অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

➧ প্লাষ্টিক ইঞ্জিনিয়াৰিং বা প্লাষ্টিক অভিযান্ত্ৰিকীত প্লাষ্টিক সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণ, নক্সা প্ৰস্তুতি বা ডিজাইন, উন্নয়ন বা উৎপাদনশীলতা আদি বিষয় অন্তর্ভুক্ত থাকে। প্লাষ্টিক হৈছে এক প্ৰকাৰৰ পলিমাৰিক পদাৰ্থ৷ যি অৰ্ধ-তৰল অৱস্থাত থাকে৷ প্লাষ্টিচিটিৰ গুণধৰ্ম থাকে আৰু প্ৰবাহ ক্ষমতা বহন কৰে। ‘‘প্লাষ্টিক ইঞ্জিনিয়াৰিং বিষয়ত প্লাষ্টিক সামগ্ৰী আৰু প্লাষ্টিক ব্যৱহৃত যন্ত্ৰপাতি অন্তর্ভুক্ত থাকে। প্লাষ্টিক ব্যৱহৃত যন্ত্ৰপাতি বুলিলে প্লাষ্টিক প্ৰক্ৰিয়াকৰণ উদ্যোগত ব্যৱহৃত সকলো ধৰণৰ যন্ত্ৰ আৰু সঁজুলিকে বুজায়।’’

➧ প্লাষ্টিক ইঞ্জিনিয়াৰিঙত প্লাষ্টিকৰ যান্ত্ৰিক গুণাগুণ বহু সময়ত সঠিকভাৱে নিৰ্ধাৰণ কৰা কঠিন হয় আৰু প্লাষ্টিক ইঞ্জিনিয়াৰে এনে এটা সামগ্ৰী নক্সা বা ডিজাইন প্ৰস্তুত কৰিব লাগে যিয়ে নিৰ্দিষ্ট মানদণ্ড পূৰণ কৰাৰ লগতে খৰচো কমাই ৰাখে। ইয়াৰ উপৰিও প্লাষ্টিক ইঞ্জিনিয়াৰে আন বহু গুণধৰ্মৰ প্ৰতিও মনোযোগ দিব লাগে, যেনে—সৰ্বোচ্চ ব্যৱহাৰযোগ্য তাপমাত্রা, বৈদ্যুতিক গুণধৰ্ম, ৰাসায়নিক পদাৰ্থ ব্যৱহাৰৰ প্ৰতিৰোধ ক্ষমতা আদি। প্লাষ্টিক ইঞ্জিনিয়াৰিঙত আন অধিকাংশ অভিযান্ত্ৰিক শাখাৰ দৰে, কোনো সামগ্ৰীৰ অৰ্থনৈতিক দিশে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্লাষ্টিক সামগ্ৰীৰ মূল্য অতি নূন্যতমৰ পৰা গ্ৰাহকে ব্যৱহৃত সাধাৰণ প্লাষ্টিকৰ পৰা আৰম্ভ কৰি অতি ব্যয়বহুল বিশেষ ধৰণৰ প্লাষ্টিকলৈকে বিস্তৃত। বৰ্তমান সময়ত প্লাষ্টিকৰ সামগ্ৰীৰ দ্ৰুত ব্যৱহাৰে প্লাষ্টিকৰ চাহিদা বৃদ্ধি কৰিছে৷ দৈননন্দিন ব্যৱহাৰ হোৱা প্ৰতিটো সামগ্ৰীতে কম-বেছি পৰিমাণে প্লাষ্টকৰ ব্যৱহাৰ পোৱা যায়৷ কলম, পেঞ্চিলৰ পৰা আৰম্ভ কৰি চকী-মেজলৈকে প্ৰায় চকুৰে দেখা ৮০ শতাংশৰো অধিক সামগ্ৰীতে প্লাষ্টিকৰ ব্যৱহাৰ হয়৷ এই চাহিদা অনুযায়ী ভিন্ন উদ্যাগত সেই অনুপাতে প্লাষ্টিক ইঞ্জিনিয়াৰিং সম্পৰ্কে জ্ঞান আহৰণ কৰা অভিযন্তাৰ প্ৰয়োজন হয়৷ যিয়ে সামগ্ৰী এবিধৰ সকলো দিশ বিশ্লেষণ কৰিব পাৰে৷

➧ প্লাষ্টিক প্ৰক্ৰিয়াকৰণৰ সৈতে জড়িত মূল্যও বহু সময়ত গুৰুত্বপূৰ্ণ৷ কিছুমান পদাৰ্থ অত্যন্ত উচ্চ তাপমাত্রাত প্ৰক্ৰিয়াকৰণ কৰিব লাগে, যাৰ ফলত কোনো অংশ ঠাণ্ডা হ’বলৈ অধিক সময় লাগে। বৃহৎ পৰিমাণৰ উৎপাদনত এই ঠাণ্ডা হোৱাৰ সময়খিনি অত্যন্ত ব্যয়বহুল হয়।

