অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

➱ অগ্নি সুৰক্ষা বুলিলে এনে এক পদ্ধতি আৰু ব্যৱস্থাসমূহক বুজায় যি ব্যৱস্থাই অগ্নিকাণ্ড ৰোধ কৰা, ইয়াৰ বিস্তাৰ সীমিত কৰা আৰু জৰুৰী অৱস্থাত সুৰক্ষিতভাৱে অগ্নিকাণ্ড হোৱা স্থানত নিৰ্বাপিত কৰাৰ বাবে প্ৰস্তুত কৰা এক ব্যৱস্থা। যিয়ে এক অবিৰত আৰু সক্ৰিয় প্ৰচেষ্টা হিচাপে কাম কৰে, যাক দুটা মূল নীতিত বিভক্ত কৰা হয়৷ অগ্নি প্ৰতিৰোধ আৰু অগ্নি সুৰক্ষা। এই ব্যৱস্থাপনাক নিৰাপদে সমাধান কৰিবলৈ হ’লে কিছু বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰিব লাগিব৷ অৰ্থাৎ কাৰিকৰী দিশত ক্ষীপ্ৰতাৰে প্ৰতিৰোধী নিয়ম পালন কৰি নিৰাপদে নিৰ্বাপন বন্ধ কৰাৰ ব্যৱস্থাবোৰ জানিব লাগিব৷ এই বিষয়টো ওপৰত অধিকভাৱে জানিবলৈ হ’লে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আহি পৰে৷ কিয়নো নিৰ্দিষ্ট নিয়মসমূহ বা বিজ্ঞানসন্মত পদ্ধতিৰ ব্যৱহাৰ জানিব লাগিব৷ বৃহৎ অট্টালিকা, ঘৰুৱা বাসগৃহ, হোটেল-ৰেষ্টুৰেণ্ট বা যিকোনো ৰাজহুৱা স্থান ইত্যাদিবোৰত অগ্নি সুৰক্ষাৰ দিশটো অতিকে গুৰুত্বপূৰ্ণ বিষয়৷ তদুপৰি নিৰ্মাণকাৰ্য, উদ্যোগিক খণ্ড, ব্যৱসায়িক ক্ষেত্ৰ, ঘৰুৱা আবাসগৃহ সকলোতে অগ্নি সুৰক্ষাৰ ব্যৱস্থাবোৰ বিজ্ঞানসন্মতভাৱে ব্যৱস্থা কৰাটো জৰুৰী৷ উক্ত ক্ষেত্ৰবোৰত সঠিকভাৱে ব্যৱস্থাপনা হৈছে নে নাই তাৰ বাবে অগ্নি প্ৰতিৰোধ আৰু সুৰক্ষা বিভাগৰ দায়িত্ব গুৰুত্বপূৰ্ণ৷

● অগ্নি সুৰক্ষাৰ বাবে দুটা মূল স্তম্ভ এনেধৰণৰ –
১৷ অগ্নি প্ৰতিৰোধ : অগ্নিকাণ্ড আৰম্ভ হোৱাৰ আগতেই সম্ভাৱ্য বিপদ চিনাক্ত কৰি আৰু সেইবোৰ দূৰ কৰি অগ্নিকাণ্ড ৰোধ কৰাত গুৰুত্ব প্ৰদান কৰা। ইয়াৰ ভিতৰত জুইৰ উৎস নিয়ন্ত্ৰণ কৰা, দাহ্য পদাৰ্থসমূহ সঠিকভাৱে পৰিচালনা কৰা, ৰাসায়নিক উদ্বায়ী পদাৰ্থ সুৰক্ষিতভাৱে সংৰক্ষণ কৰা আৰু বাহিৰলৈ ওলোৱাৰ পথসমূহ খালী ৰখা আদি অন্তৰ্ভুক্ত।

