাৱে বৰ্তি আছে নে নাই তাক নিশ্চিত কৰে।’’
আত্মনিৰ্ভৰ ভাৰতৰ অন্য এক মূল লক্ষ্য সৌৰঘৰ স্থাপনৰ দ্বাৰা শক্তিখণ্ডৰ ভাণ্ডাৰ শক্তিশালী কৰি তোলা৷ বৰ্তমান ঘৰে ঘৰে সৌৰ শক্তিৰ ব্যৱহাৰৰ দিশটো ক্ৰমান্বয়ে বৃদ্ধি পোৱা দেখা গৈছে৷ অৰ্থাৎ সৌৰ শক্তিৰ ব্যৱহাৰ প্ৰাচুৰ্যতা বাঢ়িবলৈ ধৰিছে৷ সেই অনুপাতে ‘‘Solar Technician’’ৰ চাহিদাও বৃদ্ধি পাইছে৷ কৰ্মসংস্থাপন লাভৰ পথ হিচাপে ‘‘Solar Technician’’ হিচাপে পাঠ গ্ৰহণ কৰি একোজন নিবনুৱাই আত্মসংস্থাপনৰ সুযোগ গ্ৰহণ কৰিব পাৰে৷

গুৱাহাটীত সৌৰ টেকনিচিয়ান পাঠ্যক্ৰম গ্ৰহণৰ সুযোগ আছে৷ অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, বামুণীমৈদামত আই.টি.আই পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত সৌৰ টেকনিচিয়ানৰ পাঠ গ্ৰহণ কৰি আত্মনিয়োজনৰ সুবিধা লাভ কৰিব পাৰে৷ অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত “Solar Technician Course” মূলত এক দক্ষতা-ভিত্তিক বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচী৷ এই পাঠ্যক্ৰমৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক দ্ৰুত বিকাশ কৰি তোলা আৰু নবীকৰণযোগ্য শক্তি খণ্ডত কেৰিয়াৰ গঢ়িবলৈ পূৰ্ণ প্ৰস্তুত কৰা। এই পাঠ্যক্ৰমত সৌৰ শক্তি ব্যৱস্থাৰ ব্যৱহাৰিক প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব দি প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ যাতে প্ৰশিক্ষণ লাভ কৰা শিক্ষাৰ্থীসকলে সৌৰ ফটোভল্টেইক (PV) ব্যৱস্থাৰ ইনষ্টলেশ্যন, অপাৰেশ্যন, ৰক্ষণাবেক্ষণ আৰু ছাৰ্ভিচিং কাম অতি দৃঢ়তাৰে কৰিব পাৰে।
দেশজুৰি সেউজ শক্তিৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত আবাসিক, বাণিজ্যিক আৰু ঔদ্যোগিক সৌৰ প্ৰকল্পসমূহৰ বাবে প্ৰশিক্ষিত সৌৰ টেকনিচিয়ানৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে। এই পাঠ্যক্ৰমত উদ্যোগিক খণ্ড-সংশ্লিষ্ট দক্ষতাৰ লগতে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰও প্ৰদান কৰা হয়।
পাঠ্যক্ৰমৰ বিষয়বস্তু এনেধৰণৰঃ
Solar Technician পাঠ্যক্ৰমত তাত্ত্বিক জ্ঞান আৰু ব্যৱহাৰিক প্ৰশিক্ষণ একেলগে দিয়া হয়, যাতে শিক্ষাৰ্থীসকল পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছতে চাকৰিৰ বাবে প্ৰস্তুত হৈ উঠিব পাৰে।
* পাঠ্যক্ৰমৰ নাম: Solar Technician
* সময়সীমা: ১ বছৰ
* যোগ্যতা: দশম শ্ৰেণী উত্তীৰ্ণ
* প্ৰমাণপত্ৰ: NCVT / SCVT
* পাঠ্যক্ৰমৰ ধৰণ: Vocational / Skill Development
আপুনি কি কি শিকিব এই পাঠ্যক্ৰমত?
