অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

✓ সম্প্ৰতি আধুনিক সয়ছোৱাত প্ৰতিগৰাকী ব্যক্তিয়ে একোটা আটকধুনীয়া গৃহ নিৰ্মাণৰ বাবে চিন্তা কৰে৷ সেই অনুপাতে গৃহ একোটা বা বিল্ডিং এটা নিৰ্মাণৰ বাবে অৰ্থৰো প্ৰয়োজন হয়৷ আৰ্থিক দিশত যেতিয়া গৃহটো নিৰ্মাণত অত্যধিক খৰছ হয় তেতিয়া ব্যক্তিজনে গৃহটো নিৰ্মাৰ পিছৰ সময়ছোৱাত পৰিকল্পনা অনুসৰি হৈ নুথিলে লোকচানৰ সন্মুখীন হয়৷ সা-হুমনিয়াহ কাঢ়িব লগা হয়৷ সেয়েহে গৃহ নিৰ্মাণ বা যিকোনো এটা বিল্ডিং নিৰ্মাণত অতিকে প্ৰয়োজনীয় দিশটো হৈছে ‘আৰ্কিটেক’ বা ‘স্থাপত্য অভিযান্ত্ৰিক’৷ প্ৰফেচনেল ভাবে সম্প্ৰতি আৰ্কিটেক বিয়টো চাহিদা বহুত৷ চৰকাৰী বেচৰকাৰী উদ্যোগিক খণ্ডতো আৰ্কিটেকৰ প্ৰয়োজনীতা বহুত৷ একোজন আৰ্কিটেক অভিযন্তাৰ দৰমহা বা উপাৰ্জনো আকৰ্ষণীয়৷
আৰ্কিটেক বা স্থাপত্য অভিযান্ত্ৰিকী হৈছে বি.টেক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত এক কাৰিকৰী প্ৰশিক্ষণৰ পাঠ৷ অভিযান্ত্ৰিক নীতি আৰু প্ৰযুক্তিৰ প্ৰয়োগৰ দ্বাৰা অট্টালিকাৰ ডিজাইন, নিৰ্মাণ ব্যৱস্থাত আৰ্কিটেক বা স্থাপত্য অভিযান্ত্ৰিকী প্ৰয়োজন হয়। আৰ্কিটেকৰ সহায়ত অট্টালিকা একোটাৰ গাঁথনিগত দিশ, যান্ত্ৰিক, বৈদ্যুতিক, পোহৰ ব্যৱস্থা আৰু অগ্নি সুৰক্ষা ব্যৱস্থাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ যাতে এই উপাদানসমূহে সুৰক্ষিত, বহনক্ষম আৰু কাৰ্য্যক্ষম হোৱাটো আৰ্কিটেকৰ সহায়ত নিশ্চিত হয়। স্থপতিবিদসকলে আটকধুনীয়াকৈ আৰু নিজা ডিজাইনৰ ওপৰত গুৰুত্ব আৰোপ কৰিও স্থাপত্য অভিযন্তাসকলে সেই ডিজাইনসমূহক গাঁথনিগতভাৱে সুস্থ আৰু সুন্দৰভাৱে উপযোগী কৰি তোলে৷

বৰ্তমানৰ আধুনিক বিল্ডিঙৰ বাবে এইচভিএচি (হিটিং, ভেন্টিলেচন আৰু এয়াৰ কণ্ডিচনাৰ), বৈদ্যুতিক, প্লাম্বিং আৰু লাইটিং চিষ্টেম ডিজাইন প্ৰস্তুত কৰা হয়৷
গাঁথনিগত অভিযান্ত্ৰিকীকৰণৰ দ্বাৰা মাধ্যাকৰ্ষণ, বতাহ আৰু ভূমিকম্প প্ৰতিৰোধী বা তেনে পৰিঘটনাৰ পৰা অট্টালিকাটোৰ বহনক্ষমতাত গাঁথনিগত উপাদানসমূহ অধ্যয়ন কৰি লগতে ডিজাইন কৰে।
নিৰ্মাণ ব্যৱস্থাপনাত নিৰ্মাণ প্ৰক্ৰিয়াৰ তদাৰক কৰা, বিল্ডিং একোটাৰ বাবে প্ৰয়োজনীয় তথ্য-পাতি নিশ্চিত কৰাৰ লগতে আৰু নিৰ্মাণৰ নথিপত্ৰ পৰিচালনাত আৰ্কিটেক বা স্থাপত্য অভিযান্ত্ৰিকৰ প্ৰয়োজন হয়৷

স্থপতিবিদ আৰু স্থাপত্য অভিযন্তাৰ মাজত পাৰ্থক্যঃ
স্থপতিবিদ হৈছে এটা অট্টালিকাৰ নান্দনিকতা বা তাৰ ৰূপ, জিডাইন আদিৰ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
স্থাপত্য অভিযন্তাই অট্টালিকাৰ কাৰিকৰী, কাৰ্য্যকৰী আৰু অভিযান্ত্ৰিক কাৰ্য্যক্ষমতাৰ ওপৰত গুৰুত্ব দিয়ে৷

পাঠ্যক্ৰম হিচাপে সময়সীমা সাধাৰণতে ৪ বছৰীয়া স্নাতক ডিগ্ৰী (বি.ই./বি.টেক) বা ২ বছৰীয়া স্নাতকোত্তৰ (এম.ই./এম.টেক)।
বিষয় হিচাপে গাঁথনিগত বিশ্লেষণ, অভিযান্ত্ৰিক বিজ্ঞান, বিল্ডিং নিৰ্মাণ, এইচভিএচি ব্যৱস্থা আৰু বৈদ্যুতিক ব্যৱস্থাৰ ডিজাইন সম্পৰ্কে জ্ঞান দিয়া হয়৷

55 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly