● ইনষ্ট্ৰুমেণ্টেচন আইটিআই (আনুষ্ঠানিকভাৱে পাঠ্যক্ৰমত Instrument Mechanic বুলি জনা যায়) হৈছে ব্যৱসায়িক প্ৰশিক্ষণ কাৰ্যসূচী। এই বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক শিল্প উদ্যোগ বা কাৰখানা, ৰিফাইনেৰী আৰু উৎপাদন কেন্দ্ৰত ব্যৱহৃত নিখুঁত মাপজোখৰ যন্ত্ৰ আৰু স্বয়ংক্ৰিয় ব্যৱস্থাসমূহ স্থাপন, কেলিব্ৰেট, ত্ৰুটি নিৰ্ণয় আৰু মেৰামতি কৰাৰ বিষয়ে শিকোৱা হয়।
মূলত এই বিষয়ত শিকিবলৈ পাব-
পাঠ্যক্ৰমত শ্ৰেণীকোঠাৰ তাত্ত্বিক পাঠদানৰ সৈতে অধিক পৰিমাণে ব্যৱহাৰিক কৰ্মশালা প্ৰশিক্ষণৰ প্ৰদান কৰা হয়।
● মৌলিক ভিত্তি : সাধাৰণভাৱে বিদ্যুৎ সম্পৰ্কীয়, ইলেক্ট্ৰনিক উপাদান আৰু কম্পিউটাৰ অপাৰেটৰ জ্ঞান।
● পৰিমাপ : তাপমাত্রা, চাপ, প্ৰবাহ আৰু উদ্যোগিক বা উৎপাদন ক্ষেত্ৰত যন্ত্ৰসমূহ কেনেকৈ কেলিব্ৰেট আৰু মেৰামতি কৰিব লাগে।
● শিল্প স্বয়ংক্ৰিয়কৰণ : Programmable Logic Controller (PLC), Distributed Control System (DCS), আৰু SCADA-ৰ পৰিচয় কৰোৱা হয়।
● সুৰক্ষা আৰু মানদণ্ড : কৰ্মক্ষেত্ৰৰ সুৰক্ষা, প্ৰাথমিক চিকিৎসা আৰু কাৰিকৰী নক্সা (blueprint) আদিৰ জ্ঞান দিয়া হয়।
বৰ্তমান নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা ক্ৰমান্বয়ে বাঢ়ি আহিছে৷ সকলোৱে জ্ঞান সম পৰিমাণৰ নহয়৷ প্ৰতিযোগিতামূলক কৰ্মক্ষেত্ৰখনৰ সৈতে খাপ খুৱাই সংস্থাপন লাভ কৰিবলৈ হ’লে নিজকে দক্ষ কৰি লোৱাটো অতি দৰকাৰী হৈ পৰিছে৷ সেই উদ্দেশ্য আগত ৰাখিয়েই আই.টি.আই পাঠ্যক্ৰমত ‘ইনষ্ট্ৰুমেণ্টেচন আইটিআই’ অতি এক গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰি পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছে৷ উক্ত পাঠ্যক্ৰমৰ উত্তীৰ্ণ শিক্ষাৰ্থীসকলক প্ৰক্ৰিয়াভিত্তিক শিল্পক্ষেত্ৰত অত্যন্ত চাহিদাসম্পন্ন বুলি গণ্য কৰা হয়।

গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত (AITI)-ত থকা ‘ইনষ্ট্ৰুমেণ্টেচন’ পাঠ্যক্ৰমটো হৈছে এক দক্ষতাভিত্তিক ITI ট্ৰেড৷ এই পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলক শিল্পক্ষেত্ৰত ব্যৱহৃত মাপজোখ, মেনুফেক্সাৰিং, কেলিব্ৰেচন আৰু ইনষ্ট্ৰুমেণ্ট ৰক্ষণাবেক্ষণৰ প্ৰশিক্ষণ সঠিকভাৱে দিয়া হয়। ইনষ্ট্ৰুমেণ্টেচন টেকনিচিয়ানসকলে বিদ্যুৎ উৎপাদন কেন্দ্ৰ, তেল আৰু গেছ উদ্যোগ, উৎপাদন, ফাৰ্মাচিউটিকেল আৰু অটোমেচন ক্ষেত্ৰত সংস্থাপন লাভ কৰে৷ ইনষ্ট্ৰুমেণ্টেচন পাঠ্যক্ৰমটো NCVT / SCVT-ৰ সৈতে সংযুক্ত আৰু যিসকল শিক্ষাৰ্থীয়ে প্ৰচেছ কণ্ট্ৰ’ল চিষ্টেমত কাৰিকৰী কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকৰ বাবে উপযুক্ত।
পাঠ্যক্ৰমৰ সংক্ষিপ্ত বিৱৰণ উল্লেখ কৰা হ’ল –
● পাঠ্যক্ৰমৰ নাম: ইনষ্ট্ৰুমেণ্টেচন
● সময়সীমা: ১ বছৰ
● যোগ্যতা: দশম শ্ৰেণী উত্তীৰ্ণ
NCVT / SCVT নামভৰ্তি কৰিব পাৰিব
● প্ৰমাণপত্ৰ: ITI ইনষ্ট্ৰুমেণ্টেচন (চৰকাৰ স্বীকৃত)
● পাঠ্যক্ৰমৰ ধৰণ: ব্যৱসায়িক / দক্ষতা বিকাশ
গুৱাহাটীৰ অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, বামুণীমৈদামত ‘ইনষ্ট্ৰুমেণ্টেচন’ৰ ১ বছৰীয়া পাঠ্যক্ৰম ২টা ছেমিষ্টাৰত বিভক্ত। পাঠ্যক্ৰমত শিক্ষাৰ্থীসকলক উদ্যোগ-উপযোগী কৰি তুলিবলৈ অধিক ব্যৱহাৰিক আৰু লেব-ভিত্তিক প্ৰশিক্ষণ দিয়া হয়।
যোগ্যতাৰ মানদণ্ড হিচাপে –
● শিক্ষাগত যোগ্যতা: স্বীকৃত বোৰ্ডৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব
● ন্যূনতম বয়স: ১৪ বছৰ
● ভৰ্তি প্ৰক্ৰিয়া: অসম ITI অনলাইন কাউন্সেলিং আৰু মেধাভিত্তিক নিৰ্বাচন
● সংৰক্ষণ সুবিধা: SC/ST/OBC/EWS/BPL শিক্ষাৰ্থীসকলে ৰেহাই আৰু বৃত্তিৰ সুবিধা লাভ কৰিব পাৰে।
প্ৰশিক্ষণৰ ধৰণ –
● ৩৫% তাত্ত্বিক
● ৫৫% ব্যৱহাৰিক/লেব প্ৰশিক্ষণ
● ১০% Employability Skills
পাঠ্যক্ৰম আৰু ছিলেবাছৰ মূল বিষয়বস্তু –
● শিল্প ইনষ্ট্ৰুমেণ্টেচনৰ মৌলিক জ্ঞান
● চাপ, তাপমাত্রা, প্ৰবাহ আৰু স্তৰ পৰিমাপ
● ছেন্সৰ, ট্ৰেন্সডিউচাৰ আৰু ট্ৰেন্সমিটাৰ
● কণ্ট্ৰ’ল ভালভ আৰু একচুৱেটৰ
● ইনষ্ট্ৰুমেণ্ট কেলিব্ৰেচন
● Pneumatic আৰু Hydraulic চিষ্টেম
● শিল্প প্ৰচেছ কণ্ট্ৰ’লৰ মৌলিক জ্ঞান
● PLC আৰু অটোমেচনৰ পৰিচয়
● বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক মৌলিক বিষয়
● সুৰক্ষা মানদণ্ড
ইনষ্ট্ৰুমেণ্টেচন পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীসকলে লাভ কৰিব –
● NCVT প্ৰমাণপত্ৰ (সমগ্ৰ ভাৰতত বৈধ)
● SCVT প্ৰমাণপত্ৰ (অসমৰ ভিতৰত বৈধ)
এই প্ৰমাণপত্ৰসমূহ চৰকাৰী চাকৰি, ব্যক্তিগত উদ্যোগ, Apprenticeship আৰু উচ্চ কাৰিকৰী শিক্ষাৰ বাবে গ্ৰহণযোগ্য।
কেৰিয়াৰৰ সুযোগ –
● বিদ্যুৎ উৎপাদন কেন্দ্ৰ
● তেল আৰু গেছ উদ্যোগ
● উৎপাদন আৰু মেনুফেক্সাৰিং
● ফাৰ্মাচিউটিকেল কোম্পানী
● অটোমেচন আৰু কণ্ট্ৰ’ল চিষ্টেম সংস্থা
● ৰাসায়নিক আৰু সাৰ কাৰখানা
চাকৰিৰ পদসমূহ হ’ব পাৰে –
● ইনষ্ট্ৰুমেণ্টেচন টেকনিচিয়ান
● কেলিব্ৰেচন টেকনিচিয়ান
● প্ৰচেছ কণ্ট্ৰ’ল টেকনিচিয়ান
● অটোমেচন সহায়ক
● মেৰামতি টেকনিচিয়ান
● প্লাণ্ট টেকনিচিয়ান
দৰমহা বা উপাৰ্জন হিচাপে পাব পাৰি –
● Apprenticeship Stipend : মাহে ₹৭,০০০ – ₹১০,০০০
● আৰম্ভণিৰ দৰমহা : মাহে ₹১২,০০০ – ₹১৮,০০০
● অভিজ্ঞ টেকনিচিয়ান : মাহে ₹২৫,০০০ – ₹৩৫,০০০
● বিশেষজ্ঞ অটোমেচন পদ : মাহে ₹৪০,০০০ বা তাতোধিক