ক্রমোন্নতিৰ ফলত মানুহৰ বুদ্ধি-বৃত্তিৰ বিকাশৰ লগে লগে মানুহে লজ্জা নিবাৰণৰ বাবে আহিলা বিচাৰি ল’লে গছৰ ছাল, পাত, জন্তুৰ চামৰা আদি। এটা সময়ত প্রয়োজনৰ দাবীত কাপোৰ বোৱাৰ কাৰণে সূতাৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়। মানুহে যিকোনো কাম কৰিবলৈ ধৈৰ্য্য আৰু আগ্ৰহৰ দৰকাৰ। কামৰ প্ৰতি আগ্ৰহ থাকিলে ধৈর্য্য বাঢ়ে।. ধৈৰ্য্য সহকাৰে কামত প্রবৃত্ত হৈ থাকিলে মানুহে কৃতকার্য্য হ’বই ই ধুৰূপ।
কটা আৰু চিলাই কামত আত্মনিয়োগ কৰিলেও মানুহ সম্পূর্ণ স্বাৱলম্বী হ’ব পাৰে। অৱশ্যে এই কটা আৰু চিলাই কামত অনুসৰণ, অনুকৰণ আৰু আৱিষ্কাৰৰ অতীব প্রয়োজন। কাৰণ দৰ্জীৰ কৃতকাৰ্য্যতা হ’ল বিভিন্ন মনৰ বিভিন্ন গ্রাহকক সন্তুষ্ট কৰিব পৰা। কাম কৰাৰ নিপুণতা বা দক্ষতা সকলো মানুহৰ কাৰণে এটা বিশেষ গুণ। দর্জী সকলো তাৰ ব্যতিক্রম নহয়।

কাপোৰ কটা ও চিলাই কৰা এটা ডাঙৰ কৌশল, উত্তম ক’লা। সকলো মানুহ উত্তম কৌশলী নহয়। উত্তম কলাকাৰ নহয়। কিন্তু চেষ্টাৰ পৰিশেষত প্ৰায়বোৰ ব্যক্তিয়ে কর্মত দক্ষতা উপার্জন কৰা দেখা যায়। কলাৰ নীৰৱ সাধনা কৰিলে কলাসুলভ মনৰ অধিকাৰী হোৱা দেখা যায়। ঠিক তেনেদৰে সকলো কামতে অগ্রগতি লাভ কৰা স্বাভাৱিক।
অশেষ চেষ্টা আৰু কষ্টৰ মূৰত কিছুমান ব্যক্তিয়ে কিছুমান জ্ঞান-বিজ্ঞানৰ আবির্ভাব কৰি আহিছে। বিজ্ঞানৰ জ্বলন্ত উদাহৰণে প্রতিপত্তি লাভ কৰি আছে। ইয়াৰ ব্যৱহাৰো অনন্য সুন্দৰ। ইয়াৰ ভিতৰত বিজ্ঞানসন্মত ভাবে বিশেষ ভূমিকা লাভ কৰা কটা আৰু চিলাই কামো লেখত ল’বলগীয়া। বহুত কষ্ট কৰি বিজ্ঞানীয়ে চিলাই মেচিন উলিয়ালে; দেহৰ ভাজত খাপ খাই ধৰাকৈ নানা চিন্তা চৰ্চাৰে কটাৰ পদ্ধতি উলিয়াইছে আৰু ই সর্বসম্মত, ই সকলোৰে ব্যৱহাৰৰ যোগ্য।
পৃথিৱীৰ হাবি-জঙ্ঘল ভাঙি প্রগতিশীল মানুহে চহৰ, নগৰৰ জন্ম দিছে। নানা ধৰণৰ অট্টালিকাৰ সৃষ্টি হ’ল। যুগ আগবাঢ়ি আহিছে। সকলো দিশতে ন-পুৰণি হৈছে। নতুনৰ জন্মৰ লগে লগে পুৰণি বোকাত পোত গৈছে। সাধাৰণতে পুৰণিৰ ভিত্তিতে নতুনৰ জন্ম।
বর্তমান যুগ যন্ত্ৰৰ যুগ। এই যুগ নানা সমস্যাবহুল। আর্থিক দিশেই হওঁক বা কর্ম সংস্থাপনৰ ক্ষেত্ৰতেই হওঁক সকলোতে একোটা বৃহৎ সমস্যা। এই সমস্যাৰে পৰিপূৰ্ণ আত্ম প্রতিষ্ঠাৰ একোটা নিজা লক্ষ্য থকা
নিতান্ত প্রয়োজন। এটা নির্দিষ্ট কর্মত প্রবৃত্ত হৈ ইয়াতে বিশেষ পাৰদর্শী হোৱা কম কৃতিত্বৰ কথা নহয়। সেয়ে কটা আৰু চিলাই কাম কৰিম বুলি ধাৱমান হোৱা প্রতিজন সুস্থ নাগৰিকে কিম্বা ছাত্রই সুনাম অর্জন কৰি পাঠ্যক্রম আহৰণ কৰা যুগুত। কটা আৰু চিলাইৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে, বিশ্বত এনে এটা কাম নাই যিটোৰ স্বকীয় লক্ষ্য আৰু উদ্দেশ্য নাই। কটা আৰু চিলাই কামো লক্ষ্য আৰু উদ্দেশ্যৰে পূর্ণ। প্রশিক্ষণ প্রতিষ্ঠানবোৰত কটা আৰু চিলাই কামৰ বছৰে বছৰে প্রশিক্ষণ দিয়াৰ লক্ষ্য আছে আৰু ইয়াৰ অন্তর্নিহিত উদ্দেশ্যও আছে।
বর্ধিত জনসংখ্যাৰ নিবনুৱা সমস্যা দূৰীকৰণ হৈছে প্ৰধান লক্ষ্য। এই সন্দর্ভত ক’ব পাৰি লাখ লাখ জনগণৰ কর্ম দক্ষতা আৰু কৰ্মৰ প্রতি একাগ্ৰতাৰ মন বিভিন্ন। সেয়ে ৰুচি, অভিৰুচি আৰু একাগ্রতাই জীৱনৰ পথ নির্বাচন কৰে। তাৰে ভিতৰত যিবোৰে কটা আক চিলাই কাম শিকিম বুলি সাগ্রহে আগবাঢ়ি আহিছে তেওঁলোকে উপযুক্ত দর্জী এজন হৈ জীবন নির্বাহৰ পথ সুগম কৰি লোৱা কাম্য।
প্রশিক্ষণপ্রাপ্ত দর্জীৰ লক্ষ্য, চাকৰিমুখীয়া প্রকৃতার্থত দেশৰ বাবে অশুভ লক্ষণ। সেয়ে প্রতিজন প্রশিক্ষণপ্রাপ্ত ব্যক্তিয়ে স্বাধীন ব্যৱসায়ত হাত দিব লাগে। ব্যৱসায়ৰ ধর্ম, কর্ম আৰু প্ৰসাৰণ অৱশ্যে প্রত্যেক জনৰে বেলেগ হ’ব।। ইয়াৰ কাৰণো অবশ্যে নোহোৱা নহয়।
ক) অর্থনৈতিক সহায় সাহাৰ্যৰ অথবা পুঁজিৰ মাত্রাধিক্যই ব্যৱসায়ৰ কলেৱৰ সূচাব।
খ) অৱশ্যে অর্থনৈতিক প্ৰচুৰ সাহাৰ্যৰ পিছতো কোনো প্রশিক্ষণপ্রাপ্ত ব্যক্তি সমুচিত ব্যৱহাৰৰ বিষয়ে জ্ঞাত-অজ্ঞতাৰ বাবে ব্যবসায়ৰ উন্নতি-অধোঃগতি নির্ভৰ কৰে।
