➮ আধুনিক জাৱনশৈলীত ইলেক্ট্ৰনিক সামগ্ৰীৰ ব্যৱহাৰ অতি দ্ৰতগতিত ব্যৱহাৰ হৈছে৷ প্ৰতিটো সামগ্ৰী বা ব্যৱহৃত সম্পদতে ইলেক্ট্ৰিকৰ প্ৰয়োজন ক্ৰমান্বয়ে বাঢ়ি গৈছে৷ উদ্যোগিক খণ্ডৰ লগতে, কল-কাৰখানা, ভিন্ন নিৰ্মাণ কোম্পানী, গাড়ী-মটৰৰ পৰা আৰম্ভ কৰি ঘৰুৱা ব্যৱহাৰ্য বিদ্যুতচালিত সামগ্ৰীত ইলেক্ট্ৰিকৰ প্ৰয়োজন অতি বেছি৷ সেই অনুসাৰে প্ৰতিটো ক্ষেত্ৰতে একো একোজন দক্ষ অপাৰেটৰ, ইঞ্জিনিয়াৰ বা সেই সামগ্ৰীবোৰৰ মানদণ্ড কেনেধৰণৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে প্ৰয়োজন হোৱা বিভাগটোৱেই হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগ৷ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং হৈছে ইঞ্জিনিয়াৰিঙৰ এক শাখা৷ যিয়ে বিদ্যুৎ, ইলেক্ট্ৰনিক্স আৰু বৈদ্যুতিক চুম্বকত্ব ব্যৱহাৰ কৰা যন্ত্ৰ, ইঞ্জিনিয়াৰিং সঁজুলি আৰু প্ৰণালীৰ বিশদভাৱে অধ্যয়ন, নক্সা আৰু প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷ অৰ্থাৎ বৃহৎ শক্তি বিতৰণ ব্যৱস্থাৰ পৰা আৰম্ভ কৰি অতি সৰু মাইক্ৰ’চিপলৈকে আধুনিক প্ৰযুক্তিৰ মূল চালিকা শক্তি হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং। সেই অনুসাৰে কৰ্মক্ষেত্ৰখনো অতি সম্ভাৱনাময়৷ বহুল পৰিমাণে চাহিদা থকা এটা বিভাগ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং৷ কিন্তু এই ক্ষেত্ৰখনত সুযোগ-সুবিধা লাভৰ বাবে দক্ষ হ’ব লাগিব৷ তাৰ বাবে অধ্যয়নৰ প্ৰয়োজন৷ যি অধ্যয়নৰ ফলত কৰ্মদক্ষতাৰে পৰৱৰ্তী পৰ্যায়ত সহজতে কৰামসংস্থাপন লাভ কৰিব পাৰিব৷ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্লমা হৈছে ৩ বছৰীয়া পলিটেকনিক পাঠ্যক্ৰম৷ পাঠ্যক্ৰমত বৈদ্যুতিক প্ৰণালী, শক্তি উৎপাদন আৰু ছাৰ্কিট ডিজাইনৰ ওপৰত শিক্ষা প্ৰদান কৰা হয়। এই পাঠ্যক্ৰমে শিক্ষাৰ্থীসকলক দক্ষ বৈদ্যুতিক টেকনিচিয়ান, ছাইট ছুপাৰভাইজাৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে গঢ়ি তোলাৰ লগতে যাতে তেওঁলোকে তৎক্ষণাত উদ্যোগক্ষেত্ৰত কাম কৰিবলৈ পূৰ্ণৰূপে সুযোগ পাব পাৰে৷
➮ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্লোমা পাঠ্যক্ৰমটো কেনেধৰণৰ হয়?
ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্লোমা হৈছে দশম শ্ৰেণীৰ পিছত ইলেক্ট্ৰিকেল আৰু ইঞ্জিনিয়াৰিং ক্ষেত্ৰত উজ্জ্বল ভৱিষ্যৎ গঢ়িব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে অন্যতম জনপ্ৰিয় আৰু কেৰিয়াৰমুখী কাৰিকৰী ডিপ্লোমা পাঠ্যক্ৰম। এই পাঠ্যক্ৰমে বৈদ্যুতিক ব্যৱস্থা, ছাৰ্কিট, মেচিন, শক্তি উৎপাদন, ৱায়াৰিং, ইনষ্টলেচন, নিয়ন্ত্ৰণ ব্যৱস্থা আৰু ৰক্ষণাবেক্ষণৰ বিষয়ে ব্যৱহাৰিক আৰু উদ্যোগমুখী জ্ঞান প্ৰদান কৰে। দশম শ্ৰেণীৰ পিছত পলিটেকনিক পাঠ্যক্ৰম, ইঞ্জিনিয়াৰিং ডিপ্লোমা পাঠ্যক্ৰম আৰু চাকৰিমুখী কাৰিকৰী শিক্ষাৰ সন্ধান কৰা শিক্ষাৰ্থীৰ বাবে ই এক উৎকৃষ্ট বিকল্প হিচাপে গ্ৰহণ কৰিব পাৰে।
বৰ্তমান ভাৰতত দক্ষ বৈদ্যুতিক পেচাদাৰীৰ চাহিদা দ্রুতগতিত বৃদ্ধি পাইছে৷ কিয়নো বিদ্যুতৰ ব্যৱহাৰ সকলোবোৰ উদ্যোগ, ঘৰ, কাৰ্যালয়, কাৰখানা, চিকিৎসালয় আৰু ৰাজহুৱা কৰ্মক্ষেত্ৰত মূল সম্পদ হৈ পৰিছে। শক্তি উৎপাদন কেন্দ্ৰ, উৎপাদন ইউনিট, ৰে’লৱে, নিৰ্মাণ, সৌৰ শক্তি আৰু স্বয়ংক্ৰিয় ব্যৱস্থালৈকে প্ৰায় সকলো ক্ষেত্ৰতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আৰু টেকনিচিয়ানৰ প্ৰয়োজন হয়। সেইবাবেই ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্লোমা পাঠ্যক্ৰমক ব্যৱহাৰিক জ্ঞান, উন্নত চাকৰিৰ সুযোগ আৰু দীৰ্ঘম্যাদী কেৰিয়াৰ বৃদ্ধিৰ বাবে অন্যতম উত্তম বিকল্প হিচাপে গণ্য কৰা হৈছে।
এই ডিপ্লোমা সম্পূৰ্ণ কৰা শিক্ষাৰ্থীয়ে চৰকাৰী আৰু ব্যক্তিগত খণ্ডত কাম কৰিব পাৰে অথবা B.Tech, AMIE, উন্নত অটোমেচন পাঠ্যক্ৰম, নবীকৰণযোগ্য শক্তি প্ৰমাণপত্ৰ অথবা উদ্যোগিক প্ৰশিক্ষণ কাৰ্যসূচীৰ দৰে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে। বিশেষকৈ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত শিক্ষাগ্ৰহণ কৰি নিয়মীয়া চাকৰিৰ বাবে দশম শ্ৰেণীৰ পিছৰ কেৰিয়াৰৰ সুযোগ বিচৰা শিক্ষাৰ্থীৰ বাবে অতি উপযোগী।
৩ বছৰৰ পলিটেকনিক ডিপ্লমা পাঠ্যক্ৰমত শিক্ষাৰ্থীক বৈদ্যুতিক প্ৰযুক্তিৰ মৌলিক আৰু উন্নত ধাৰণাসমূহ শিকোৱা হয়৷ পাঠ্যক্ৰমত বৈদ্যুতিক তত্ত্ব, ব্যৱহাৰিক লেবৰ ক্লাছ, ৱৰ্কশ্বপ প্ৰশিক্ষণ, উদ্যোগিক প্ৰয়োগ আৰু প্ৰকল্পভিত্তিক শিক্ষা দিয়া হয়। শিক্ষাৰ্থীজনে পৰৱৰ্তী সময়ত কৰ্মক্ষেত্ৰত বৈদ্যুতিক ব্যৱস্থা আৰু সঁজুলিৰ ডিজাইন, পৰিচালনা, পৰীক্ষা, মেৰামতি আৰু সুৰক্ষা প্ৰদান কৰাৰ ওপৰত জ্ঞান দিয়া হয়৷
যদি উক্ত বিষয়টো বিস্তৃতভাৱে পৰ্যালোচনা কৰা যায়, সাধাৰণতে কেইবাটাও বিশেষ উপ-শাখাত বিভক্ত হৈ আছে —
• শক্তি ইঞ্জিনিয়াৰিং (Power Engineering): বিদ্যুৎ উৎপাদন, সঞ্চালন আৰু বিতৰণৰ সৈতে জড়িত। ইয়াত পৰম্পৰাগত বিদ্যুৎ কেন্দ্ৰ, স্মাৰ্ট গ্ৰিড আৰু সৌৰ আৰু বায়ু শক্তিৰ দৰে নবীকৰণযোগ্য শক্তি ব্যৱস্থাও অন্তৰ্ভুক্ত।
• ইলেক্ট্ৰনিক্স (Electronics): ছাৰ্কিট ব’ৰ্ড, মাইক্ৰ’প্ৰচেছৰ আৰু ছেমিকণ্ডাক্টৰ ডিভাইচ ডিজাইন আৰু পৰীক্ষা কৰা।
• দূৰসংযোগ ব্যৱস্থা (Telecommunications): ফাইবাৰ অপ্টিক, ৰেডিঅ’ তৰংগ আৰু উপগ্ৰহৰ জৰিয়তে দীঘলীয়া দূৰত্বৰ তথ্য প্ৰেৰণ ব্যৱস্থাপনা (যেনে 5G, Wi-Fi ইত্যাদি)।
• নিয়ন্ত্ৰণ ব্যৱস্থা (Control Systems): ৰ’বটিক্স, মহাকাশ বিজ্ঞান আৰু উৎপাদন উদ্যোগত ব্যৱহৃত জটিল ব্যৱস্থাসমূহ নিয়ন্ত্ৰণ আৰু স্বয়ংক্ৰিয় কৰা।
• সংকেত প্ৰক্ৰিয়াকৰণ (Signal Processing): সংকেতৰ বিশ্লেষণ আৰু পৰিবৰ্তন কৰা৷ চিকিৎসা পদ্ধতিত ইমেজিং আৰু অডিঅ’ ইঞ্জিনিয়াৰিঙৰ দৰে প্ৰযুক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ।
➮ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰসকলৰ মূলত কামবোৰ কি?
ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰসকল হৈছে পেছাদাৰী বৈদ্যুতিক আসোঁৱাহক সমাধানকাৰী বুলিও ধৰিব পাৰি৷ যিসকলে বৈদ্যুতিক প্ৰণালী চিন্তা-ভাবনা, নিৰ্মাণ আৰু সুৰক্ষা প্ৰদান কৰে। আমাৰ দৈনন্দিন কামসমূহ সাধাৰণতে এই ইঞ্জিনিয়াৰিঙৰ সৈতে জড়িত থাকে—
• শক্তি উৎপাদনৰ নতুন পদ্ধতি উদ্ভাৱন কৰা আৰু শক্তিৰ অপচয় কমোৱাৰ উপায় ডিজাইন কৰা।
• স্বাস্থ্যসেৱা (যেনে MRI মেচিন) অথবা পৰিবহণ ব্যৱস্থা (যেনে বৈদ্যুতিক বাহন)ৰ বাবে জটিল বৈদ্যুতিক প্ৰণালী উন্নয়ন কৰা।
• মাইক্ৰ’কণ্ট্ৰ’লাৰৰ বাবে কোড লিখা, AutoCAD আৰু MATLABৰ দৰে ছফ্টৱেৰ সঁজুলি ব্যৱহাৰ কৰা।
• সুৰক্ষা আৰু কাৰ্যক্ষমতা নিশ্চিত কৰিবলৈ প্ৰ’ট’টাইপ পৰীক্ষা কৰা আৰু যন্ত্ৰপাতিৰ ত্ৰুটি চিনাক্ত কৰি সমাধান কৰা।
➮ এই পাঠ্যক্ৰমত বিশেষকৈ সেইসকলৰ শিক্ষাৰ্থীৰ বাবে উপযোগী বা যিসকলে আগ্ৰহী তেওঁলোকে শিকিব পাৰিব —
• বৈদ্যুতিক ছাৰ্কিট আৰু ৱায়াৰিং
• শক্তি উৎপাদন আৰু সঞ্চালন
• বৈদ্যুতিক মেচিন
• ট্ৰান্সফৰ্মাৰ আৰু জেনেৰেটৰ
• উদ্যোগিক অটোমেচন
• কণ্ট্ৰ’ল পেনেল আৰু ছুইচগিয়াৰ
• বৈদ্যুতিক ৰক্ষণাবেক্ষণ আৰু ত্ৰুটি সমাধান
• নবীকৰণযোগ্য শক্তি ব্যৱস্থা
• বৈদ্যুতিক সুৰক্ষা আৰু ইনষ্ট্ৰুমেণ্টেচন
উক্ত ডিপ্লমা পাঠ্যক্ৰম এনেদৰে প্ৰস্তুত কৰা হৈছে যাতে শিক্ষাৰ্থীসকল উদ্যোগৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হয়। শ্ৰেণীকক্ষত অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষাৰ সৈতে হাতে-কামে অভিজ্ঞতাৰ সমন্বয় ঘটাই শিক্ষাৰ্থীজনক কাৰিকৰী জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা বৃদ্ধি কৰাটোৱেই মূল লক্ষ্য।
এই পাঠ্যক্ৰম যিসকলে বাছনি কৰিব তাৰো বহু কাৰণ আছে। প্ৰথমতে, এই পাঠ্যক্ৰম হৈছে উচ্চ চাহিদাসম্পন্ন কাৰিকৰী পাঠ্যক্ৰম৷ লগতে উন্নত নিয়োগৰ সুযোগ আছে। দ্বিতীয়তে, ইঞ্জিনিয়াৰিঙৰ অন্যতম গুৰুত্বপূৰ্ণ শাখাত শক্তিশালী ভূমিকা আছে। তৃতীয়তে, ব্যৱহাৰিক পাঠ্যক্ৰম৷ যিয়ে বাস্তৱ জগতৰ কাৰিকৰী দক্ষতা বিকাশতো সহায় কৰে। লগতে ক’ব পাৰি ‘ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং’ হৈছে সুলভ কাৰিকৰী শিক্ষা, চাকৰিমুখী পাঠ্যক্ৰম, উন্নত সঠিক কেৰিয়াৰ সুযোগ পাব পৰা, চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সুযোগ নিশ্চিতভাৱে পাব পাৰি, ডিপ্লোমাৰ পিছত উচ্চ শিক্ষাৰ সুযোগ পাব পাৰি, বৈদ্যুতিক, অটোমেচন আৰু নবীকৰণযোগ্য শক্তি খণ্ডত বর্ধিত চাহিদা থকা পাঠ্যক্ৰম৷
➮ এতিয়া আহোঁ ‘ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং’ শাখাত প্ৰয়োজনীয় মৌলিক যোগ্যতাসমূহঃ
• দশম শ্ৰেণী/HSLC উত্তীৰ্ণ হ’ব লাগিব
• বিজ্ঞান আৰু গণিত বা অংক পছন্দৰ বিষয় হ’ব লাগিব
• ন্যূনতম নম্বৰ (প্ৰতিষ্ঠানভেদে ভিন্ন হ’ব পাৰে)
• কিছুমান কলেজত মেধাৰ ভিত্তিত পোনপটীয়া ভৰ্তি
• ITI বা বৃত্তিমূলক শিক্ষাৰ্থীৰ বাবে লেটাৰেল এণ্ট্ৰিৰ সুবিধা থাকিব পাৰে
‘ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং’ পাঠ্যক্ৰম গ্ৰহণৰ বাবে গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত বামুণীমৈদামৰ উদ্যোগিক পামত থকা ‘অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান’ত নামভৰ্তিৰ পূৰ্ণ সুযোগ পাব পাৰিব৷ অসম তথা গুৱাহাটী, উত্তৰ-পূব ভাৰত আৰু অন্যান্য অঞ্চলৰ শিক্ষাৰ্থীয়েও নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰে।
এই পাঠ্যক্ৰম সাধাৰণতে ৩ বছৰত ৬টা ছেমিষ্টাৰত বিভক্ত কৰা হৈছে প্ৰতিটো ছেমিষ্টাৰত তত্ত্ব, ব্যৱহাৰিক ক্লাছ, লেবত প্ৰশিক্ষণ, অভ্যন্তৰীণ মূল্যায়ন আৰু উদ্যোগিক অভিজ্ঞতা অন্তৰ্ভুক্ত থাকিব।
আকৌ কিছুমান প্ৰতিষ্ঠানে যোগ্য শিক্ষাৰ্থীৰ বাবে লেটাৰেল এণ্ট্ৰিৰ সুবিধা দিয়ে, যাৰ ফলত দ্বিতীয় বৰ্ষৰ পৰা যোগদান কৰি ২ বছৰত পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পাৰে।
➮ নামভৰ্তি প্ৰক্ৰিয়া কেনেদৰে সম্পন্ন হয়?
• মেধাভিত্তিক ভৰ্তি
• প্ৰৱেশিকা পৰীক্ষা
• পোনপটীয়া ভৰ্তি
• কাউন্সেলিং প্ৰক্ৰিয়া
• লেটাৰেল এণ্ট্ৰি ভৰ্তি
➮ প্ৰয়োজনীয় নথিপত্ৰ কি কি লাগিব?
• দশম শ্ৰেণীৰ মাৰ্কশ্বিট
• এডমিট কাৰ্ড
• বিদ্যালয়ৰ প্ৰমাণপত্ৰ
• পাছপ’ৰ্ট আকাৰৰ ফটো
• পৰিচয়পত্ৰ
• জাতি প্ৰমাণপত্ৰ (যদি প্ৰযোজ্য)
• মাইগ্ৰেচন প্ৰমাণপত্ৰ (যদি প্ৰয়োজন হয়)
➮ পাঠ্যক্ৰমত কি কি সূচী থাকিব?
সাধাৰণ বিষয়সমূহঃ
• বেচিক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং
• ইঞ্জিনিয়াৰিং গণিত
• ইঞ্জিনিয়াৰিং পদাৰ্থবিজ্ঞান
• ইলেক্ট্ৰিকেল ছাৰ্কিট থিয়ৰি
• ইলেক্ট্ৰিকেল মেচিন
• শক্তি উৎপাদন
• সঞ্চালন আৰু বিতৰণ
• বৈদ্যুতিক পৰিমাপ আৰু যন্ত্ৰ
• কণ্ট্ৰ’ল ছিষ্টেম
• উদ্যোগিক ইলেক্ট্ৰনিক্স
• ৱায়াৰিং আৰু ইনষ্টলেচন
• ছুইচগিয়াৰ আৰু সুৰক্ষা
• নবীকৰণযোগ্য শক্তি ব্যৱস্থা
• মাইক্ৰ’প্ৰচেছৰ আৰু মাইক্ৰ’কণ্ট্ৰ’লাৰ
• PLC আৰু অটোমেচন
• বৈদ্যুতিক ৰক্ষণাবেক্ষণ
• ডিজিটেল ইলেক্ট্ৰনিক্স
• কম্পিউটাৰ এপ্লিকেচন
এই পাঠ্যক্ৰমৰ অন্যতম শক্তিশালী দিশ হৈছে ব্যৱহাৰিক প্ৰশিক্ষণ। শিক্ষাৰ্থীয়ে বাস্তৱ জীৱনত বৈদ্যুতিক ব্যৱস্থা কেনেদৰে কাম কৰে সেয়া শিকাৰ মূল চাবিকাঠি।
➮ ব্যৱহাৰিক দক্ষতাসমূহ কি কি?