➧ প্লাষ্টিক হৈছে বহু ধৰণৰ কৃত্ৰিম অথবা অৰ্ধ-কৃত্ৰিম জৈৱ যৌগৰ সমষ্টি, যিবোৰ নমনীয় (malleable) হয়৷ প্লাষ্টিচিটী (Plasticity) হৈছে সকলো ধৰণৰ পদাৰ্থৰ এক সাধাৰণ গুণ, যাৰ দ্বাৰা কোনো পদাৰ্থ ভাঙি নপৰাকৈ স্থায়ীভাৱে বিকৃত হ’ব পাৰে। কিন্তু নিৰ্দিষ্ট সজ্জাত গঢ় দিব পৰা পলিমাৰৰ ক্ষেত্ৰত এই গুণ বেছি পৰিমাণে দেখা যায়৷ প্লাষ্টিক সাধাৰণতে উচ্চ আণৱিক ভৰৰ জৈৱ পলিমাৰ, আৰু ইয়াত প্ৰায়ে আন কিছুমান পদাৰ্থও মিহলি থাকে। অধিকাংশ ক্ষেত্ৰত এইবোৰ কৃত্ৰিম (synthetic) আৰু মূলতঃ পেট্ৰ’কেমিকেলৰ পৰা প্ৰস্তুত কৰা হয়। কিন্তু কিছুমান ধৰণৰ প্লাষ্টিক পুনৰ নবীকৰণযোগ্য পদাৰ্থৰ পৰাও তৈয়াৰ কৰা হয়, যেনে ভুট্টাৰ পৰা পলিলেক্টিক এচিড (polylactic acid) অথবা কপাহৰ আঁহৰ পৰা চেলুল’জিক পদাৰ্থ।

➧ উন্নত অৰ্থনীতি থকা দেশসমূহত প্ৰায় এক-তৃতীয়াংশ প্লাষ্টিক পেকেজিংত ব্যৱহাৰ হয় আৰু প্ৰায় সম পৰিমাণ প্লাষ্টিক নিৰ্মাণ কাৰ্যত ব্যৱহৃত হয়৷ যেনে পাইপ, পানী যোগান ব্যৱস্থা বা ভিনাইল ছাইডিং ইত্যাদি ইত্যাদি। আনবোৰ ব্যৱহাৰৰ ভিতৰত গাড়ী নিৰ্মাণত (য’ত প্ৰায় ২০% প্লাষ্টিক ব্যৱহাৰ হয়), আচবাবপত্ৰ আৰু খেলনা সামগ্ৰীবোৰত প্লাষ্টিক অন্তর্ভুক্ত। উন্নয়নশীল দেশসমূহত প্লাষ্টিকৰ ব্যৱহাৰ বেছিকৈ কৰা হয়৷ আমাৰ দেশ ভাৰতত ব্যৱহৃত প্লাষ্টিকৰ প্ৰায় ৪২% পেকেজিংত ব্যৱহৃত হয়। সমগ্ৰ বিশ্বত গড়ে প্ৰতিজন ব্যক্তিৰ বাবে বছৰি প্ৰায় ৫০ কিলোগ্ৰাম প্লাষ্টিক উৎপাদন কৰা হয় আৰু এই উৎপাদন প্ৰতি ১০ বছৰত দুগুণলৈ বৃদ্ধি পাইছে।

➧ চিকিৎসা বিজ্ঞানৰ নিত্য নতুন সামগ্ৰীকে ধৰি আনবোৰ ক্ষেত্ৰতো প্লাষ্টিকৰ ব্যৱহাৰ হয়। পলিমাৰ ইমপ্লান্ট আৰু আংশিকভাৱে প্লাষ্টিকৰ পৰা নিৰ্মিত বিভিন্ন চিকিৎসা সঁজুলিৰ প্ৰচলনৰ ফলত চিকিৎসা বিজ্ঞানত প্লাষ্টিকৰ ভূমিকা বহুগুণে বৃদ্ধি পাইছে। “Plastic Surgery” নামটো প্লাষ্টিক পদাৰ্থ ব্যৱহাৰৰ সৈতে জড়িত নহয়৷ ইয়াত “plasticity” শব্দটোৱে শৰীৰৰ অংশ পুনৰ গঢ় দিয়াৰ অৰ্থকহে বুজায়।

➧ বিশ্বৰ প্ৰথম সম্পূৰ্ণ কৃত্ৰিম প্লাষ্টিক আছিল বেকেলাইট (Bakelite), যি ১৯০৭ চনত নিউ ইয়ৰ্কত Leo Baekeland-এ উদ্ভাৱন কৰিছিল। তেওঁৱেই “plastics” শব্দটো প্ৰচলন কৰা বুলি জনা যায়। বহু ৰসায়নবিদে প্লাষ্টিকৰ পদাৰ্থ বিজ্ঞানৰ উন্নয়নত অৱদান আগবঢ়াইছে, যাৰ ভিতৰত নোবেল বঁটা বিজয়ী Hermann Staudinger-ক “পলিমাৰ ৰসায়নৰ জনক” বুলি কোৱা হয় আৰু Herman Mark, যাক “পলিমাৰ পদাৰ্থবিজ্ঞানৰ জনক” হিচাপে পৰিগণিত।

54 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly