
‘ডিজিটেল ইণ্ডিয়া’ৰ এক অংশ হিচাপে অসম ঔদ্যোগিক প্রশিক্ষণ প্ৰতিষ্ঠানৰ অধীনৰ বিভিন্ন কাৰিকৰী প্ৰশিক্ষণ প্ৰস্তুত কৰি তোলা হৈছে। আমাৰ পাঠ্যক্রম সমূহত বিভিন্ন অভিজ্ঞতাৰে পুষ্ট প্রশিক্ষণপ্রাপ্ত ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়। লগতে বেংক, বিশ্ববিদ্যালয়, আই.আই.টি, ইঞ্জিনিয়াৰিং, বিভিন্ন উদ্যোগ বিভাগৰ ব্যক্তি আদিয়ে অংশ গ্রহণ কৰি প্রশিক্ষার্থী সকলক স্বাৱলম্বিতাৰ আঁচনি আৰু অন্যান্য বিষয়ৰ ওপৰত অভিজ্ঞতা আগবঢ়ায়।