■ কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং হৈছে কম্পিউটিং ছিষ্টেমৰ ভৌতিক উপাদানসমূহ (Hardware) আৰু সেইবোৰক সংযোগ কৰা নেটৱৰ্ক (Networking)ক বুজায়। এই দুয়োটাই একেলগে তথ্য প্ৰযুক্তি ক্ষেত্ৰৰ মূল ভেটি গঠন কৰে৷ যাৰ সহায়ত কম্পিউটিং ছিষ্টেমৰ ডিভাইচসমূহে সঠিকভাৱে কাম কৰে৷ একে-অন্য নেটৱৰ্কিং ছিষ্টেমৰ সৈতে যোগাযোগ স্থাপন কৰে আৰু বিভিন্ন তথ্যৰ উৎসক ভাগ-বতৰা কৰিব পাৰে। সম্প্ৰতি সকলোবোৰ কৰ্মক্ষেত্ৰৰ মূল আহিলা হৈছে কম্পিউটাৰ চিষ্টেম বা পদ্ধতিৰ দ্বাৰা সমাপন হয়৷ এই দিশত কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং ব্যৱস্থাৰ চাহিদা অতি দ্ৰুততাৰে বাঢ়ি আহিছে৷ সেই অনুপাতে কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং বা কম্পিউটিং ছিষ্টেমৰ ভিন্ন আসোঁৱাহ দূৰীকৰণৰ বাবে প্ৰযুক্তিগতভাৱে দক্ষতাসম্পন্ন লোকৰ প্ৰয়োজনীয়তা বা গুৰুত্ব আছে৷
■ কম্পিউটাৰ হাৰ্ডৱেৰ কি?
কম্পিউটাৰ হাৰ্ডৱেৰ বুলিলে কম্পিউটাৰ ছিষ্টেমৰ সকলো ভৌতিক আৰু স্পৰ্শ কৰিব পৰা অংশসমূহক বুজায়। এই অংশসমূহ নাথাকিলে কোনো ধৰণৰ ছফ্টৱেৰ চলিব নোৱাৰে। সাধাৰণতে হাৰ্ডৱেৰক ৪ টা মুখ্য কাৰ্যৰ ভিত্তিত ভাগ কৰা হয়ঃ-
১৷ Processing Devices (প্ৰচেছিং ডিভাইচ):
➮ কম্পিউটাৰৰ “মগজু” হিচাপে কাম কৰা অংশসমূহ, যেনে CPU (Central Processing Unit), যিয়ে বিভিন্ন নিৰ্দেশনা সম্পাদন কৰে।
২৷ Memory & Storage (মেম’ৰি আৰু ষ্ট’ৰেজ):
➮ ডাটা সংৰক্ষণ কৰা উপাদানসমূহ, যেনে RAM (Random Access Memory) আৰু Hard Drive (HDD/SSD)।
৩৷ Input Devices (ইনপুট ডিভাইচ):
➮ কম্পিউটাৰৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি, যেনে Keyboard, Mouse আৰু Microphone।
৪৷ Output Devices (আউটপুট ডিভাইচ):
➮ তথ্য উপস্থাপন কৰা হাৰ্ডৱেৰসমূহ, যেনে Monitor, Printer আৰু Speaker।

■ কম্পিউটাৰ নেটৱৰ্কিং কি?
নেটৱৰ্কিং বুলিলে একাধিক কম্পিউটাৰ আৰু ডিভাইচক একেলগে সংযোগ কৰি তথ্য আৰু সম্পদ (যেনে ফাইল বা ইণ্টাৰনেট সংযোগ) আদান-প্ৰদান কৰাৰ ব্যৱস্থাক বুজায়। এই প্ৰক্ৰিয়াত ভৌতিক সঁজুলি আৰু ছফ্টৱেৰ প্ৰট’কল দুয়োটাই ব্যৱহৃত হয়।
১৷ Networking Hardware (নেটৱৰ্কিং হাৰ্ডৱেৰ):
➮ নেটৱৰ্ক গঢ়ি তুলিবলৈ ব্যৱহাৰ কৰা ভৌতিক ডিভাইচসমূহ, যেনে Router, Switch, Modem, Hub আৰু Cable।
২৷ Network Types (নেটৱৰ্কৰ ধৰণ):
➮ সৰু পৰিসৰৰ নেটৱৰ্ক যেনে LAN (Local Area Network — ঘৰ বা কাৰ্যালয়ত ব্যৱহৃত) ৰ পৰা আৰম্ভ কৰি বৃহৎ বৈশ্বিক নেটৱৰ্ক যেনে WAN (Wide Area Network — ইণ্টাৰনেট) লৈকে বিভিন্ন ধৰণৰ নেটৱৰ্ক থাকে।
■ কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং ব্যৱস্থাৰ মুখ্য ধাৰণা আৰু সুৰক্ষা কি?
এই ক্ষেত্ৰৰ পেছাদাৰীসকলে কম্পিউটাৰ আৰু নেটৱৰ্ক ব্যৱস্থাৰ নিৰ্মাণ, ৰক্ষণাবেক্ষণ আৰু সমস্যা সমাধানৰ কাম কৰে। মুখ্য দায়িত্বসমূহ হ’লঃ
■ Computer Assembly & Repair (কম্পিউটাৰ সংযোজন আৰু মেৰামতি):
➮ কম্পিউটাৰৰ ভৌতিক অংশসমূহ সংযোজন কৰা আৰু হাৰ্ডৱেৰজনিত ত্ৰুটি চিনাক্ত কৰি সমাধান কৰা।
■ Topology & Design (টপ’লজি আৰু ডিজাইন):
➮ কম্পিউটাৰসমূহ কেনেকৈ পৰস্পৰৰ সৈতে সংযোগ স্থাপন কৰিব সেয়া পৰিকল্পনা কৰা, যেনে Star, Bus অথবা Mesh Network Design।
■ Security (সুৰক্ষা ব্যৱস্থা):
➮ Hardware Firewall আৰু Secure Protocol ব্যৱহাৰ কৰি নেটৱৰ্কক অননুমোদিত প্ৰৱেশৰ পৰা সুৰক্ষিত ৰখা।
■ আই.টি.আই পাঠ্যক্ৰমৰ অন্তৰ্গত কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং ক’ত কেনেদৰে শিকিব পাৰিব?
গুৱাহাটীৰ বামুণীমৈদামৰ উদ্যোগিক পামত অৱস্থিত Assam Industrial Training Institute (AITI) ৰ দ্বাৰা আগবঢ়োৱা কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং পাঠ্যক্ৰম সম্পূৰ্ণ দক্ষতাভিত্তিক ITI প্ৰশিক্ষণ কাৰ্যসূচী৷ এই পাঠ্যক্ৰমত IT হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং পেছাদাৰৰ চাহিদা পূৰণ কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে। বৰ্তমানৰ ডিজিটেল যুগত কম্পিউটাৰ, নেটৱৰ্ক আৰু ইণ্টাৰনেট ব্যৱস্থা প্ৰায় সকলো সংস্থাৰ মূল ভিত্তি হিচাপে— চৰকাৰী কাৰ্যালয়, বেংক, বিদ্যালয়, চিকিৎসালয়, উদ্যোগ আৰু কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহত ব্যৱহৃত৷
কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং ২ বছৰীয়া ITI কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং পাঠ্যক্ৰম NCVT আৰু SCVT ৰ সৈতে সংযুক্ত৷ শিক্ষাৰ্থীক কম্পিউটাৰ সংযোজন, হাৰ্ডৱেৰ সমস্যা সমাধান, অপাৰেটিং ছিষ্টেম, নেটৱৰ্কিংৰ মৌলিক জ্ঞান আৰু IT সেৱাৰ ওপৰত ব্যৱহাৰিক আৰু হাতে-কলমে প্ৰশিক্ষণ দিয়া হয়। এই পাঠ্যক্ৰম বিশেষকৈ ১০ম শ্ৰেণী উত্তীৰ্ণ শিক্ষাৰ্থীৰ বাবে উপযোগী, যিসকলে প্ৰযুক্তিনিৰ্ভৰ স্থায়ী কেৰিয়াৰ গঢ়ি তুলিব বিচাৰে তেওঁলোকৰ বাবে বেছি সুবিধাজনক।
অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত কেৱল তাত্ত্বিক জ্ঞানেই নহয়, বাস্তৱসম্মত ব্যৱহাৰিক অভিজ্ঞতাৰ ওপৰতো গুৰুত্ব দিয়া হয়৷ যাতে শিক্ষাৰ্থীসকল পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত চাকৰিৰ বাবে সম্পূৰ্ণভাৱে IT টেকনিচিয়ান হৈ উঠিব পাৰে।
■ পাঠ্যক্ৰমৰ সামগ্ৰিক বিৱৰণঃ
পাঠ্যক্ৰমৰ নাম: কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং
সময়সীমা: ২ বছৰ (৪টা ছেমিষ্টাৰ)
যোগ্যতা: ১০ম উত্তীৰ্ণ
সংযুক্তি: NCVT / SCVT
প্ৰমাণপত্ৰ: চৰকাৰ স্বীকৃত ITI কম্পিউটাৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিং
পাঠ্যক্ৰমৰ ধৰণ: বৃত্তিমূলক / দক্ষতা উন্নয়ন
এই পাঠ্যক্ৰমত সুসংগঠিত ITI পাঠ্যক্ৰম অনুসৰণ কৰা হয়, য’ত লেবৰেটৰি অনুশীলন, লাইভ সমস্যা সমাধান আৰু চাকৰিযোগ্য দক্ষতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে কম্পিউটাৰ সংযোজন, হাৰ্ডৱেৰ ত্ৰুটি নিৰ্ণয়, অপাৰেটিং ছিষ্টেম ইনষ্টল, নেটৱৰ্ক কনফিগাৰ আৰু বাস্তৱ ক্ষেত্ৰত টেকনিকেল সহায় আগবঢ়োৱাৰ দক্ষতা লাভ কৰে।
