অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান

ASSAM INDUSTRIAL TRAINING INSTITUTE

নিচা, ইচ্ছা, আকাংখা, সামর্থ্যতাই জীৱনৰ লক্ষ্য স্থিৰ কৰে। নেৰানেপেৰা চেষ্টাৰ ফলত লক্ষ্যত উপনীত হ’ব পাৰি। উপার্জিত জ্ঞান জীৱিকাৰ পথ হ’ব পাৰে। ইও ঠিক যে জ্ঞান লাভ কৰা বাবে সংসাৰত বিভিন্ন বিষয় বা দিশ আছে। অর্থাৎ জীৱনত বহু বিষয়ত জ্ঞান লাভ কৰিব পাৰে। কিন্তু জীয়াই থকাৰ বাবে কর্মময় পথ এটা নির্বাচন কৰিব লাগে। সেয়া ৰুচি-অভিৰুচি বা সময়-সুযোগ, পৰিস্থিতিৰ ওপৰতো নিৰ্ভৰ কৰে। সামাজিক আৰু ৰাজনৈতি কাৰণে হ’ব পাৰে।

বর্তমান বিজ্ঞানৰ যুগ, প্রযুক্তি বিদ্যাৰ যুগ, কাৰিকৰী শিক্ষাৰ গ্ৰহণৰ যুগ। যি শিক্ষাই ব্যক্তিক স্বনির্ভৰশীল কৰিব পাৰে, যি শিক্ষাই জীৱনৰ ৰং সিঁচিব পাৰে, যি শিক্ষাই জীনৰ মনদণ্ড নিৰূপণ কৰিব পাৰে।

কাৰিকৰী শিক্ষা বিভিন্ন বিভাগত ল’ব পাৰি। বিভাগ (Trade) নির্বাচন ছাত্রৰ ইচ্ছা, আকাংক্ষা আৰু লক্ষ্যৰ ওপৰত নির্ভৰ কৰে। সেইবোৰে ভিতৰত অন এক উল্লেখনীয় বিভাগ হ’ল- ‘ইলেক্ট্রিচিয়ান’(Electrician)। এই বিভাগত প্রশিক্ষণ ল’লে এজন ভাল মেকানিক হ’ব পাৰে। দক্ষতা আৰু কৌশলৰে বিভিন্ন ধৰণৰ কামত নিয়োজিত হ’ব পাৰে।

ইলেক্ট্রিচিয়ান বিভাগটো উদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানত প্রবর্তন কৰাৰ মূল লক্ষ্য হৈছে- নিবনুৱা সমস্যা দূৰ কৰা। এই বিভাগত দক্ষতাৰে প্ৰশিক্ষণ ল’লে এদিনো নিবনুৱা হৈ বহি থাকিব লগা অবস্থা নহয়। কিয়নো টেষ্টাৰ (Tester) টো আৰু স্কু ড্রাইভাৰ (Screw Driver)টো লৈ ওলাই গ’লে কাম পোৱা যায়। দোকান বা বজাৰত, মানুহৰ ঘৰত, বিভিন্ন ধৰণৰ বৈদ্যুতিক বিজুতি ঘটি থকা বাবে এজন দক্ষ ইলেক্ট্রিচিয়ান সকলোৱে বিচাবি থাকে বা আশা কৰে।

চৰকাৰী খণ্ডতো প্রায় প্রতি বিভাগত বা কার্যালয়ত এজন ইলেক্ট্রিচিয়ান প্রয়োজন হয়। চৰকাৰী অনুষ্ঠান, প্রতিষ্ঠান আদিত আংশিক বা স্থায়ী কর্মচাৰী থাকে। আজিকালি উদ্যোগিক ক্ষেত্রত দেশ বহু আগবাঢ়ি আছে আৰু বিভিন্ন পর্যায়ৰ নতুন নতুন উদ্যোগ গঢ় লৈ উঠিছে। গতিকে এনে ক্ষেত্রত বা প্রতিটো উদ্যোগত ইলেক্ট্রিচিয়ানৰ চাকৰি থাকে।

সভা, পূজা, বিয়া বা নানান ঘৰুৱা অনুষ্ঠান আদিত আৰু বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানত বিজুলীবাতিৰ প্রয়োজন অপৰিহাৰ্য, যিবিলাক এদিন, দুদিন, তিনিদিন বা চাৰিদিনৰ বাবে মুকলি ঠাইত ব্যৱস্থা কৰিব লগা হয়। এইবোৰতো ইলেক্ট্রিচিয়ানৰ প্রয়োজন আছে।

মেচিন, যন্ত্র, চৌখিনতাৰ যিমানে অগ্রগতি-প্ৰসাৰতা বাঢ়িছে, সিমানে ইলেক্ট্রিচিয়ানৰ গুৰুত্ব বাঢ়ি গৈছে। কিন্তু কাম নিয়াৰিকৈ, নিৰাপদমূলক বিচক্ষণতাৰে জানিব লাগিব। বিপদমুক্ত হৈ কাম কৰাৰ জ্ঞান উপার্জন কৰিব লাগিব। অত্যাধুনিক বাৰ, ৰেষ্টোৰা, হোটেল আদিতো সৌন্দর্যতা, জাকজমকতা আৰু অত্যাৱশ্যকীয় সামগ্রীৰ বাবে ইলেক্ট্রিচিয়ানৰ সঘনে প্রয়োজন হয়।

ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানত ইলেক্ট্রিচিয়ান বিভাগত দক্ষতাৰে জ্ঞান উপার্জন কৰিব পাৰিলে ইঞ্জিনীয়াৰিঙৰ উচ্চ ডিগ্রী লোৱাৰো সুবিধা ৰাখিছে। মাথো লাগে উচ্চ অভিলাষ, একাণপতীয়া প্রচেষ্টা আৰু এগ্নগ্রতা। সূক্ষ্ম জ্ঞান উপার্জন কৰা মানসিক প্রস্তুতি আৰু কলাসুলভ চিন্তা চর্চা।

17 / 100 SEO Score

Leave a Reply

Your email address will not be published. Required fields are marked *

Contact Our Education Experts Now!

Please fill out the form below and our team will get in touch with you shortly