গ) সুচতুৰ ব্যক্তিত্ব সম্পন্নতাই ব্যৱসায়ৰ মূল ভেটি।
সাধাৰণভাবে এটা মেচিন লৈ কোনো দোকানৰ সন্মুখত বহিলেও জীৱন চলোৱাত আর্থিক সহায় হ’ব

১। এই যুগ প্রতিযোগিতাৰ যুগ। এই যুগ অত্যাধুনিক যুগ। প্রতিজন প্রশিক্ষণপ্রাপ্ত দর্জীয়ে বৈজ্ঞানিক পদ্ধতিৰে কাপোৰ কটা আৰু চিলাইৰ যি ভেটিত গঢ় লয় তাৰে ভেটিত প্রতিযোগিতাৰ পথাবত খেল খেলিব পাৰিব। তাৰে ভেটিত অতি আধুনিক সাজ-পোছাকৰ আয়সৰ ওপৰত মনোনিবেশ কৰিব পাৰিব লাগিব।
২। প্রতিযোগিতাৰ খেলত উত্তম পোছাকৰ নমুনা আৰু উত্তম আয়সৰ পোছাকৰ প্ৰসাৰতা, বিস্তৃতি।
৩। বৈজ্ঞানিক ভিত্তিত বিভিন্ন কাপোৰ কাটি জনসাধাৰণক আর্থিক সাহার্য আগবঢ়াব পাৰে। অর্থাৎ বৈজ্ঞানিক ভিত্তিত কাপোৰ কাটিবলৈ নিখুঁত আৰু কম কাপোৰত পোছাক বনাব পাৰি। ইয়াৰে দৰ্জী আৰু গ্রাহক উভয়ে লাভবান হ’ব। এই লাভ অর্থনৈতিক লাভ।
৪। এই কটা আৰু চিলাই কামৰে বিধবা, অবিবাহিতা তিৰোতাৰ জীৱন নির্বাহৰ পথ উলিয়াব পাৰি। এওঁলোকে মুকলি বজাৰত মুকলিভাৱে ব্যবসায় কৰাৰ উপৰিও ঘৰতেও কাপোৰ চিলাই টকা উপার্জন কৰিব পাৰে।
৫। কিছুমান ক্ষেত্রত অঙ্গক্ষত মানুহক কর্ম সংস্থাপনৰ ক্ষেত্ৰত এই কটা আৰু চিলাই কামে সহায় কৰিব পাৰে।
এই মহান উদ্দেশ্য আৰু লক্ষ্যক সাৰোগত কৰি কটা আৰু চিলাই কাম প্রশিক্ষণ প্রতিস্থানত কর্তাই ৰাখিছে। অৱশ্যে ইয়াৰ বাবে নস্যাৎ দেশৰ টকা-পইচা খৰচৰ বাট অব্যাহত আছে।
কিন্তু দেখা যায় বহুতে প্রশিক্ষণ লৈ চাকৰি চাকৰি কৈ অনাই-বনাই ঘূৰি ফুৰা দেখা যায়। দুই-তিনি বছৰ এনেকৈ ঘূৰি ফুৰাৰ পিছত বৈজ্ঞানিক ভিত্তিত কাপোৰ কটা আৰু চিলাইৰ সূত্র আদি পাহৰি যায়।
এই ফালে চাকৰি বিচাৰিও বিৰক্ত হয়। বিৰক্ত জীৱনে তেতিয়া বিভাগৰ উদ্দেশ্য আৰু লক্ষ্য অনুযায়ী কামত প্রবৃত্ত হ’ব খোজে। কিন্তু কার্যতঃ কাৰিকৰী কাম সদায় কৰি নাথাকিলে বিস্মৃতি ঘটে বা কামৰ সুন্দৰ সমাপ্তিকৰণৰ কৌশলী হাতখনত মামৰে ধৰে। শেষত প্রশিক্ষণক জগৰীয়া কৰা দেখা যায়।