• বৈদ্যুতিক ৱায়াৰিং
• মটৰ ষ্টাৰ্টাৰ সংযোগ
• ট্ৰান্সফৰ্মাৰ পৰীক্ষা
• ত্ৰুটি চিনাক্তকৰণ
• ছাৰ্কিট সংযোজন
• পেনেল ব’ৰ্ড ৰক্ষণাবেক্ষণ
• বৈদ্যুতিক ড্ৰইং আৰু ইনষ্টলেচন
• শক্তি যোগান ব্যৱস্থা
• উদ্যোগিক বৈদ্যুতিক সুৰক্ষা
• মৌলিক অটোমেচন আৰু নিয়ন্ত্ৰণ
ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্লোমাৰ পিছত প্ৰশিক্ষিত শিক্ষাৰ্থী এজনৰ বাবে চাকৰি বা কেৰিয়াৰৰ সুযোগ অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত৷ সেয়েহে সম্ভাব্য চাকৰিৰ ক্ষেত্ৰসমূহ এনেধৰণৰ হয় –
• ইলেক্ট্ৰিকেল টেকনিচিয়ান
• জুনিয়ৰ ইঞ্জিনিয়াৰ
• ৰক্ষণাবেক্ষণ টেকনিচিয়ান
• শক্তি উৎপাদন কেন্দ্ৰ অপাৰেটৰ
• ছাইট ছুপাৰভাইজাৰ
• ইলেক্ট্ৰিকেল ইনষ্টলাৰ
• কণ্ট্ৰ’ল পেনেল টেকনিচিয়ান
• ছাৰ্ভিচ ইঞ্জিনিয়াৰ
• উদ্যোগিক ইলেক্ট্ৰিচিয়ান
• ফিল্ড ইঞ্জিনিয়াৰ
• অটোমেচন টেকনিচিয়ান
চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সুযোগ কেনেধৰণ হয়?
উদাহৰণস্বৰূপে চৰকাৰী খণ্ডবোৰ হ’ব পাৰে-
• ৰে’লৱে
• ৰাজ্যিক বিদ্যুৎ ব’ৰ্ড
• পাব্লিক ৱৰ্কছ বিভাগ
• শক্তি বিতৰণ কোম্পানী
• PSU
• ডিফেন্স কাৰিকৰী বিভাগ
ব্যক্তিগত খণ্ডত নিয়োজনৰ সুবিধাবোৰ হ’ব-
• উৎপাদন উদ্যোগ
• ইলেক্ট্ৰিকেল কোম্পানী
• নিৰ্মাণ প্ৰতিষ্ঠান
• সৌৰ শক্তি কোম্পানী
•অটোমেচন উদ্যোগ
• HVAC কোম্পানী
• টেলিকম খণ্ড
এই পাঠ্যক্ৰম গ্ৰহণ কৰি আনুমানিক বেতন বা উপাৰ্জনৰ দিশটো এনেধৰণৰ হয়-
• নতুন শিক্ষাৰ্থীৰ বাবে- ₹২ লাখ – ₹৩.৫ লাখ বাৰ্ষিক
• অভিজ্ঞ পেচাদাৰী হ’লে- ₹৪ লাখ – ₹৬ লাখ বাৰ্ষিক
• দক্ষ টেকনিচিয়ান বা ইঞ্জিনিয়াৰ বাবে- ₹৬ লাখ বা তাতোধিক হ’ব পাৰে
PLC অটোমেচন, সৌৰ শক্তি, ইলেক্ট্ৰিকেল CAD আৰু কণ্ট্ৰ’ল ছিষ্টেমৰ দৰে অতিৰিক্ত দক্ষতা থাকিলে অধিক বেতন লাভ কৰিব পাৰে।
ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ৩ বছৰীয়া ডিপ্লমা লোৱাৰ পিছত উচ্চ শিক্ষাৰ সুযোগ সুবিধাবোৰ হৈছে এনেধৰণৰ,
