► কেৰিয়াৰ হিচাপে ম’বাইল ফোন ৰিপেয়াৰিং
(Mobile Phone Repairing)
➥ ‘‘ম’বাইল ফোন ৰিপেয়াৰিং হৈছে ম’বাইলৰ হাৰ্ডৱেৰ যেনে- Battery Problem, Keypad Problem, Mic Problem, Sound Problem আৰু ম’বাইলৰ চফ্টৱেৰ যেনে— Data Download, Media Download, Operating System Problem ইত্যাদি সমস্যাৰ সমাধান কৰা…’’

➥ বর্তমান ডিজিটেল যুগ। এই সময়ছোৱাত বজাৰত ভিন্ন প্ৰকাৰৰ কোম্পানীৰ ম’বাইল ফোনৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। সেই অনুপাতে বৃদ্ধি পাইছে ম’বাইল ফোন এটাৰ মূল্যও। কিন্তু সমসাময়িক সময়ত অতি দৰকাৰী ভ্ৰাম্যভাষ এই যন্ত্ৰটিৰ দ্বাৰা থাওকতে সকলো কাম কৰাৰো সুযোগ-সুবিধা অতি সহজলভ্য হৈ পৰিছে। অনলাইন মাধ্যমত টকা-পইচা লেনদেন কৰাৰ পৰা ফটো-ভিডিঅ’ প্ৰস্তুত কৰালৈকে ম’বাইল ফোন এটাৰ বহুল চাহিদা বৃদ্ধি পাইছে। বহু লোকৰ এটাতকৈ অধিক মোবাইল ফোন আছে। বহুতেই ম’বাইল ফোনৰ সহজ সমস্যা সমাধান কৰাত ব্যৰ্থ হয়। সেয়ে যেতিয়াই সমস্যা হয় মোবাইল ফোন মেৰামতি কৰা দোকান এখনলৈ যাবলগীয়াত পৰে। ফলত ম’বাইল ফোন ৰিপেয়াৰিঙো এক লাভজনক ব্যৱসায় হৈ পৰিছে। ম’বাইল ফোন ৰিপেয়াৰিঙৰ পাঠ্যক্রম সমাপ্ত কৰি প্ৰশিক্ষণপ্রাপ্ত ব্যক্তিয়ে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে। ম’বাইল কোম্পানী আৰু ম’বাইল ফোনৰ ছাৰ্ভিছিং চেণ্টাৰসমূহতো নিয়োগৰো সুবিধা পাব পাৰে। ম’বাইল ফোন ৰিপেয়াৰিঙৰ জৰিয়তেও এজন ব্যক্তিয়ে কেৰিয়াৰ গঢ়ি তুলিব পাৰে৷ কোনো ব্যক্তিয়ে যদি নিজাববীয়াকৈ ম’বাইল ফোন ৰিপেয়াৰিঙৰ ব্যৱসায় আৰম্ভ কৰিবলৈ আগ্ৰহী হয়, তেন্তে ব্যক্তিজনে এখন স্বীকৃতিপ্রাপ্ত ট্রেইনিং চেন্টাৰ অথবা শিক্ষানুষ্ঠানত ৩ মহীয়া অথবা ৬ মহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। স্বীকৃতিপ্রাপ্ত ট্ৰেইনিং চেন্টাৰ সমূহত হাৰ্ডৱেৰ আৰু চফ্টৱেৰ ৰিপেয়াৰিঙৰ লগতে কমিউনিকেচন কৌশল, প্রাথমিক কম্পিউটাৰ জ্ঞানৰ লগতে মার্কেট ৰিচাৰ্ছৰ প্ৰশিক্ষণ প্ৰদান কৰে। ম’বাইল ফোন ৰিপেয়াৰিঙৰ প্ৰশিক্ষণ গ্রহণ কৰিবৰ বাবে শিক্ষাগত অৰ্হতা দশম শ্রেণী উত্তীৰ্ণ হ’লেই হয় যদিও কিছুমান শিক্ষানুষ্ঠানে কোনো শিক্ষাগত অহতা নিৰ্ধাৰণ কৰি নিদিয়ে। ম’বাইল ৰিপেয়াৰিং ব্যৱসায়ত প্ৰাথমিক পৰ্য্যায়ত হাৰ্ডৱেৰ, চফ্ফ্টৱেৰৰ লগতে বিভিন্ন সামগ্ৰী ক্ৰয় কৰোতে খৰচৰ পৰিমাণ কিছু হয়। ম’বাইলৰ হাৰ্ডৱেৰ যেনে- Battery Problem, Keypad Problem, Mic Problem, Sound Problem আৰু ম’বাইলৰ চফ্টৱেৰ যেনে— Data Download, Media Download, Operating System Problem ইত্যাদি সমস্যাৰ সমাধানৰ দ্বাৰা মাহিলি অনায়াসে ২০ হাজাৰৰ পৰা ৫০ হাজাৰ টকা পৰ্য্যন্ত বা তাতোধিক আয় কৰিব পাৰে। ম’বাইল ফোনৰ ৰিপেয়াৰিঙৰ লগতে ম’বাইল ফোনৰ হেণ্ডছেট, চিম কাৰ্ড, স্ক্ৰীণ প্ৰটেক্টৰ, ছাৰ্জাৰ, বেটেৰী, ক’ভাৰ আদি ম’বাইল ফোনত ব্যৱহৃত সামগ্ৰী সমূহৰ বিক্ৰীৰ যোগেদিও আৰু অধিক অর্থ উপাৰ্জন কৰিব পৰাৰ থল আছে। ম’বাইল ফোন ৰিপেয়াৰিং (Mobile Phone Repairing)ৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পৰা বহু শিক্ষানুষ্ঠান আছে। ম’বাইল ফোনৰ ছাৰ্ভিছিং চেণ্টাৰবোৰেও ম’বাইল ৰিপেয়াৰিং (Mobile Repairing)ৰ প্ৰশিক্ষণ আগবঢ়ায়। যদিহে এই বিষয়ত সঠিকভাৱে চাৰ্টিফিকেটসহ প্ৰশিক্ষিত হৈ স্ব-নিয়োজনৰ বাট মুকলি কৰিব বিচাৰে তেন্তে গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানতো অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ যোগেদি কম খৰছতে পাঠদানৰ লগতে ডিপ্লমা প্ৰদানৰ ব্যৱস্থা কৰা হয়।
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
https://aitiguwahati.online/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: ![]()
https://aitiguwahati.online/
https://www.facebook.com/aiti.guwahati1
https://www.instagram.com/aitiguwahati/
#industrialtraininginstitute #guwahati #guwahaticity #aiti_guwahati #bamunimoidan #vocationaltraining #educationalcontent #educationalinstitutions #AITI_Guwahati #assam_iti