• সৌৰ শক্তি আৰু নবীকৰণযোগ্য শক্তি ব্যৱস্থাৰ মূল ধাৰণা
• সৌৰ PV ব্যৱস্থাৰ উপাদান আৰু কাৰ্যপদ্ধতি
• ছাদ (Rooftop) আৰু মাটিত স্থাপিত সৌৰ পেনেল ইনষ্টলেশ্যন
• Grid-connected আৰু Off-grid সৌৰ ব্যৱস্থা
• সৌৰ ইনভাৰ্টাৰ, বেটাৰী, চাৰ্জ কণ্ট্ৰ’লাৰ আৰু ৱায়াৰিং
• বৈদ্যুতিক সঁজুলি আৰু সুৰক্ষা নিয়মসমূহ
• সৌৰ ব্যৱস্থাৰ পৰীক্ষা, আসোঁৱাহসমূহ চিনাক্তকৰণ আৰু সুৰক্ষা
• Load calculation আৰু শক্তি দক্ষতা কৌশল
পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত কেৰিয়াৰৰ সুযোগ কেনেদৰে পাব পাৰি?
Solar Technician পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে তলত দিয়া ক্ষেত্ৰসমূহত চাকৰি লাভ কৰিব পৰাকৈ পূৰ্ণ সুযোগ থাকে৷
• সৌৰ শক্তি ইনষ্টলেশ্যন কোম্পানী
• নবীকৰণযোগ্য শক্তি প্ৰতিষ্ঠান
• বৈদ্যুতিক প্ৰকল্প
• চৰকাৰী আৰু বেচৰকাৰী সৌৰ প্ৰকল্প
• নিৰ্মাণ আৰু ইঞ্জিনিয়াৰিং কোম্পানী
চাকৰিৰ পদসমূহ কেনেধৰণৰ হয়?
Solar Technician, Solar Panel Installer, Solar Maintenance Technician, Renewable Energy Technician, আৰু Solar Project Assistant।
ইয়াৰোপৰি প্ৰশিক্ষণ সফলভাৱে বা পাঠ্যক্ৰম সঠিকভাৱে গ্ৰহণ কৰি দক্ষতাপূৰ্ণ শিক্ষাৰ্থীসকলে নিজাববীয়াকৈ সৌৰ ইনষ্টলেশ্যন আৰু নিজাকৈ ব্যৱসায়ো আৰম্ভ কৰিব পাৰে।
অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত এই পাঠ্যক্ৰম গ্ৰহণৰ পিছত লাভ কৰিব
• চৰকাৰী স্বীকৃতিপ্ৰাপ্ত NCVT / SCVT প্ৰমাণপত্ৰ
• অভিজ্ঞ আৰু উদ্যোগ-প্ৰশিক্ষিত শিক্ষক
• আধুনিক লেবৰেটৰী আৰু ব্যৱহাৰিক ৱৰ্কশ্বপ
• চাকৰিমুখী আৰু উদ্যোগ-অনুকূল পাঠ্যক্ৰম
• প্লেচমেণ্ট সহায়তা আৰু কেৰিয়াৰ পৰামৰ্শ
পাঠ্যক্ৰমৰ বাবে আবেদন কেনেদৰে কৰিব পাৰে?
• দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীসকল
• প্ৰযুক্তিগত দক্ষতা শিকিবলৈ আগ্ৰহী চাকৰি প্ৰাৰ্থী
• নিজৰ দক্ষতা বৃদ্ধি কৰিব বিচৰা ইলেক্ট্ৰিচিয়ান
• নবীকৰণযোগ্য শক্তি খণ্ডত কেৰিয়াৰ গঢ়িবলৈ আগ্ৰহী ব্যক্তি
• স্ব-নিয়োজিত ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা থকা প্ৰাৰ্থী
Read More:
◉ কেৰিয়াৰ হিচাপে লওঁক ‘ইণ্টেৰিয়ৰ ডিজাইন’
◉ ‘‘Wireman’’ বা বৈদ্যুতিক তাঁৰ সংযোগকাৰী