‣ হাতে কামে কেৰিয়াৰ গঢ়ক, উপাৰ্জন কৰক! কম খৰছতে কেনেকৈ সম্ভৱ?
‣ উপাৰ্জনৰ পথ হিচাপে ‘ফুড প্ৰচেচিং’
‣ ‘ফুড প্ৰচেচিং’ কি?

● সহজ ভাষাত ক’বলৈ গলে ‘ফুড প্ৰচেচিং’ মানে খাদ্য সামগ্ৰী এটাক বেয়া নোহোৱাকৈ দীৰ্ঘস্থায়ী কৰি ৰখা এক পদ্ধতি। অৰ্থাৎ খাদ্য সামগ্ৰী বিধক প্ৰণালীবদ্ধভাৱে সংৰক্ষণ কৰাৰ বাবে কিছুমান পদ্ধতি অৱলম্বন কৰা হয়। লগতে সামগ্ৰীবিধৰ প্ৰফেচনেল পেকেজিং আদিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি মানক নিৰূপণ কৰা হয়৷ কিমান দিনলৈকে ভালে থাকিব, পেকেজিং কৰাৰ তাৰিখ আদিবোৰ উল্লেখ কৰা হয়৷ ‘ফুড প্ৰচেচিং’ সাধাৰণতে খাদ্যৰ মৌলিক প্ৰস্তুতি৷ এটা খাদ্য সামগ্ৰীক আন ৰূপত পৰিৱৰ্তন কৰাৰ কাৰ্য (যেনে- ফলৰ পৰা প্ৰিজাৰ্ভ বনোৱা, আচাৰ, জাম, জেলি ইত্যাদি) আৰু সংৰক্ষণ আৰু পেকেজিং প্ৰযুক্তিসমূহ সন্নিৱিষ্ট কৰা হয়। সামগ্ৰীবিধ বেয়া নোহোৱাকৈ ৰাখিবলৈ ৰাসায়নিক দ্ৰব্য মিশ্ৰণ কৰোৱা হয়৷ তাৰ পৰিমাণ কিমান দিব লাগিব এই বিষয়ে ‘ফুড প্ৰচেচিং’ বিষয়ত জ্ঞান দিয়া হয়৷ ‘ফুড প্ৰচেচিং’ প্ৰফেচনেলভাৱে বা ব্যৱসায়িকভাৱে কৰিবলৈ অধ্যয়ন আৰু চৰকাৰীভাৱে অনুজ্ঞাপত্ৰ লোৱাটো প্ৰয়োজন৷ ‘ফুড প্ৰচেচিং’ত প্ৰয়োজন হোৱা ভিন্ন সা-সঁজুলি ব্যৱহাৰ্য দিশত নিজকে কাৰিকৰীভাৱে দক্ষ কৰি তুলিব লাগিব৷ ব্যৱসায়িকভাৱে হওঁক বা নিজাকৈ হওঁক ‘ফুড প্ৰচেচিং’ কৰিবলৈ আপুনি দক্ষ হ’ব লাগিবই৷ পেকেজিং আদিৰ ওপৰতো জ্ঞান লাগিব৷ এই বিষয়ত ডিপ্লমা পাঠ গ্ৰহণ কৰি আপুনি শৈক্ষিকভাৱে দক্ষ হ’ব পাৰে৷ তাৰ বাবে বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠান আছে৷ গুৱাহাটীৰ অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানতো এই বিষয়ে ডিপ্লমা পাঠ্যক্ৰমৰ ব্যৱস্থা আছে৷
𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
https://aitiguwahati.online/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 