• B.Tech in Electrical Engineering
• B.E. in Electrical Engineering
• AMIE
• PLC আৰু SCADA প্ৰশিক্ষণ
• উদ্যোগিক অটোমেচন পাঠ্যক্ৰম
• সৌৰ শক্তি প্ৰমাণপত্ৰ
• ইলেক্ট্ৰিকেল CAD প্ৰশিক্ষণ
ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমমে এগৰাকী শিক্ষাৰ্থীৰ জীৱন উজ্জবল কৰি তুলিব পাৰে৷ লগতে ভৱিষ্যতৰ সময়ত অতিকে সম্ভাৱনা থকা জীৱিকা হৈ পৰিব পাৰে৷ বিশ্বজুৰি সম্প্ৰতি অটোমেচন, গ্ৰীণ এনৰ্জি, স্মাৰ্ট গ্ৰিড, ইলেক্ট্ৰিক বাহন আৰু শক্তি-সঞ্চয়ী ব্যৱস্থাৰ দিশে আগবাঢ়িছে। সেইবাবে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আৰু টেকনিচিয়ানৰ চাহিদা আগন্তুক দিনতো বৃদ্ধি পোৱাটো অতিকে গুৰুত্ব আছে।
ভৱিষ্যতৰ সময়ত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ বিকাশৰ ক্ষেত্ৰসমূহ পৰ্যৱেশিত হ’ব পৰা সম্ভাৱনাবোৰ এনেধণৰ হ’ব পাৰে৷
• সৌৰ শক্তি
• ইলেক্ট্ৰিক বাহন
• স্মাৰ্ট হোম
• উদ্যোগিক অটোমেচন
• ৰ’বটিক্স
• শক্তি ব্যৱস্থা
• নবীকৰণযোগ্য শক্তি প্ৰকল্প
• স্মাৰ্ট গ্ৰিড প্ৰযুক্তি
অৱশেষত এটা কথা উল্লেখ কৰিব পাৰি যে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্লোমা পাঠ্যক্ৰমে ব্যৱহাৰিক, চাকৰিমুখী আৰু ভৱিষ্যতমুখী কেৰিয়াৰ গঢ়িবলৈ বিচৰা শিক্ষাৰ্থীৰ বাবে অন্যতম উত্তম কাৰিকৰী পাঠ্যক্ৰম। এই পাঠ্যক্ৰমে বৈদ্যুতিক ব্যৱস্থা, মেচিন, শক্তি বিতৰণ, অটোমেচন আৰু ৰক্ষণাবেক্ষণৰ শক্তিশালী জ্ঞান প্ৰদান কৰি শিক্ষাৰ্থীক কৰ্মৰ পূৰণ সুযোগ দিব। ইয়াৰ লগতে চৰকাৰী আৰু ব্যক্তিগত খণ্ডত উন্নত মানৰ চাকৰিৰ সুযোগ আৰু উচ্চ শিক্ষাৰ সুবিধাও আছে। যদিহে আপুনি কেৰিয়াৰৰ সুযোগ, কাৰিকৰী দক্ষতা বিকাশ, ভাল উপাৰ্জন আৰু উন্নত মানৰ চাকৰিৰ সুযোগ থকা কোনো পাঠ্যক্ৰম গ্ৰহণ কৰাৰ কথা ভাবিছে, তেন্তে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত ডিপ্লোমা আপোনাৰ বাবে এক উৎকৃষ্ট পাঠ্যক্ৰম হিচাপে নিৰ্বাচিত কৰিব পাৰে৷