২৷ অগ্নি সুৰক্ষা : অগ্নিকাণ্ড আৰম্ভ হোৱাৰ পিছত ক্ষয় ক্ষতি কমোৱা আৰু জীৱন সুৰক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰা। ইয়াৰ বাবে সক্ৰিয় ব্যৱস্থা (যেনে: স্প্ৰিংকলাৰ, এলাৰ্ম আৰু অগ্নিনিৰ্বাপক যন্ত্ৰ) আৰু নিষ্ক্ৰিয় ব্যৱস্থা (যেনে: অগ্নি-প্ৰতিৰোধী দেৱাল, দুৱাৰ আৰু নিৰ্ধাৰিত পলায়ন পথ বা বাহিৰলৈ ওলোৱা পথ) ব্যৱহাৰ কৰা হয়। বিভাগীয় লোকক তাৎক্ষণিকভাৱে অৱগত কৰোৱা ইত্যাদি৷

● অগ্নি প্ৰতিৰোধ আৰু অগ্নি সুৰক্ষাৰ গুৰুত্ববোৰ এনেধৰণৰ
উচিত অগ্নি আৰু সুৰক্ষা নীতি-নিয়ম প্ৰয়োগ কৰিলে সম্পত্তিৰ ক্ষতি যথেষ্ট পৰিমাণে হ্ৰাস পায় আৰু গৃহ এটাৰ ভিতৰত থকা লোকসকলক সুৰক্ষিতভাৱে পলায়ন কৰিবলৈ প্ৰয়োজনীয় সময় আৰু উপায় প্ৰদান কৰে। অগ্নিকাণ্ডৰ সময়ত সেই স্থাত থকা লোকে আইনী নিয়ম-কানুন মানি চলা আৰু মানৱ জীৱন সুৰক্ষিত ৰাখিবলৈ ব্যৱস্থাসমূহ ব্যৱহাৰ কৰাত গুৰুত্ব দিয়া।

● সাধাৰণভাৱে সুৰক্ষামূলক ব্যৱস্থাৰ বাবে কৰিবলগীয়া অনুশীলন আৰু ব্যৱহাৰ্য সঁজুলিবোৰ এনেধৰণৰ
১৷ পৰিদৰ্শন : ত্ৰুটিপূৰ্ণ বৈদ্যুতিক তাঁৰ, বাধাপ্ৰাপ্ত নিৰ্গমন পথ বা অতিমাত্ৰাই লোড হোৱা বৈদ্যুতিক চাৰ্কিট চিনাক্ত কৰিবলৈ নিয়মীয়াকৈ অগ্নি সুৰক্ষাৰ পৰীক্ষা কৰা।
২৷ জৰুৰী পৰিকল্পনা : নিয়মীয়াকৈ অগ্নিনিৰ্বাপণৰ জৰিয়তে নিৰ্গমন পথ স্থাপন আৰু অনুশীলন কৰা।
৩৷ সঁজুলি : সঠিকভাৱে কাম কৰা ধোঁৱা নিৰ্ণায়ক (smoke detector) স্থাপন কৰা, সহজে ব্যৱহাৰ কৰিব পৰা অগ্নিনিৰ্বাপক যন্ত্ৰ সংৰক্ষণ কৰা আৰু অগ্নি নিয়ন্ত্ৰণ ব্যৱস্থা নিয়মীয়াকৈ পৰীক্ষা কৰা।

এতিয়া আহোঁ এই বিষয়টিৰ ওপৰত আপুনি দক্ষ হৈ কৰ্মক্ষেত্ৰখনত নিয়োজনৰ পথ পাবলৈ হ’লে নিজকে যোগ্য কৰি তুলিব লাগিব। তাৰ বাবে আপোনাক প্ৰয়োজন হ’ব সঠিক পাঠ্যক্ৰম। যাৰ দ্বাৰা পৰৱৰ্তী পৰ্যায়ত আপুনি কেৰিয়াৰ গঢ়িব পাৰিব। গুৱাহাটীত আই.টি.আই পাঠ্যক্ৰমৰ অন্তৰ্গত ফায়াৰ এণ্ড চেফটি পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰে। অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, বামুণীমৈদামত ‘ফায়াৰ এণ্ড চেফটি পাঠ্যক্ৰম’ এটা চাকৰিমুখী বৃত্তিমূলক প্ৰশিক্ষণ পাঠ্যক্ৰম যুগুত কৰা হৈছে৷ যিয়ে শিক্ষাৰ্থীসকলক অগ্নি সুৰক্ষা আৰু জৰুৰী ব্যৱস্থাপনা ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ প্ৰস্তুত কৰি তুলিব। এই পাঠ্যক্ৰমত অগ্নি সুৰক্ষা ব্যৱস্থানাবোৰ, বিপদাশংকা ক্ষেত্ৰক নিয়ন্ত্ৰণ আৰু বিভিন্ন উদ্যোগত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাপনা অনুশীলনৰ ওপৰত ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰি যোগ্য কৰি তোলা হয়৷ নিৰ্মাণ, উৎপাদন, তেল আৰু গেছ, আন্তঃগাঁথনি, ইত্যাদি খণ্ডত সুৰক্ষামূলক যোগ্য ফায়াৰ আৰু চেফটি পেছাদাৰীসকলৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত হাতে-কলমে প্ৰশিক্ষণৰ লগতে চৰকাৰ স্বীকৃত প্ৰমাণপত্ৰ প্ৰদান কৰি এক সুৰক্ষিত আৰু সন্মানীয় কেৰিয়াৰ গঢ়িবলৈ সহায় কৰে।

● অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, বামুণীমৈদামত প্ৰদান কৰা ‘ফায়াৰ এণ্ড চেফটি’ পাঠ্যক্ৰমৰ চমু বিৱৰণ –
ফায়াৰ এণ্ড চেফটি পাঠ্যক্ৰমত তাত্ত্বিক জ্ঞান আৰু ব্যৱহাৰিক প্ৰশিক্ষণ একেলগে সংযুক্ত কৰি উদ্যোগ-উপযোগী সুৰক্ষা পেছাদাৰী হবলৈ যোগ্য কৰি তোলা হয়৷
পাঠ্যক্ৰমৰ নাম : ফায়াৰ এণ্ড চেফটি
পাঠ্যক্ৰমৰ সময়সীমা : ১ বছৰ
পাঠ্যক্ৰমৰ যোগ্যতা : দশম শ্ৰেণী উত্তীৰ্ণ
পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ : NCVT / SCVT
পাঠ্যক্ৰমৰ ধৰণ : বৃত্তিমূলক / দক্ষতা বিকাশ

● পাঠ্যক্ৰমত আপুনি কি শিকিবলৈ পাব?
* অগ্নি বিজ্ঞান আৰু অগ্নিৰ আচৰণৰ মৌলিক ধাৰণা
* অগ্নি নিৰোধ পদ্ধতি আৰু সুৰক্ষা পৰিকল্পনা
* বিভিন্ন ধৰণৰ অগ্নিনিৰ্বাপক যন্ত্ৰৰ ব্যৱহাৰ
* অগ্নি চিনাক্তকৰণ আৰু এলাৰ্ম ব্যৱস্থা
* সুৰক্ষা নিয়ম আৰু বিধি
* বিপদ চিনাক্তকৰণ আৰু মূল্যায়ন
* জৰুৰী সঁহাৰি আৰু নিৰ্গমন পদ্ধতি
* প্ৰাথমিক চিকিৎসা
* কৰ্মস্থলীৰ সুৰক্ষা মানদণ্ড আৰু নিয়ম পালন

● কেৰিয়াৰৰ সুযোগ –
ফায়াৰ এণ্ড চেফটি পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে তলত দিয়া ক্ষেত্ৰসমূহত কাম কৰিব পাৰে:
* নিৰ্মাণ আৰু আন্তঃগাঁথনি প্ৰকল্প
* উৎপাদন আৰু শিল্প প্ৰতিষ্ঠান
* তেল আৰু গেছ, শক্তি উৎপাদন কেন্দ্ৰ, আৰু ৰিফাইনেৰী
* চিকিৎসালয়, হোটেল, মল, আৰু বাণিজ্যিক ভৱন
* চৰকাৰী আৰু ব্যক্তিগত সুৰক্ষা সংস্থা

● চাকৰিৰ পদসমূহ –
ফায়াৰ এণ্ড চেফটি অফিচাৰ, চেফটি ছুপাৰভাইজাৰ, HSE সহায়ক, ফায়াৰমেন, আৰু চেফটি টেকনিচিয়ান।
শিক্ষাৰ্থীসকলে সুৰক্ষা পৰামৰ্শ আৰু প্ৰশিক্ষণ সেৱাৰ ক্ষেত্ৰতো সুযোগ লাভ কৰিব পাৰে।

62 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly