দশম শ্রেণী উত্তীৰ্ণ হোৱাৰ পিছত কেনেদৰে কেৰিয়াৰ গঢ়িব পাৰি?
গুৱাহাটীৰ বামুনিমৈদামত অৱস্থিত অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে দিব কেৰিয়াৰৰ পাঠ।

● বৰ্তমান শিক্ষবর্ষ আৰম্ভণিৰ সময়। বোৰ্ডৰ ফলাফল ইতিমধ্যেই ঘোষণা হৈছে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলোবোৰ ছাত্র-ছাত্রীৰে নিজৰ পচন্দৰ পাঠ্যক্রম লৈ উচ্চ শিক্ষা লাভ কৰি কেৰিয়াৰ গঢ়াৰ সপোন থাকে। সেই অনুপাতে বহুতো পোনপটীয়াকৈ কেৰিয়াৰৰ বাবে পাঠ্যক্ৰম আছে।
বৰ্তমান টেকনিকেল বা কাৰিকৰীভাবে কেৰিয়াৰৰ নতুন নতুন পাঠ্যক্রমৰ সকলোবোৰ বিষয় অসমৰ শিক্ষানুষ্ঠানসমূহত উপলব্ধ নোহোৱা বাবে কিছুসংখ্যক ছাত্র-ছাত্রী অসমৰ বাহিৰত উচ্চ শিক্ষাৰ বাবে যাবলগীয়া হয়।
ৰাজ্যৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকসকলে নাজানে যে অসমটো বৰ্তমান বিভিন্ন শিক্ষানুষ্ঠান আছে, যিবোৰত অন্য ঠাইৰ শিক্ষানুষ্ঠানৰ দৰেই পাঠ্যক্ৰম প্ৰদান কৰা হয়। দশম বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে কি কি বিষয়ৰ পাঠ্যক্রম লোৱাৰ সুবিধা আছে জানেনে?
হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কম সময়তে কেৰিয়াৰৰ পাঠ্যক্ৰম লব পৰা বিষয়বোৰ এনে ধৰণৰ
১। ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই. টি. আই
২। পলিটেকনিক
৩। বি. টেক আদি পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে।
ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই টি আই : ঔদ্যোগিক প্রশিক্ষণ কেন্দ্র বা আই টি আইৰ বিভিন্ন ট্রেডত পঢ়িবলৈ শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱাসকলে এবছৰীয়া পাঠ্যক্রম কাটিং এণ্ড ছিউইং, প্লাম্বাৰ আৰু মেকানিক ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে তলত উল্লেখ কৰা ট্রেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে।
দুবছৰীয়া পাঠ্যক্রম : ড্রাফটমেন (চিভিল), ড্রাফটমেন (মেকানিক), ছাৰ্ভেয়ৰ, ফিটাৰ, টাৰ্নাৰ , মেকানিক ৰেডিঅ’ এণ্ড টিভি, মেকানিক এয়াৰ কণ্ডিচনাৰ, ইনষ্টুমেণ্ট মেকানিক, ইলেকট্রনিক মেকানিক, ইনৰফমেচন টেকন’লজি এণ্ড ইলেকট্রনিক ছিষ্টেম মেইনটেনেন্স, মেচিনিষ্ট, ইলেকট্রিচিয়ান, ৱায়াৰমেন মেকানিক, ইলেকট্রপ্লেটৰ, লেবৰেটৰী এছিষ্টেণ্ট (কেমিকেল)।
এবছৰীয়া পাঠ্যক্রম : ষ্টেনোগ্রাফী, ৱেল্ডাৰ, ডিজেল মেকানিক, এমব্রইডাৰী এণ্ড নিডল ৱৰ্ক, প্লাষ্টিক প্রচেছিং , ফটোগ্রাফী, লেডাৰ গুডছ মেকাৰ, ছেক্রেটেৰিয়েল প্রেকটিচ , হেয়াৰ এণ্ড স্কিন কেয়াৰ, ড্রেছ মেকিং , উইভিং এণ্ড ঊলেন ফেব্রিক। দুবছৰীয়া পাঠ্যক্রম “কম্পিউটাৰ অপাৰেচন প্রোগ্রাম এছিষ্টেণ্ট” ট্রেডত অধ্যয়নৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। ইয়াৰ উপৰিও আই টি আইবোৰত হ্রস্বম্যাদী পাঠ্যক্রম আছে। যেনে – ট্রেভেল এজেণ্ট এণ্ড টুৰ অপাৰেটৰৰ তিনিমহীয়া পাঠ্যক্রম, ফল-মূল আৰু শাক পাচলি সংৰক্ষণৰ তিনিমহীয়া পাঠ্যক্রম, ষ্টীল ফাৰ্ণিচাৰ মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম, গ্রীল এণ্ড এলাইড প্রডাক্ট মেকিঙৰ তিনিমহীয়া পাঠ্যক্রম, কাৰ ছাৰ্ভিচিঙৰ পাঠ্যক্রম, ৰিফ্রিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিচনাৰৰ ৰিপেয়াৰিঙৰ পাঠ্যক্রম, পাম্প ৰিপেয়াৰিঙৰ কম সময়ৰ পাঠ্যক্রম আদি আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লে নম্বৰ ভিত্তিত পোনপতীয়াকৈ কিছু শিক্ষনুষ্ঠানত নামভৰ্তিৰ সুবিধা আছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ’লে এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তিৰ সুবিধা আছে। অৱশ্যে চৰকাৰী আৰু ব্যক্তিগত শিক্ষনুষ্ঠানত নামভৰ্তি মাচুল আৰু প্ৰক্ৰিয়া সুকীয়া। সেই অনুসৰি পাঠৰ বাবে খৰচ বহন বেলেগ বেলেগ।
পলিটেকনিক : পলিটেকনিকবোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রম প্রদান কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে এটি প্রৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তিৰ সুবিধা আছে। চৰকাৰী অনুজ্ঞাপত্ৰ থকা ব্যক্তিগত শিক্ষনুষ্ঠানত পাঠ গ্ৰহণ কৰিব পাৰি। কিয়নো যিমানবোৰ পোনপটীয়াকৈ নামভৰ্তি বাবে চৰকাৰী শিক্ষনুষ্ঠান আছে, সেই অনুপাতে বুজন পৰিমাণৰ চিট নাই। তাৰ বাবে বৰ্তমান বহু শিক্ষৰ্থীয়ে ব্যক্তিগত ভাবে কাৰিকৰী পাঠ্যক্ৰম গ্ৰহণ কৰে। অসমত থকা পলিটেকনিকবোৰত পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল: চিভিল, মেকানিকেল, ইলেকট্রিকেল, ইলেকট্রনিকছ এণ্ড টেলিকমিউনিকেচনছ, অ’টোমোবাইল, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্টুমেনটেছন, টেক্সটাইল টেকন’লজি, এগ্রিকালছাৰ, আৰ্কিটেক্ট এছিষ্টণ্ট আদি।
বি. টেক : ৪ বছৰীয়া পূৰ্ণাংগ অভিযান্ত্ৰিক স্নাতক পাঠ্যক্ৰম, যিয়ে প্ৰযুক্তিগত জ্ঞান, ব্যৱহাৰিক দক্ষতা (practical skills) আৰু ঔদ্যোগিক প্ৰয়োগৰ (industrial application) ওপৰত গুৰুত্ব দি পাঠ্যক্ৰম প্ৰদান কৰে।
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
https://aitiguwahati.com/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 