➱ কেৰিয়াৰ মানে কেৱল চৰকাৰী চাকৰি নেকি?
➦ সাধাৰণতে আমাৰ সকলোৰে মনত কেৰিয়াৰ মানে চাকৰি বা চৰকাৰী কামত নিয়োজিত হৈ দৰমহা লোৱাটোহে বুলি ধাৰণা এটা গঢ় লৈ উঠা দেখা গৈছে। কিয়নো সমাজ ব্যৱস্থাত কেৱল নিয়োগ মানে চৰকাৰী কৰ্মত নিয়োজিত হোৱাটোকে মূল লক্ষ্য হিচাপে লোৱা দেখা গৈছে। সেই অনুপাতে দৈনিক শিক্ষিত যুৱক-যুৱতীৰ অনুপাতে চৰকাৰী নিয়োগৰ পথ প্ৰশস্ত হোৱা নাই। যাৰ বাবে নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ইয়াৰ বিকল্প হিচাপে প্ৰতিগৰাকী শিক্ষিত যুৱক যুৱতীয়ে কিদৰে সংস্থাপনৰ পথ মুকলি কৰিব পাৰিব তাক লৈও শিক্ষিত সমাজৰ মাজত ভিন্ন প্ৰশ্নৰ অৱকাশ ঘটিছে। কৰ্মত সৰু বৰ নাই। নিশ্চিতভাৱে বিকল্প পথ আছে। স্ব-নিয়োজনৰ বাবে প্ৰতিগৰাকী শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী নিয়োগৰ পিছত ঘূৰি থকাতকৈ কিছু পৰিমাণে কাৰিকৰী দক্ষতাৰে নিজকে দক্ষ কৰি তোলাৰ প্ৰয়াস কৰা উচিত। কাৰিকৰী শিক্ষাৰ বাবে সেই অনুসাৰে বহু উচ্চ শিক্ষাৰে শিক্ষিত চাৰ্টিফিকেটৰো প্ৰয়োজন নাই। যি কাৰিকৰী শিক্ষা উচ্চ মাধ্যমিক বা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈয়েই গ্ৰহণ কৰিব পাৰি। তাৰ বাবে ভিন ভিন পাঠ্যক্ৰম আছে। আমি সাধাৰণ জীৱিকা বুলি ভবা প্লাম্বাৰ, পেইণ্টিং কৰা, ইলেক্ট্ৰিকেল ৱায়াৰিং কৰাৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ বহুজাতিক কোম্পানীৰ উদ্যোগলৈকে একোজন কাৰিকৰী দক্ষতাসম্পন্ন লোকৰ গুৰুত্বতা বহুত। যাৰ সমকক্ষ একোজন চৰকাৰী চাকৰিয়ালৰ দৰমহাৰো কোনো গুণে কম নহয়। তেন্তে কিদৰে আপুনি নিজকে দক্ষ কৰি তুলিব পাৰিব? প্ৰথমতে কাৰিকৰী শিক্ষা গ্ৰহণৰ বাবে আপোনাক লাগিব আগ্ৰহ। দ্বিতীয়তে এই প্ৰশ্নৰ উত্তৰত আই.টি.আই, পলিটেকনিক, বি.টেক আদিবোৰ পাঠ্যক্ৰম গ্ৰহণ কৰি একোখন চাৰ্টিফিকেট বা ডিপ্লমা পাঠ গ্ৰহণ কৰি দক্ষ কৰি তুলিব পাৰিব। বৰ্তমান ৰাজ্যিক বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ (State Council for Vocational Training (SCVT), আৰু ৰাষ্ট্ৰীয় বৃত্তিমূলক প্ৰশিক্ষণ পৰিষদ National Council for Vocational Training (NCVT) অনুমোদিত ব্যক্তিগত কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠানতো প্ৰশিক্ষিত হোৱাৰ সুবিধা আছে।𝗜𝗧𝗜 || 𝗣𝗼𝗹𝘆𝘁𝗲𝗰𝗵𝗻𝗶𝗰 || 𝗕. 𝗧𝗲𝗰𝗵
𝙾𝚞𝚛 2026 𝚊𝚍𝚖𝚒𝚜𝚜𝚒𝚘𝚗 𝚙𝚛𝚘𝚌𝚎𝚜𝚜 𝚒𝚜 𝚗𝚘𝚠 𝚘𝚙𝚎𝚗
https://aitiguwahati.online/ or call us at +91-6001649848 / 094354 00147 to learn more and kickstart your future today!
MORE INFO to VISIT: 