■ পাঠ্যক্ৰমৰ যোগ্যতাৰ মানদণ্ড হিচাপে শিক্ষাগত যোগ্যতা এনে ধৰণৰ
প্ৰাৰ্থীয়ে স্বীকৃত শিক্ষা পৰিষদৰ পৰা ১০ম শ্ৰেণী উত্তীৰ্ণ হ’ব লাগিব।
বয়সৰ সীমা হিচাপে নামভৰ্তিৰ সময়ত ন্যূনতম বয়স ১৪ বছৰ হ’ব লাগিব।
নামভৰ্তি প্ৰক্ৰিয়া হিচাপে নামভৰ্তিত অসম উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত কাউন্সেলিং আৰু মেধাভিত্তিক নিৰ্বাচনৰ জৰিয়তে কৰা হয়।
সংৰক্ষণ আৰু সুবিধাঃ SC/ST/OBC/EWS/BPL শিক্ষাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি মাহিলি ৰেহাই আৰু স্ক’লাৰশ্বিপ সুবিধা উপলব্ধ।
■ প্ৰশিক্ষণ এনেধৰণৰ হ’বঃ
৩৫% তত্ত্বীয় শিক্ষা
৫৫% ব্যৱহাৰিক / লেব প্ৰশিক্ষণ
১০% Employability আৰু Soft Skills
এই প্ৰশিক্ষণ পদ্ধতিয়ে শিক্ষাৰ্থীক অধিক সময় লেবত বাস্তৱ কম্পিউটাৰ আৰু নেটৱৰ্ক ডিভাইচৰ সৈতে কাম কৰাৰ সুযোগ প্ৰদান কৰে।
পাঠ্যক্ৰম আৰু মুখ্য বিষয়বস্তু হৈছে,
হাৰ্ডৱেৰ প্ৰশিক্ষণ হিচাপেঃ
কম্পিউটাৰ আর্কিটেকচাৰৰ মৌলিক জ্ঞান
হাৰ্ডৱেৰ উপাদান চিনাক্তকৰণ
কম্পিউটাৰ Assemble আৰু Disassemble
BIOS আৰু System Configuration
Windows আৰু Linux OS ইনষ্টল আৰু কনফিগাৰ
Peripheral Devices (Printer, Scanner, UPS)
হাৰ্ডৱেৰ সমস্যা সমাধান
■ নেটৱৰ্কিং প্ৰশিক্ষণ হিচাপেঃ
Networking ৰ মৌলিক ধাৰণা (LAN, WAN, MAN)
Network Devices (Hub, Switch, Router, Modem)
Network Cable আৰু Connector
IP Addressing ৰ মৌলিক জ্ঞান
Internet আৰু Broadband Setup
Wi-Fi Configuration আৰু Troubleshooting
Network Security ৰ মৌলিক জ্ঞান
Software আৰু IT Skills
Operating System Management
System Utilities আৰু Diagnostics
Data Backup আৰু Recovery ৰ মৌলিক ধাৰণা
Cyber Security Awareness
Office Automation Tools
IT Documentation আৰু Reporting
Employability Skills
Communication Skills
Workplace Discipline
IT Services ত Customer Handling
Resume Preparation আৰু Interview Skills
■ কেৰিয়াৰ বা নিয়োজনৰ সুযোগ এনেধৰণৰ হ’বঃ
এই পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে বিভিন্ন ক্ষেত্ৰত চাকৰিৰ সুযোগ লাভ কৰিব পাৰে।
চাকৰিৰ ক্ষেত্ৰসমূহ হিচাপে এনেধৰণৰ হয়ঃ
IT Service Companies
Computer Sales আৰু Service Centers
Corporate Offices
Banks আৰু Financial Institutions
Schools, Colleges আৰু Universities
Government Departments
Internet Service Providers
■ চাকৰিৰ পদবোৰ এনেধৰণৰ হ’বঃ
Computer Hardware Technician
Network Support Technician
Desktop Support Engineer
IT Support Executive
System Maintenance Technician
Computer Service Engineer
অভিজ্ঞতা আৰু অতিৰিক্ত Certificationৰ সহায়ত শিক্ষাৰ্থী System Administrator আৰু Network Engineer হিচাপেও আগবাঢ়িব পাৰে।
দৰমহা হিচাপে প্ৰতি মাহত উপাৰ্জন হয় এনেধৰণৰ
Apprenticeship Stipend: ₹৭,০০০ – ₹১০,০০০ (প্ৰতিমাহে)
Entry-Level Salary: ₹১০,০০০ – ₹১৫,০০০ (প্ৰতিমাহে)
Experienced Professionals: ₹২০,০০০ – ₹৩০,০০০ (প্ৰতিমাহে)
Skilled IT Technicians / Network Support: ₹৩৫,০০০+ (প্ৰতিমাহে)
IT খণ্ডত দক্ষতা আৰু অতিৰিক্ত প্ৰশিক্ষণৰ লগে লগে উন্নতিৰ অসংখ্য সুযোগ আছে।